মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Lovlina Borgohain : পুত্ৰ সন্তান নথকা বাবে লাভলীনাৰ পিতৃ-মাতৃক গাঁৱৰ মানুহে কৰিছিল ইতিকিং, আজি তিনিও কন্যা দেশৰ গৌৰৱ।

Lovlina Borgohain : পুত্ৰ সন্তান নথকা বাবে লাভলীনাৰ পিতৃ-মাতৃক গাঁৱৰ মানুহে কৰিছিল ইতিকিং, আজি তিনিও কন্যা দেশৰ গৌৰৱ।

News18 Assam | News18-Assam
Updated:August 1, 2021, 12:27 PM IST
Lovlina Borgohain : পুত্ৰ সন্তান নথকা বাবে লাভলীনাৰ পিতৃ-মাতৃক গাঁৱৰ মানুহে কৰিছিল ইতিকিং, আজি তিনিও কন্যা দেশৰ গৌৰৱ।
লাভলীনাই কয়, "মায় প্ৰায়েই কৈছিল, এনেকুৱা কিবা কৰা যাতে কথা শুনোৱা মানুহবোৰ ভুল প্ৰমাণ হয়। মোৰ বাইদেউ দুয়োজনী CISF আৰু BSFৰ চাকৰিয়াল আৰু মই বক্সাৰ।"

লাভলীনাই কয়, "মায় প্ৰায়েই কৈছিল, এনেকুৱা কিবা কৰা যাতে কথা শুনোৱা মানুহবোৰ ভুল প্ৰমাণ হয়। মোৰ বাইদেউ দুয়োজনী CISF আৰু BSFৰ চাকৰিয়াল আৰু মই বক্সাৰ।"

  • Share this:
৪ আগষ্টলৈ দিন চমু চাপি অহাৰ লগে লগে অসমবাসীৰ উৎকণ্ঠা বাঢ়িব ধৰিছে। লাভলীনাই পদক নিশ্চিত কৰি ইতিমধ্যে ইতিহাস ৰচিছে। কিন্তু লাভলীনাৰ লক্ষ্য হৈছে সোণৰ পদক। অসম তথা সমগ্ৰ দেশৰ আশা লাভলীনাই স্বৰ্ণ জয় কৰিব। কিন্তু এইগৰাকী লাভলীনা বৰগোহাঁইৰ উত্থানৰ কাহিনী কোনো কল্প কাহিনীতকৈ কম নহয়।

গোলাঘাটৰ বৰপথাৰৰ লাভলীনাৰ গাঁৱখনত ঘৰত এটি পুত্ৰ সন্তান নথকাৰ বাবে পদে পদে উপলুঙা সহিব লগা হৈছিল লাভলীনাৰ পিতৃ মাতৃয়ে। উল্লেখ্য যে লাভলীনাৰ পৰিয়ালত আছে পিতৃ-মাতৃৰ লগতে দুগৰাকী বায়েক। যমজ বায়েক লিচা আৰু লীমাৰ পিছতে লাভলীনাৰ জন্ম হৈছিল। যেন সৌভাগ্যৰ বাৰ্তা লৈ বাৰমখীয়াৰ টিকেন বৰগোহাঁইৰ ঘৰলৈ নামি আহিছিল গংগা-যমুনা-সৰস্বতী।

পুত্ৰহীন টিকেন বৰগোৰহাঁই আৰু লাভলীনাৰ মাকে এসময়ত সহিবলগা হৈছিল পুত্ৰ নথকাৰ দুখ। কিন্তু লাভলীনাৰ উত্থানৰ পিছৰ পৰা যেন ৰাইজেও বুজিলে পুত্ৰ ধনতকৈও অমূল্য ধন আছে টিকেন বৰগোহাঁইৰ ঘৰত। এতিয়া সেই লোকসকলৰ বাবেও লাভলীনা হৈ পৰিছে মৰমৰ।

Indian Expressত দিয়া এক সাক্ষাৎকাৰত লাভলীনাই কয়, "মোৰ মনত আছে, তিনিজনীয়েই ছোৱালী, ল'ৰা এটাও নথকা বাবে মা-দেউতাক গাঁৱৰ মানুহে কিদৰে ঠাট্টা কৰিছিল।"

লাভলীনাই আকৌ কয়, "মায় প্ৰায়েই কৈছিল, এনেকুৱা কিবা কৰা যাতে কথা শুনোৱা মানুহবোৰ ভুল প্ৰমাণ হয়। মোৰ বাইদেউ দুয়োজনী CISF আৰু BSFৰ চাকৰিয়াল আৰু মই বক্সাৰ।"

১৯৯৭ চনৰ ২ অক্টোবৰত জন্ম হৈছিল লাভলীনাৰ। লাভলীনাৰ প্ৰথম প্ৰেৰণা আছিল দুই বায়েক লিচা আৰু লিমা। লিচা আৰু লীমাই কিক বক্সিং খেলত ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছিল সফলতা। লাভলীনাইও দুই বায়েকক দেখি ১২ বছৰ বয়সতে আৰম্ভ কৰিছিল মুৱাই থাইৰ শিক্ষা। তাৰ পিছত বক্সিঙলৈ ঢাপলি মেলে লাভলীনাই।

২৩ বছৰীয়া লাভলীনাই ছেমি ফাইনেলত প্ৰবেশ কৰিবলৈ পৰাস্ত কৰিছিল বিশ্বৰ দুই নম্বৰ খেলুৱৈ চেন নিয়েন চিনক । ৪ আগষ্টত লাভলীনাই যুঁজিব বুচেনাজ ছাৰমেনেলিৰ বিৰুদ্ধে।
Published by: Manjumoni Borah
First published: August 1, 2021, 10:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি