• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এতিয়া এটা Missed Call দিলেই পাব LPG কানেকশ্যন, জানক ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়া

এতিয়া এটা Missed Call দিলেই পাব LPG কানেকশ্যন, জানক ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়া

আইঅ’চিএলে কয় যে এই নম্বৰৰ জৰিয়তে গেছ ৰিফিলো কৰিব পৰা যায়।

আইঅ’চিএলে কয় যে এই নম্বৰৰ জৰিয়তে গেছ ৰিফিলো কৰিব পৰা যায়।

আইঅ’চিএলে কয় যে এই নম্বৰৰ জৰিয়তে গেছ ৰিফিলো কৰিব পৰা যায়।

  • Share this:


এতিয়া আপুনি ৰন্ধন গেছৰ কানেকশ্যন (LPG connection) লোৱাৰ বাবে ডিষ্ট্ৰিবিউটৰৰ অফিচলৈ অহা–যোৱা কৰি থাকিব নালাগে। এতিয়া যদি আপুনি এলপিজি কানেকশ্য ল’ব বিচাৰে তেন্তে কেৱল এটা মিছ কল দিব লাগিব। ইয়াৰ পিছত আপুনি সহজতে লাভ কৰিব এলপিজি কানেকশ্যন।

ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেড (IOCL)–এ টুইট কৰি জনাইছে যে এতিয়া কোনো ব্যক্তিয়ে যদি 8454955555 নম্বৰত মিছকল দিয়ে তেন্তে কোম্পানীয়ে তেওঁক নিজেই যোগাযোগ কৰিব। ইয়াৰ পিছত এড্ৰেছ প্ৰুফ (Address Proof) আৰু আধাৰ (Aadhaar)ৰ জৰিয়তে গেছ কানেকশ্যন লাভ কৰিব।

পুৰণি কানেকশ্যন বিবেচিত হ’ব এড্ৰেছ প্ৰুফ হিচাপে

আইঅ’চিএলে কয় যে এই নম্বৰৰ জৰিয়তে গেছ ৰিফিলো কৰিব পৰা যায়। ইয়াৰ বাবে কেৱল আপুনি ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰৰ পৰা কল কৰিব লাগিব। লগতে কোৱা হৈছে যে যদি আপোনাৰ পৰিয়ালত কোনো সদস্যৰ কোনো কোম্পানীৰ গেছ কানেকশ্যন আছে তেন্তে সেই এড্ৰেছ প্ৰুফতে আপুনি গেছ কানেকশ্যন লাভ কৰিব পাৰে। ইয়াৰ বাবে আপুনি এজেন্সীলৈ গৈ পুৰণি গেছ কানেকশ্যনৰ নথি–পত্ৰ দেখুৱাই এড্ৰেছ ভেৰিফাই কৰিব লাগিব। ইয়াৰ পিছত আপুনিও সেই ঠিকনাত গেছ কানেকশ্যন লাভ কৰিব।

কেনেকৈ বুক কৰিব এলপিজি চিলিণ্ডাৰ

১. নিজৰ ৰেজিষ্টাৰ্ড নম্বৰৰ পৰা 8454955555ত মিছল দিয়ক।

২. ভাৰত বিল পেমেণ্ট ছিষ্টেম (BBPS)ৰ জৰিয়তে এলপিজি চিলিণ্ডাৰ ৰিফিল কৰিব পাৰে।

৩. ইণ্ডিয়ান অইলৰ এপ বা https://cx.indianoil.inৰ জৰিয়তে বুকিং কৰিব পাৰি।

৪. গ্ৰাহকে 7588888824 নম্বৰত হোৱাট্ছএপ মেছেজৰ জৰিয়তেও চিলিণ্ডাৰ বুক কৰিব পাৰে।

৫. ইয়াৰ উপৰি 7718955555 নম্বৰত এছএমএছ বা আইভিআৰএছ কৰি বুকিং কৰিব পাৰে।

৬. এমেজন আৰু পেটিএমৰ জৰিয়তেও চিলিণ্ডাৰ ভৰাব পাৰে।

Published by:Sanjay Kumar Das
First published: