টকিঅ'ৰ ৩২ সংখ্যক অলিম্পিক গেমছ! অলিম্পিকৰ বাবে সম্পূৰ্ণ ৰূপে সাজু অসমৰ বক্সাৰ লাভলিনা বৰগোঁহাই। জাপানৰ ৰাজধানী চহৰত উজলি উঠক অসমৰ জিয়ৰী লাভলিনা বৰগোঁহাই।
অলিম্পিকলৈ মাজতে দুদিন থকা অৱস্থাত লাভলিনা বৰগোঁহাইকলৈ যথেষ্ট উৎসাহী আৰু আনন্দিত হৈছে ৰাজ্যবাসী। ৰাজ্যবাসীয়ে আশা কৰিছে লাভলিনাই টকিঅ'ৰ পৰা অসমলৈ বুটলি আনিব স্বৰ্ণপদক।
বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধ "অলিম্পিক গেমছ"ত অংশ ল'বলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী তথা একমাত্ৰ মহিলা খেলুৱৈ লাভলিনা বৰগোঁহাইৰ বাবে মঙলবাৰে চৰকাৰে অসম বিধান সভাৰ সদনত শুভেচ্ছাৰ প্ৰস্তাৱ পাঠ কৰে। বিধানসভাৰ সদনত চৰকাৰৰহৈ শুভেচ্ছাৰ প্ৰস্তাৱ পাঠ কৰে সংসদীয় পৰিক্ৰমা, জলসম্পদ আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাই।
লাভলিনা বৰগোহাঁইকলৈ ৰাজ্য চৰকাৰে অনা শুভেচ্ছাৰ প্ৰস্তাৱক শাসক বিৰোধী সকলো দল আৰু বিধায়কে আদৰণি জনায়। সকলোৱে অলিম্পিকৰ বাবে লাভলিনা বৰগোঁহাইক শুভেচ্ছা জনায়। সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে লাভলিনা বৰগোহাঁইৰ সফলতাৰ বাবে ওলিয়াইছে Go for Glory শ্লোগান।
লাভলিনা বৰগোঁহাইৰ গৃহ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত বুধবাৰে পুৱা মহানগৰীৰ লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ অনুষ্ঠিত হ'ব Go for Glory চাইকেল ৰেলী। লাভলিনাক উৎসাহিত কৰিবলৈ উক্ত চাইকেল ৰেলীত অংশলৈ চাইকেল চলাব স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো।
ইফালে অসম বিধানসভাৰ মজিয়াত শুকুৰবাৰে বিত্ত মন্ত্ৰীয়ে দাখিল কৰা বাজেটত লাভলিনা বৰগোঁহাইৰ উপাধিটো ভুলহৈ বুঢ়াগোহাঁই হৈ আছিল। ভুলটো সোমবাৰে সদনত আঙুলিয়াই দিছিল বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে দেখুৱাই দিয়া ভুল শুধৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে বিত্তমন্ত্ৰীয়ে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 20, 2021, 18:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।