আজি অসমৰ ক্ৰীড়া ইতিহাসৰ এতিয়ালৈ সবাতোকৈ শ্ৰেষ্ঠ দিন। অসমৰ নাম অলিম্পিকৰ ইতিহাসত সোণালী আখৰেৰে লিখিবলৈ সক্ষম হ'ল লাভলীনা বৰগোহাঁই। ছেমিফাইনেলত প্ৰবেশ কৰাৰ লগে লগে লাভলীনাই নিশ্চিত কৰিলে ব্ৰঞ্জৰ পদক। লাভলীনা পৰিগণিত হ'ল অলিম্পিকৰ পজক বিজয়ী প্ৰথমগৰাকী অসমীয়া খেলিৱৈ। এনে এক ঐতিহাসিক মুহূৰ্তত লাভলীনাকৈ অভিনন্দন আৰু শুভেচ্ছাৰে উপচাই দিছে অসমবাসীয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাক শুভেচ্ছা জনাই লিখিছে, This is a Big Punch...
মন্ত্ৰী অতুল বৰাই লিখিছে, "অদম্য মনোবলেৰে কি দুৰ্দান্ত প্ৰদৰ্শন !"
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অভিনন্দন জনালে লাভলীনাক।
খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই অভিনন্দন জনাই লিখিছে- "অভিনন্দন
#লাভলিনা । দেশবাসী আজি তোমাক লৈ গৌৰৱান্বিত । তুমি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ'বা ।"
মন্ত্ৰী কেশৱ মহন্তই লিখিছে- অসমৰ ক্ৰীড় ইতিহাসত এক সোণালী অধ্যায় ৰচনা হ'ল...
সদৌ সম ছাত্ৰ সন্থাইও শুভেচ্ছা জনাইছে লাভলীনাক। স্বৰ্ণ জয় কৰি অসমৰ নাম উজলাবলৈ জনাইছে শুভকামনা।
ক্ৰীড়া মন্ত্ৰী বিমল বৰাইও অভিনন্দন জনাইছে লাভলীনাক।
ছেমিফাইনেলত তুৰ্কীৰ খেলুৱৈৰ বিপক্ষে খেলিব লাভলীনাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|