உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Lifestyle Tips: অন্তঃসত্ত্বা মহিলাসকলে শীতকালত সুস্থ থাকিবলৈ খাওক এইসমূহ ঘৰুৱা খাদ্য

    Lifestyle Tips: অন্তঃসত্ত্বা মহিলাসকলে শীতকালত সুস্থ থাকিবলৈ খাওক এইসমূহ ঘৰুৱা খাদ্য

    সেয়ে এই সময়ত খাদ্যৰ (Pregnancy Diet) তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে এনে খাদ্য যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

    সেয়ে এই সময়ত খাদ্যৰ (Pregnancy Diet) তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে এনে খাদ্য যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

    সেয়ে এই সময়ত খাদ্যৰ (Pregnancy Diet) তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে এনে খাদ্য যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

    • Share this:
    শীতকাল এনে এটা ঋতু য’ত তাপমাত্ৰা হঠাৎ কমি যায় আৰু আমি দিনৰ ভাগতে ঠাণ্ডা অনুভৱ কৰো। অন্তঃসত্ত্বা মহিলাসকলৰ বাবে এই ঠাণ্ডা ক্লান্তিকৰ হ’ব পাৰে আৰু তেওঁলোকৰ ঠাণ্ডা লগাৰ ফলত জ্বৰ, বেক্টেৰিয়া সংক্ৰমণ আদি সমস্যা হ’ব পাৰে। কিছু ক্ষেত্ৰত অন্তঃসত্ত্বা মহিলাসকলে তেওঁলোকৰ ছালৰ শুষ্কতা অনুভৱ কৰিব পাৰে। কম আৰ্দ্ৰতা আৰু ঋতু পৰিৱৰ্তনৰ কাৰণে তেওঁলোকে কিছুমান সমস্যাৰ সন্মুখীন হ’ব পাৰে। সেয়ে এই সময়ত খাদ্যৰ (Pregnancy Diet) তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে এনে খাদ্য যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

    নহৰু

    মহিলাসকলে এই সময়ত গেছৰ সমস্যাত ভোগে। নহৰু ছালফাৰ সমৃদ্ধ, যিয়ে গেছৰ সমস্যা দূৰ কৰে আৰু শৰীৰক উষ্ণ কৰি ৰাখে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবেও এক উপায় বুলি বিবেচিত হয়।

    আদা

    আদাত প্ৰদাহবিৰোধী বৈশিষ্ট্য আছে, ফলত ই মৰ্নিং ছিকনেছ আৰু বমি বমি ভাৱ দূৰ কৰাত সহায় কৰে। খাদ্য তালিকাত আদা থাকিলে হজম শক্তি বাঢ়ে আৰু পেটৰ সমস্যা দূৰ হয়। সিমানেই নহয়, আদাই শৰীৰক উষ্ণ কৰি ৰাখে। মুঠৰত ওপৰত ই এক শক্তিশালী উপাদান যিয়ে অন্তঃসত্ত্বা মহিলাসকলৰ ডায়েটত অন্তৰ্ভুক্ত কৰিব লাগে।

    হালধি

    হালধিৰ ব্যৱহাৰ যুগ যুগ ধৰি চলি আহিছে। হালধিত এণ্টি ভাইৰেল আৰু এণ্টি ছেপ্টিক বৈশিষ্ট্য আছে। শীতকালত হালধি মহলি গাখীৰ পান কৰিলে অন্তঃসত্ত্বা মহিলাসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ সম্ভাৱনা থাকে। ই শীতকালত জীৱনদায়িনী ঔষধৰ দৰে আৰু গৰ্ভৱতী অৱস্থাত চৰ্দি আৰু কাহৰ পৰাও মুক্তি দিব পাৰে।

    আমলখি

    এই ফল এক প্ৰাকৃতিক ডিটক্সিফায়াৰ আৰু ভিটামিন চি সমৃদ্ধ। গৰ্ভৱতী মহিলাসকলৰ বাবে আয়ৰন এক অপৰিহাৰ্য পুষ্টি উপাদান আৰু যেতিয়া এই ফল খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা হয়, ই শৰীৰক খুব সহজে আয়ৰন শোষণ কৰাত সহায় কৰে। ইয়াত থকা ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

    গৰুৰ গাখীৰ

    এগিলাছ গৰুৰ গাখীৰ পান কৰিলে শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে বৃদ্ধি পায়। লেক্টোফেৰিন নামৰ যৌগই ভাইৰেল সংক্ৰমণ আৰু শৰীৰৰ কোষসমূহৰ মাজত পৰস্পৰ ক্ৰিয়াক বাধা দিয়ে। এই যৌগই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। এইক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ গাখীৰৰ সৈতে হালধি মিহলি কৰি পান কৰা হয়।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: