লাভলীনাই কয়, "এতিয়াই এই জয়ক লৈ মই বৰ বেছি ভাবি থকা নাই...মোৰ মন-মগজুত পৰৱৰ্তী খেলখনৰ কথাই দোলা দি আছে।"
লাভলীনাই কয়, "এতিয়াই এই জয়ক লৈ মই বৰ বেছি ভাবি থকা নাই...মোৰ মন-মগজুত পৰৱৰ্তী খেলখনৰ কথাই দোলা দি আছে।"
কোৱাৰ্টাৰ ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে টকিঅ' অলিম্পিক (Tokyo Olympics 2020)ৰ ছেমি ফাইনেলত প্ৰবেশ কৰাৰ পিছতে সমগ্ৰ ৰাজ্যত বৈছে আনন্দৰ লহৰ। এই ঐতিহাসিক মুহূৰ্তত অসমবাসীলৈ জাপান (Japan)ৰ পৰাই লাভলীনা (Lovlina Borgohai)ই পঠিয়াইছে এক বাৰ্তা।
লাভলীনাই কৈছে- "মই এতিয়াই আপোনালোকক ধন্যবাদ বা কৃতজ্ঞতা নজনাও। একেবাৰে ফাইনেলৰ পিছতহে মই আপোনালোকক ধন্যবাদ জনাম।"
লাভলীনাই আকৌ কয়, "এতিয়াই এই জয়ক লৈ মই বৰ বেছি ভাবি থকা নাই...মোৰ মন-মগজুত পৰৱৰ্তী খেলখনৰ কথাই দোলা দি আছে।"
অসমক বিশ্ব দৰবাৰত জিলিকাই তোলা লাভলীনাই লগতে এই কথাও কয় যে "আৰম্ভণিৰ দিনত গ্ৰহণ কৰা কিক-বক্সিঙৰ প্ৰশিক্ষণে তেওঁক যথেষ্ট সহায় কৰিছে।"
NEWS18লৈ প্ৰেৰণ কৰা বাৰ্তাত এই কথা প্ৰকাশ কৰিছে লাভলীনাই। আমিও লাভলীনালৈ অলেখ অভিনন্দন জনোৱাৰ লগতে লাভলীনাই স্বৰ্ণ জয় কৰি আহক তাৰ বাবে যাঁচিছোঁ শুভকামনা।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|