লংলেঙক চিনি পাই নে? ১১১৭ দিন উৰি আহি আকৌ পালেহি অসম

News18 Assam | News18-Assam
Updated:November 27, 2019, 5:10 PM IST
লংলেঙক চিনি পাই নে? ১১১৭ দিন উৰি আহি আকৌ পালেহি অসম
সুদীৰ্ঘ ১১১৭ টা দিন উৰি উৰি লংলেঙে আহি উপস্থিত হ'লহি অসমত ৷ অসম মানে উমৰাংচুত আহি পালেহি 

সুদীৰ্ঘ ১১১৭ টা দিন উৰি উৰি লংলেঙে আহি উপস্থিত হ'লহি অসমত ৷ অসম মানে উমৰাংচুত আহি পালেহি 

  • Share this:
সুদীৰ্ঘ ১১১৭ টা দিন উৰি উৰি লংলেঙে আহি উপস্থিত হ'লহি অসমত ৷ অসম মানে উমৰাংচুত আহি পালেহি। লংলেঙৰ এইটো এটি ৰেকৰ্ড ৷ কিয়নো তিনি বছৰ বাইশ দিন বিশ্বৰ বিভিন্ন দেশৰ আকাশ মাৰ্গেৰে উৰি উৰি আহিল লংলেং ৷

লংলেং- সেইটো চৰাই, যিটো চৰাইক চেটেলাইট ট্ৰেকিঙৰ জৰিয়তে মণিটৰ কৰি আছিল ৱাইল্ড লাইফ ইনষ্টিটিউটত অৱ ইণ্ডিয়া (WII)য়ে ৷ WIIৰ বিজ্ঞানী আৰ সুৰেশ কুমাৰে সদৰী কৰা মতে পৰিভ্ৰমী চৰাই লংলেঙে এতিয়াও সুন্দৰভাৱে কাৰ্যক্ষম ৷ চলিত বছৰত নিৰন্তৰভাৱে উৰি আহি উমৰাংচুত উপস্থিত হয় লংলেং ৷

নাগালেণ্ডৰ লংলেং জিলাৰ নামেৰে নামকৰণ কৰা পৰিভ্ৰমী মাইকী চৰাইটো চলিত বৰ্ষৰ মে'ৰ পহিলা ভাগত ভাৰত উপমহাদেশত উপস্থিত হয় ৷ সুদূৰ আফ্ৰিকান দেশসমূহত শীতকাল পাৰ কৰাই হাজাৰ হাজাৰ কিলোমিটাৰ দূৰ অতিক্ৰম কৰি ভাৰত উপমহাদেশত উপস্থিত হোৱা লংলেঙে ঘণ্টাত ৪৫ কিলোমিটাৰ উৰি আহে বুলি সদৰি কৰিছে WIIৰ বিজ্ঞানী আৰ সুৰেশ কুমাৰে ৷ কুমাৰে সদৰি কৰা মতে, বিগত ২৫ মে'ত লংলেঙে ব্ৰিডিং এৰিয়া উত্তৰ চীনত উপস্থিত হৈছিল ৷

উল্লেখযোগ্য যে বিগত ২০১৬ৰ অক্টোবৰত পৰিভ্ৰমী চৰাইৰ ওপৰত গৱেষণা কৰাৰ এক প্ৰকল্পৰ অংশ হিচাপ লংলেং নামৰ চৰাইটোৰ দেহত সংস্থাপন কৰা হৈছিল এটা মেচিন ৷ যিটো মেচিনৰ জৰিয়তে ট্ৰেকিং কৰা হয় লংলেঙৰ ৷
আৰু চাওক পৰৱৰ্তী বাতৰি