ছচিয়েল মিডিয়া (Social Media)ৰ জগতখন এখন প্ৰায় মিথ্যা আৰু ছলনাৰ জগত। বহু ক্ষেত্ৰতেই বাস্তৱ জগতৰ পৰা শত যোজন দূৰত ছচিয়েল মিডিয়াৰ জগত। ছচিয়েল মিডিয়াত প্ৰভাৱী লোক (Influencers) সকলক দেখি, তেওঁলোকৰ লাইফষ্টাইল দেখি কেতিয়াব বহুজন আচৰিত হোৱাৰ সমানে মডেলসকলৰ লুকছ আৰু ফিগাৰ দেখি সততে বহুতেই ভাবিবলৈ ধৰে যে তেওঁলোক কেনেদৰে এনেকুৱা হয়!
ইনষ্টাগ্ৰাম(Instagramত লণ্ডনৰ এগৰাকী মডেল জৰ্জিয়া ক্লাৰ্কে (Georgie Clarke) উদঙাই দিছে এই মডেলসকলৰ মিথ্যাছাৰ। অনলাইন জগতখনত একাংশই কেনে চাতুৰালিৰে নিজকে ভুৱাকৈ প্ৰদৰ্শন কৰে সেই অভিজ্ঞতা ছেয়াৰ কৰিলে জৰ্জিয়া ক্লাৰ্কে।
ছচিয়েল মিডিয়া পোষ্টত খুলিল মুখাজৰ্জিয়াই নিজৰ পোষ্টত লিখিছে কি কি টিপছ আৰু কৌশল ব্যৱহাৰ কৰি ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীক ৰামঠগন দি আহিছে এইসকল মডেলে। এই কথা প্ৰমাণ কৰিবলৈ নিজৰেই দুখন ফটো ছেয়াৰ কৰিছে জৰ্জিয়াই। মাত্ৰ এক মিনিটৰ ব্যৱধানত তোলা দুখন ফটোৰে জৰ্জিয়াই প্ৰমাণ কৰিছে কেনেদৰে সলনি কৰিব পাৰি নিজৰ বডী। প্ৰথমখনত তেওঁক শ্লিম দেখাৰ বিপৰীতে এক মিনিট পাছত তোলা ফটোখনত দেখা গৈছে যথেষ্ট শকত।
জৰ্জিয়াই লিখিছে, "দুযোখনেই মোৰ ফটো আৰু ফটো দুখনৰ মাজত আছে মাত্ৰ এক মিনিটৰ তফাৎ।" কিন্তু কেনেকৈ মডেলসকলে মূহূৰ্ততে কৰে এই কাম?
এই পাৰ্থক্য কেনেকৈআহে?এই কথাও নিজৰ পোষ্টত লিখিছে জৰ্জিয়াই। নিজৰ দুযোখন ফটোৰ কেইটামান পাৰ্থক্য দেখুৱাই জৰ্জিয়াই দেখুৱাইছে কেনেকৈ মডেলসকলে নজকে দেখনিয়াৰ ৰূপত তুলি ধৰে কিন্তু বাস্তৱত আচলতে তেনে নহয়। কি কৰে মডেলসকলে কৈছে জৰ্জিয়াই...
নিজৰ ভৰি দুখন ক্ৰছ কৰিলে ফিগাৰ আকৰ্ষণীয় দেখায়।
হাত দুখন কঁকালত ৰাখিলে শ্লিম দেখায়।
লাইট আৰু এংগলৰ পাৰ্ফেকচনেৰে ধুনীয়া দেখায়।
নিজৰ কান্ধ দুখন অকণমান উঠাই ৰাখিব লাগে।
নিজৰ পেটতো যিমান পাৰি ভিতৰলৈ সোমাই ৰাখিব লাগে
উশাহ বন্ধ কৰি হাঁহিমুখে ফটোৰ বাবে পজ দিব লাগে।
এই সকলো কাম মাত্ৰ একমূহূৰ্তৰ বাবে কৰি, ফটো উঠি মডেলসকলে এৰি দিয়ে ছচিয়েল মিডিয়াত।
জৰ্জিয়াই নিজৰ ফটো দুখনৰ প্ৰসংগত কয় যে তেওঁ বাওফালৰ ফটোখনত পজ দি আছে আৰু সোঁফালৰখনত ৰিলেক্স মুডত আছে। প্ৰথমখন ফটোত জৰ্জিয়াক শ্লিম দেখাৰ বিপৰীতে দ্বিতীয়খন ফটোত দেখা গৈছে কিছু শকত।
এই পোষ্টৰ পিছতে ভাইৰেল হৈ পৰিছে জৰ্জিয়াৰ ফটো।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 12, 2021, 10:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।