• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Copa America Final: সপোন পূৰণ হ’ল মেছীৰ, ব্ৰাজিলক হৰুৱাই ২৮ বছৰ পিছত ক’পা আমেৰিকাত চেম্পিয়ন আৰ্জেণ্টিনা

Copa America Final: সপোন পূৰণ হ’ল মেছীৰ, ব্ৰাজিলক হৰুৱাই ২৮ বছৰ পিছত ক’পা আমেৰিকাত চেম্পিয়ন আৰ্জেণ্টিনা

তাৰকা ষ্ট্ৰাইকাৰ লিয়’নেল মেছী (Lionel Messi)ৰ নেতৃত্বত আৰ্জেণ্টিনা দলে ২০১৫ আৰু ২০১৬ত ফাইনেলত উপনীত হৈছিল যদিও জিকিব পৰা নাছিল।

তাৰকা ষ্ট্ৰাইকাৰ লিয়’নেল মেছী (Lionel Messi)ৰ নেতৃত্বত আৰ্জেণ্টিনা দলে ২০১৫ আৰু ২০১৬ত ফাইনেলত উপনীত হৈছিল যদিও জিকিব পৰা নাছিল।

তাৰকা ষ্ট্ৰাইকাৰ লিয়’নেল মেছী (Lionel Messi)ৰ নেতৃত্বত আৰ্জেণ্টিনা দলে ২০১৫ আৰু ২০১৬ত ফাইনেলত উপনীত হৈছিল যদিও জিকিব পৰা নাছিল।

  • Share this:
ক’পা আমেৰিকা (Copa America 2021)ৰ ফাইনেলত আর্জেণ্টিনাই ব্ৰাজিলক (Argentina vs Brazil) ১–০ গ’লত পৰাস্ত কৰে। ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ৰ মাৰকানা ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত এঞ্জেল ডি মাৰিয়াই (Angel Di Maria) মেচখনৰ একমাত্ৰ গ’লটো দিয়ে। আৰ্জেণ্টিনাই ২৮ বছৰ পিছত এই ট্ৰফী জিকিবলৈ সক্ষম হয়। দলটোৱে ইয়াৰ পূৰ্বে ১৯৯৩ চনত এই ট্ৰফী জিকিছিল। তাৰকা ষ্ট্ৰাইকাৰ লিয়’নেল মেছী (Lionel Messi)ৰ নেতৃত্বত আৰ্জেণ্টিনা দলে ২০১৫ আৰু ২০১৬ত ফাইনেলত উপনীত হৈছিল যদিও জিকিব পৰা নাছিল। এইবাৰ এঞ্জেল ডি মাৰিয়াই মেছীৰ সপোন পূৰণ কৰিলে। মেছীয়ে তেওঁৰ নেতৃত্বত এয়া প্ৰথমখন উল্লেখযোগ্য টুৰ্ণামেণ্ট জয়লাভ কৰিলে।

মেছীৰ অধিনায়কত্বত আৰ্জেণ্টিনা দলে ফিফা বিশ্বকাপ ২০১৪ৰ ফাইনেলত উপনীত হৈছিল, কিন্তু জাৰ্মানীৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল। ইয়াৰ পিছত ক’পা আমেৰিকাত ধাৰাবাহিকভাৱে দুবাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত মেছীয়ে ২০১৬ত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা সন্যাস লোৱাৰ ঘোষণা কৰিছিল। সেই সময়ত কেৱল ২৯ বছৰীয়া মেছীয়ে পিছত সিদ্ধান্ত সলনি কৰি দললৈ উভতি আহিছিল।

ফাইনেলত ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গ’ল। মেচৰ ২২ মিনিটত মাৰিয়াই আৰ্জেণ্টিনাৰ হৈ বিজয়সূচক গ’লটো দিয়ে। ইয়াৰ পিছতে ব্ৰাজিলে যৎপৰোনাস্তি আক্ৰমণ চলাইছিল। মেচৰ ৬০ শতাংশ সময় বল ব্ৰাজিলৰ ফালে আছিল যদিও খেলৰ শেষলৈ গ’ল পৰিশোধ কৰিবলৈ সক্ষম নহ’ল।
Published by:Sanjay Kumar Das
First published: