Lovlina Borgohain : শিকা, খেলা, যুঁজা আৰু বিশ্ব জয় কৰাঁ...অসমৰ লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু যুৱসমাজক এই বাৰ্তা দিলে লাভলীনা বৰগোহাঁইয়ে।
Lovlina Borgohain : শিকা, খেলা, যুঁজা আৰু বিশ্ব জয় কৰাঁ...অসমৰ লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু যুৱসমাজক এই বাৰ্তা দিলে লাভলীনা বৰগোহাঁইয়ে।
অলিম্পিক (Tokyo Olympics)ত ব্ৰঞ্জৰ পদক জয় কৰি অসমেই নহয় সমগ্ৰ দেশক গৌৰৱন্বিত কৰি তুলিছে অসমৰ বজ্ৰকন্যা লাভলীনা বৰগোহাঁই (Lovlina Borgohain)য়ে। সমগ্ৰ অসমৰ হিয়াৰ আমঠু হৈ পৰিছে এইগৰাকী দুৰন্ত প্ৰতিভাধৰ বক্সাৰ। স্বৰ্ণকন্যা হিমা দাসৰ পিছত লাভলীনাই অসমৰ যুৱচামক যেন নতুনকৈ উদ্বেলিত কৰি তুলিছে নতুন দৃষ্টিৰে, নতুন শক্তিৰে।
এইবাৰ অসমৰ শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে পণ লৈছে লাভলীনাই। লাভলীনাই দায়িত্ব লৈছে সমগ্ৰ শিক্ষা, অসম (Samagra Shiksha, Assam)ৰ ব্ৰেণ্ড এম্বেছাদৰৰূপে। অসম এৰাৰ আগমুহূৰ্তত লাভলীনাই দি গৈছে অসমৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকললৈ জীৱন জয়ৰ মন্ত্ৰ- 'শিকা, খেলা, যুঁজা আৰু বিশ্ব জয় কৰাঁ'। সমগ্ৰ শিক্ষা, অসমৰ এক ভিডিঅ'যোগে শিক্ষাৰ্থী আৰু যুৱচামক উৎসাহিত কৰাৰ বাবে দিছে বিশেষ বাৰ্তা। চওক এই ভিডিঅ'।
লাভলীনাৰ বাৰ্তা হ'ল- শিকা, খেলা, যুঁজা আৰু বিশ্ব জয় কৰাঁ (learn, play, fight and win the world...)...। নিজৰ ভিডিঅ' শ্বেয়াৰ কৰি এইদৰে লিখিলে লাভলীনা বৰগোহাঁইয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|