বহুতৰে নিয়মীয়াকৈ মাহেকীয়া বা ঋতুস্ৰাৱ নহয়। নিয়মীয়া তাৰিখটো প্ৰায় প্ৰতিমাহে পাৰ হৈ যায়। কিন্তু সমস্যাৰ কাৰণ একোৱেই বিচাৰি নাপায়। কিছুমান কাৰণত ঋতুস্ৰাৱ পলম হ'ব পাৰে। কিন্তু সময়মতে মাহেকীয়া নহ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
ঋতুস্ৰাৱ অনিয়মীয়া হোৱাৰ কিছুমান বিশেষ কাৰণ জানি লওকঃ
১)
মানসিক চাপ – অত্যাধিক মানসিক চাপৰ ফলত ঋতুস্ৰাৱ পলম হ’ব পাৰে। যিসকল মহিলাৰ অতিৰিক্ত মানসিক চাপ থাকে তেওঁলোকৰ এই সমস্যাৰ প্ৰৱণতা বেছি।
২)
কম ওজন - যিসকলৰ ওজন অতি কম। তেওঁলোকৰ মাহেকীয়া পলম হোৱাৰ প্ৰৱণতা থাকে।
৩)
ওজন বৃদ্ধি - ওজন কমি যোৱাৰ দৰে ওজন বৃদ্ধি হ’লেও ঋতুস্ৰাৱ পলম হ’ব পাৰে। ওজন বৃদ্ধি হ’লে শৰীৰত ইষ্ট্ৰজেনৰ পৰিমাণ বাঢ়ি যায়, যাৰ ফলত ঋতুস্ৰাৱত প্ৰভাৱ পৰে।
৪)
প্ৰিমেনোপ'জ - ৰজোনিবৃত্তিৰ বয়স সাধাৰণতে ৫০ ৰ পৰা ৫২ বছৰ। কিন্তু বিভিন্ন কাৰণত অকাল ৰজোনিবৃত্তি হ’ব পাৰে যাক প্ৰিমেন’প’জ বোলা হয়। গতিকে এই সময়ত ইষ্ট্ৰজেনৰ প্ৰভাৱে ঋতুচক্ৰৰ পৰিৱৰ্তন ঘটাব পাৰে।
৫)
জন্ম নিয়ন্ত্ৰণ দৰৱ - জন্ম নিয়ন্ত্ৰণৰ বড়ি খালেও ঋতুস্ৰাৱ পলম হব পাৰে। গতিকে যিসকলে নিয়মিতভাৱে গৰ্ভনিৰোধক বড়ি সেৱন কৰে তেওঁলোকে মাহেকীয়া পলম হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
৬)
ৰক্তহীনতা – ৰক্তহীনতাত ভুগি থকা লোকসকলে আইৰণৰ অভাৱৰ বাবে মাহেকীয়া পলম হ’ব পাৰে।
(সতৰ্কীকৰণ: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে, গতিকে স্বাস্থ্যজনিত অসুবিধাৰ বাবে সদায় বিশেষজ্ঞৰ পৰামৰ্শ লওক।)Published by: Subham Goswami
FIRST PUBLISHED : November 07, 2022, 20:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।