உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Live In Relationships: 'লিভ ইন ৰিলেচনশ্বিপ' এতিয়া জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে, এলাহাবাদ উচ্চ ন্যয়ালয়ৰ মন্তব্য

    Live In Relationships: 'লিভ ইন ৰিলেচনশ্বিপ' এতিয়া জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে, এলাহাবাদ উচ্চ ন্যয়ালয়ৰ মন্তব্য

    সংবিধানৰ ২১ নং অনুচ্ছেদত ব্যক্তিগত জীৱনৰ স্বাধীনতাৰ বিষয়ে কোৱা হৈছে। আদালতে লিভ-ইন সম্পৰ্কৰ সমৰ্থনত একেটা ধাৰাৰ কথা উল্লেখ কৰিছিল।

    সংবিধানৰ ২১ নং অনুচ্ছেদত ব্যক্তিগত জীৱনৰ স্বাধীনতাৰ বিষয়ে কোৱা হৈছে। আদালতে লিভ-ইন সম্পৰ্কৰ সমৰ্থনত একেটা ধাৰাৰ কথা উল্লেখ কৰিছিল।

    সংবিধানৰ ২১ নং অনুচ্ছেদত ব্যক্তিগত জীৱনৰ স্বাধীনতাৰ বিষয়ে কোৱা হৈছে। আদালতে লিভ-ইন সম্পৰ্কৰ সমৰ্থনত একেটা ধাৰাৰ কথা উল্লেখ কৰিছিল।

    • Share this:
    লিভ-ইন (Live-in relationship) সম্পৰ্কবোৰ সামাজিক নৈতিকতাৰ ক্ষেত্ৰত চোৱাৰ সলনি ব্যক্তিগত স্ব-শাসনৰ দৃষ্টিকোণৰ পৰা চোৱা প্ৰয়োজন। এই সম্পৰ্কএতিয়া জীৱনৰ এটা অংশ হৈ পৰিছে। এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা গোচৰত এনে মন্তব্য কৰিছে। এই সন্দৰ্ভত ন্যায়ালয়ে কয়, "মাননীয় শীৰ্ষ ন্যায়ালয়ৰ সন্মতিত লিভ-ইন সম্পৰ্ক জীৱনৰ এক অংশ হৈ পৰিছে।"

    দুজন লিভ-ইন ৰিলেচনত বাস কৰা দম্পতী শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয় (Allahabad High Court)ৰ কাষ চাপিছিল। দুয়োজনৰ ক্ষেত্ৰতে অভিযোগ একেই। পৰিয়ালে তেওঁলোকৰ দৈনন্দিন জীৱনত হস্তক্ষেপ কৰা আৰম্ভ কৰিছে বুলি অভিযোগ যুৱতীগৰাকীৰ। কেৱল ইমানেই নহয়, তেওঁলোকক নিৰন্তৰ ভাবুকি দিয়াও হৈছে। প্ৰীতিঙ্কৰ দিবাকৰ আৰু আশুতোষ শ্ৰীবাস্তৱৰ বিচাৰপীঠে গোচৰটোৰ শুনানিত এনে মন্তব্য কৰিছিল।

    শুনানিৰ সময়ত বিচাৰকসকলে কয়, "লিভ-ইন সম্পৰ্কৰ বিষয়টো ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২১ অনুসৰি ব্যক্তিগত স্ব-শাসনৰ পৰিপ্ৰেক্ষিতত বিচাৰ কৰি চাব লাগিব। সামাজিক নৈতিকতাৰ ক্ষেত্ৰত নহয়। সংবিধানৰ ২১ নং অনুচ্ছেদত ব্যক্তিগত জীৱনৰ স্বাধীনতাৰ বিষয়ে কোৱা হৈছে। আদালতে লিভ-ইন সম্পৰ্কৰ সমৰ্থনত একেটা ধাৰাৰ কথা উল্লেখ কৰিছিল।

    গোচৰটোত আদালতত দাখিল কৰা দুখন আৱেদনৰ এখন দাখিল কৰিছে কুশীনগৰৰ বাসিন্দা চাইৰা খাতুন আৰু তেওঁৰ লিভ-ইন পাৰ্টনাৰে। আনটো জিনাত পাৰবীন আৰু তেওঁৰ লিভ-ইন সংগীয়ে দাখিল কৰিছিল। তেওঁলোকে অভিযোগ কৰিছিল যে তেওঁলোকে আৰক্ষীৰ ওচৰলৈ গৈছিল কিন্তু সমাধান পোৱা নাছিল। স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

    আদালতে গোচৰটোত কঠোৰ মন্তব্য কৰি কয় যে অভিযোগকাৰীসকলক সুৰক্ষা দিয়াটো আৰক্ষীৰ কৰ্তব্য। আৰক্ষীক ককৰ্থনা কৰি বিচাৰকসকলে কয় যে আইনৰ অধীনত তেওঁলোকৰ দায়িত্ব পালন কৰাটো আৰক্ষীৰ কাম। সেয়েহে, অভিযোগকাৰীসকলক কোনো লোকে ভাবুকি দিলে আৰক্ষীয়ে ব্যৱস্থা লোৱাটো উচিত।
    Published by:Manjumoni Borah
    First published: