• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • LPG cylinder| ৰন্ধন গেছৰ ৰাজসাহায্যক লৈ ডাঙৰ সিদ্ধান্ত, জানক একাউন্টত টকা সোমোৱাক লৈ সবিশেষ

LPG cylinder| ৰন্ধন গেছৰ ৰাজসাহায্যক লৈ ডাঙৰ সিদ্ধান্ত, জানক একাউন্টত টকা সোমোৱাক লৈ সবিশেষ

LPG cylinder Subsidy- ৰন্ধন গেছৰ ৰাজসাহায্যক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এলপিজি চিলিণ্ডাৰ ক্ৰয়ৰ কাৰণে প্ৰতি চিলিণ্ডাৰত গ্ৰাহকে ১,০০০টকাকৈ আদায় কৰি আছে।

LPG cylinder Subsidy- ৰন্ধন গেছৰ ৰাজসাহায্যক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এলপিজি চিলিণ্ডাৰ ক্ৰয়ৰ কাৰণে প্ৰতি চিলিণ্ডাৰত গ্ৰাহকে ১,০০০টকাকৈ আদায় কৰি আছে।

LPG cylinder Subsidy- ৰন্ধন গেছৰ ৰাজসাহায্যক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এলপিজি চিলিণ্ডাৰ ক্ৰয়ৰ কাৰণে প্ৰতি চিলিণ্ডাৰত গ্ৰাহকে ১,০০০টকাকৈ আদায় কৰি আছে।

  • Share this:
নতুন দিল্লীঃ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ চাবচিডি বা ৰাজসাহায্যক (LPG cylinder Subsidy) লৈ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। চৰকাৰৰ এক আভ্যন্তৰীণ মূল্যাংকনত এই সংকেত (Internal Assessment) পোৱা গৈছিল যে এলপিজি চিলিণ্ডাৰৰ কাৰণে গ্ৰাহকে প্ৰতিটো চিলিণ্ডাৰত 1,000 টকা আদায় কৰিবলগীয়া হ’ব পাৰে। অৱশ্যে চৰকাৰৰ সিদ্ধান্ত এতিয়াও স্পষ্ট ৰূপত পৰিষ্কাৰ হোৱা নাই।

CNBC-TV18ৰ খবৰ মতে, চৰকাৰে চাবচিডিৰ প্ৰসংগত কেইবাবাৰো চৰ্চা কৰিছে কিন্তু কোনো সিদ্ধান্ত এতিয়ালৈকে তৈয়াৰ কৰা নাই। সূত্ৰ মতে, এলপিজিক (LPG cylinder) লৈ চৰকাৰে দুটা সিদ্ধান্ত ল’ব পাৰে। প্ৰথমটো, চৰকাৰে বিনা চাবচিডিৰ চিলিণ্ডাৰ চাপ্লাই কৰা, দ্বিতীয়টো কেতবোৰ নিৰ্বাচিত উপভোক্তাক চাবচিডিৰ সুবিধা আদায় দিয়া। অৱশ্যে চাবচিডি দিয়াক লৈ এতিয়াও কোনো কথা পৰিষ্কাৰকৈ কোৱা হোৱা নাই।

চাবচিডিৰ স্থিতি কি?
বৰ্ষ ২০২০ত যেতিয়া কোৰোণা ভাইৰাছৰ গ্ৰাসত পৰা সমগ্ৰ বিশ্বতে লকডাউন দিয়া হৈছিল সেই সময়ত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছিল। ইয়াৰ ফলত ভাৰত চৰকাৰে এলপিজিৰ ৰাজসাহায্যৰ ক্ষেত্ৰত (LPG Subsidy) যথেষ্ট সকাহ পাইছিল কাৰণে মূল্য কম আছিল আৰু চাবচিডিক লৈ কোনো পৰিৱৰ্তন হোৱা নাছিল। মে’ ২০২০ত বহু ঠাইত এলপিজিৰ চাবচিডি বন্ধ হৈছিল, একাংশক বাদ দি যিসকল দূৰ–দূৰণিত থকা আৰু এলপিজি প্লাণ্টৰ পৰা দূৰৈত থকা।

চৰকাৰৰ প্লেন কি জানক?

চৰকাৰে চাবচিডিক লৈ বিবেচনা কৰি আছে, কিন্তু এই কথা স্পষ্ট যে ১০ লাখ টকা উপাৰ্জনৰ নিয়ম বলৱৎ ৰখা হ’ন আৰু উজ্জ্বলা আঁচনিৰ অধীনত (Ujjwala Scheme) হিতাধিকাৰীয়ে চাবচিডিৰ লাভ পাব। কিন্তু বাকীসকল লোকৰ চাবচিডি শেষ কৰি দিয়া হ’ব পাৰে। উল্লেখ্য যে, এই আঁচনি ২০১৬ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা দৰিদ্ৰ সীমাৰ তলত থকা পৰিয়ালৰ লোকক এলপিজি (LPG connection) কানেকচন প্ৰদান কৰাৰ কাৰণে আৰম্ভ কৰা হৈছিল। ভাৰতত প্ৰায় ২৯ কোটি লোকৰ ওচৰত এলপিজি কানেকচন আছে। ইয়াত উজ্জ্বলা আঁচনিৰ অধীনত প্ৰায় ৮.৮ কোটি এলপিজি কানেকচন আছে। বিত্তীয় বৰ্ষ ২২ত চৰকাৰৰ আঁচনিৰ অধীনত আৰু এক কোটি কানেকচন সংযোগ কৰাৰ আঁচনি প্ৰস্তুত কৰিছে।

চাবচিডিৰ ওপৰত চৰকাৰৰ কিমান খৰছ?

চৰকাৰৰ চাবচিডিৰ খৰছ বিত্তীয় বৰ্ষ ২০২১ৰ সময়ত ৩,৫৫৯ টকা আছিল। বিত্তীয় বৰ্ষ ২০২০ত এই খৰছ ২৪,৪৬৮ কোটি আছিল। দৰাচলতে এয়া ডিবিটি স্কীমৰ অধীনত আছিল যাৰ আৰম্ভনি জানুৱাৰী ২০১৫ত কৰা হৈছিল। ইয়াৰ অধীনত গ্ৰাহকে সম্পূৰ্ণ মূল্য আদায় দিব লাগে আৰু চাবচিডিৰ ধন গ্ৰাহকৰ একাউণ্টলৈ ৰিফাণ্ড কৰা হয়। এই ৰিফাণ্ড পোণপটীয়া হোৱাৰ কাৰণে এই আঁচনিৰ নাম DBTL ৰখা হৈছে।

কিমান মহঙা হ’ল চিলিণ্ডাৰ?

উল্লেখ্য যে, এলপিজি চাবচিডিৰ অধীনত এটা পৰিয়ালে এবছৰত ১২ টা চিলিণ্ডাৰ লাভ কৰে, কিন্তু মে’ ২০২০ৰ পৰা একাংশ বজাৰত ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ ৰাজসাহায্য শূণ্য। শেহতীয়াকৈ ১ ছেপ্তেম্বৰত এলপিজি চিলিণ্ডাৰৰ দাম ২৫ টকা বাঢ়িছিল।
First published:

শেহতীয়া বাতৰি