৩১ মাৰ্চৰ পূৰ্বে আধাৰ আৰু পেন লিংক নকৰিলে দিব লাগিব জৰিমনা

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:39 PM IST
৩১ মাৰ্চৰ পূৰ্বে আধাৰ আৰু পেন লিংক নকৰিলে দিব লাগিব জৰিমনা
আয়কৰ বিভাগৰ ফালৰ পৰা জনোৱা হৈছে, নিৰ্ধাৰিত সময়ৰ ভিতৰত পেন আৰু আধাৰ লিংক নকৰিলে ইনএক্টিভ হৈ যাব পেন নম্বৰ।

আয়কৰ বিভাগৰ ফালৰ পৰা জনোৱা হৈছে, নিৰ্ধাৰিত সময়ৰ ভিতৰত পেন আৰু আধাৰ লিংক নকৰিলে ইনএক্টিভ হৈ যাব পেন নম্বৰ।

  • Share this:


নিয়ম অনুসৰি, এতিয়া আই টি ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত পেন নম্বৰৰ লগতে এতিয়া আধাৰ নম্বৰ দিয়াটো বাধ্যতামূলক। ইয়াৰ পূৰ্বে পেন নম্বৰৰ সৈতে আধাৰ নম্বৰ লিংক কৰাৰ সময় ৩০ জুন ২০২০ৰ পৰা বৃদ্ধি কৰা ৩১ মাৰ্চ ২০২১ কৰা হৈছিল। ৩১ মাৰ্চৰ ভিতৰত আধাৰ আৰু পেন লিংক নকৰিলে দিব লাগিব জৰিমনা। লগতে ১ এপ্ৰিল ২০২১ৰ পৰা ইনএক্টিভ কৰি দিয়া হ’ব পেন কাৰ্ড।

আয়কৰ বিভাগৰ ফালৰ পৰা জনোৱা হৈছে, নিৰ্ধাৰিত সময়ৰ ভিতৰত পেন আৰু আধাৰ লিংক নকৰিলে ইনএক্টিভ হৈ যাব পেন নম্বৰ। ইয়াৰ লগতে আয়কৰ নিয়ম অনুসৰি, ধাৰা ২৭২ অনুসৰি ১০ হাজাৰ টকা জৰিমনা দিব লাগিব।

পেন আৰু আধাৰ লিংক কৰা অত্যন্ত সহজ। ইয়াৰ বাবে আয়কৰ বিভাগৰ ৱেবছাইট www.incometaxindiaefiling.gov.inলৈ যাব লাগিব। ইয়াত Link Aadhaar অপচনত ক্লিক কৰিলে এখন নতুন উইনড’ খোল খাব। ইয়াত নিজৰ আধাৰ নম্বৰ, পেন নম্বৰ, কেপচা কোড দিব লাগিব। ইয়াৰ পিছত Link Aadharত ক্লিক কৰিলেই লিংক হৈ যাব পেন আৰু আধাৰ।

ইয়াৰ উপৰি 567678 বা 56161 নম্বৰত এছএমএছ প্ৰেৰণ কৰিও লিংক কৰিব পাৰি পেন আৰু আধাৰ। UIDAIPAN (১২ ডিজিটৰ আধাৰ নম্বৰ) স্পেচ আৰু ১০ ডিজিটৰ পেন নম্বৰ লিখি প্ৰেৰণ কৰিব লাগিব।

Published by: Sanjay Kumar Das
First published: March 7, 2021, 2:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি