আজি নৰেন্দ্ৰ মোদী কেবিনেটৰ প্ৰথমখন বৈঠক, হ’ব পাৰে দপ্তৰ বিতৰণ!

৩০ মে’ত হৈ যোৱা শপত গ্ৰহণৰ পিছত আজি অনুষ্ঠিত হ’ব কেন্দ্ৰীয় চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক। বৈঠকতে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ মাজত দপ্তৰ বিতৰণ কৰাৰ সম্ভাৱনা।

news18assam
Updated:May 31, 2019, 11:33 AM IST
আজি নৰেন্দ্ৰ মোদী কেবিনেটৰ প্ৰথমখন বৈঠক, হ’ব পাৰে দপ্তৰ বিতৰণ!
৩০ মে’ত হৈ যোৱা শপত গ্ৰহণৰ পিছত আজি অনুষ্ঠিত হ’ব কেন্দ্ৰীয় চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক। বৈঠকতে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ মাজত দপ্তৰ বিতৰণ কৰাৰ সম্ভাৱনা।
news18assam
Updated: May 31, 2019, 11:33 AM IST
বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লয়। মোদীৰ লগত শপত বাক্য পাঠ কৰে চৰকাৰৰ ৫৭ গৰাকী মন্ত্ৰীয়ে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰধানমন্ত্ৰীৰ লগতে মন্ত্ৰী পৰিষদক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণৰ পিছত শুক্ৰবাৰে মোদী চৰকাৰে প্ৰথমখন কেবিনেট বেঠক অনুষ্ঠিত হ’ব। তথ্য অনুসৰি উক্ত কেবিনেট বৈঠকতে নতুন মন্ত্ৰী পৰিষদৰ মাজত দপ্তৰ বিতৰণ কৰা হ’ব। শপত লোৱা মুঠ ৫৭ গৰাকী মন্ত্ৰীৰ ভিৰত আছে ২৪ গৰাকী কেবিনেট মন্ত্ৰী, ২৫ গৰাকী ৰাজ্যিক মন্ত্ৰী আৰু ৯ গৰাকী স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী। বৃহস্পতিবাৰে শপত লোৱা প্ৰায় ২০ গৰাকী মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো কাৰ্যকালৰো মন্ত্ৰী আছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি