VIDEO: ডাঙৰে কৰিলে লেতেৰা, সৰুৱে কৰিলে চাফা

ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰলে হৈছে। য’ত এটি কণমানিয়ে ডাঙৰে লেতেৰা কৰা ঠাই চাফা কৰাত ব্যস্ত হোৱা দেখা গৈছে। এটা অনুষ্ঠানত ব্যৱহৃত প্লাষ্টিকৰ কাপ আৰু গ্লাছ জ্যেষ্ঠসকলে ডাষ্টবিনৰ পৰিৱৰ্তে মজিয়াত পেলোৱাত এই সৰু কণমানিটিয়ে সেই কাপ–গ্লাছ হাতেৰে তুলি ডাষ্টবিনত থোৱা দেখা গৈছে ভিডিঅ’টোত।

news18assam
Updated:June 2, 2019, 11:54 AM IST

Updated: June 2, 2019, 11:54 AM IST
ভাৰতৰ লোকসকল স্বচ্ছতাৰ প্ৰতি কিমান সজাগতা ইয়াৰ অনুমান ইয়াৰ দ্বাৰা কৰিব পাৰি যে স্বচ্ছতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযান আৰম্ভ কৰিবলগীয়া হ’ল। স্বচ্ছতাৰ অভিযান আৰম্ভ হোৱা প্ৰায় ৫ বছৰে হ’ল, কিন্তু আমাৰ অভ্যাস কিমান পৰিৱৰ্তন হ’ল। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টো প্ৰত্যক্ষ কৰিলে বুজিব পৰা যায়। কিন্তু এই ভিডিঅ’টোত এটা ইতিবাচক ভাবো প্ৰকাশ পাইছে।

ছচিয়েল মিডিয়াত এটা ভিডিঅ’ যথেষ্ট ভাইৰেল হৈছে, য’ত এটি কণমানিয়ে ডাঙৰে লেতেৰা কৰা ঠাই চাফা কৰাত ব্যস্ত হোৱা দেখা গৈছে। এটা অনুষ্ঠানত ব্যৱহৃত প্লাষ্টিকৰ কাপ আৰু গ্লাছ জ্যেষ্ঠসকলে ডাষ্টবিনৰ পৰিৱৰ্তে মজিয়াত পেলোৱাত এই সৰু কণমানিটিয়ে সেই কাপ–গ্লাছ হাতেৰে তুলি ডাষ্টবিনত থোৱা দেখা গৈছে ভিডিঅ’টোত। কণমানিটিক মাতৃয়ে বাধা দিবলৈ চেষ্টা কৰিছে যদিও সি কেৱল ব্যস্ত নিজৰ কাম কৰাত।

দ্ৰুতগতিৰে ভাইৰেল হ’ব ধৰিছে এই ভিডিঅ’টো। ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কণমানিটিক স্বচ্ছতাৰ চিপাহী বুলি কোৱাৰ বিপৰীতে আন কিছুমানে আকৌ কৈছে ভিৰৰ মাজত কোনেও শিশুটিক সংগ দিব নিবিচাৰে।

অপৰিষ্কাৰ পৰিৱেশৰ বাবে সদায়ে চৰকাৰ আৰু ব্যৱস্থাকে দোষ জাপি দিয়া হয়। কিন্তু দেশৰ অপৰিষ্কাৰ পৰিৱেশৰ প্ৰকৃত কাৰণ কি, ভিডিঅ’টো দেখিলেই সহজতে বুজিব পাৰি।
আৰু চাওক পৰৱৰ্তী বাতৰি