মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»জীৱনৰ বাটত সফল হোৱাৰ সহজ উপায়! চাণক্যৰ এই সমূহ নীতি মানি চলিলে আপুনিও লাভ কৰিব সফলতা

জীৱনৰ বাটত সফল হোৱাৰ সহজ উপায়! চাণক্যৰ এই সমূহ নীতি মানি চলিলে আপুনিও লাভ কৰিব সফলতা

News18 Assam | News18-Assam
Updated:October 10, 2021, 10:05 AM IST
জীৱনৰ বাটত সফল হোৱাৰ সহজ উপায়! চাণক্যৰ এই সমূহ নীতি মানি চলিলে আপুনিও লাভ কৰিব সফলতা
জীৱনৰ পথত সফলতা লাভ কৰিবলৈ আচাৰ্য্য চাণক্যৰ এইসমূহ কথা মানি চলক

জীৱনৰ পথত সফলতা লাভ কৰিবলৈ আচাৰ্য্য চাণক্যৰ এইসমূহ কথা মানি চলক

  • Share this:
সকলোৱে জীৱনত সফল হ'বলৈ বিশ্বৰ সফল লোকসকৰ মাৰ্গদৰ্শন গ্ৰহণ কৰে। সফল লোক সকলৰ অভিজ্ঞতাৰ বিষয়ে আপুনি অধ্যয়ন কৰিলে জীৱনত বিপদৰ সন্মুখীন নোহোৱাকৈ আপুনি সফলতাৰ পথত আগবাঢ়ি যাব পাৰে। জীৱনত সফলতা লাভ কৰাৰ ক্ষেত্ৰত চাণক্যৰ নীতি অনুসৰণ কৰি বহু লোকে লাভ কৰিছে সফলতা। ৰাজনীতি, অৰ্থনীতি অথবা সমাজনীতি সকলো দিশতে তাহানিতে বিচক্ষণতাৰ পৰিচয় দিয়া আচাৰ্য চাণক্যৰ এই সমূহ বচন মানি চলিলে আপুনিও জীৱনৰ বাটত লাভ কৰিব পাৰে সফলতা।

  • যিদৰে হাজাৰ জাকৰ মাজতো এটা গৰু পোৱালীয়ে সদায় মাকক অনুসৰণ কৰে, সেইদৰে আপোনাৰ ভাল-বেয়া কাৰ্যই জীৱনত সদায় আপোনাক অনুসৰণ কৰে। সেয়ে নকৰাত্মক চিন্তা-চৰ্চা বাদ দি সদায় যোগাত্মক চিন্তা কৰাৰ অভ্যাস গঢ়ি তোলক। এই অভ্যাস আপোনাৰ সফলতাৰ কাৰক হিচাপে পৰিচিত হ'ব।


  • এজন জ্ঞানী ব্যক্তিয়ে সদায় স্থিৰ ভাৱে নিজৰ কাম কৰা উচিত। সময়,সামৰ্থ্য আৰু উচিত স্থানত নিজৰ যোগ্যতা প্ৰমাণ কৰা উচিত।

  • কঠোৰ পৰিশ্ৰমী ব্যক্তিক কেতিয়াও দৰিদ্ৰতাই পৰাভূত কৰিব নোৱাৰে ঠিক সেইদৰে ভগৱানক বিশ্বাস কৰা ব্যক্তিয়ে কেতিয়াও পাপ কামত লিপ্ত হ'ব নোৱাৰে।

  • এজন ৰজা শক্তিশালী হয় তেওঁৰ বাহুবলৰ পৰা, আধ্যাত্মিক ভাৱে তেওঁ জ্ঞানী হয় তেওঁৰ পৰামৰ্শদাতা ব্ৰাহ্মণৰ পৰা আৰু তেওঁৰ সৌন্দৰ্য্য, যৌৱন আৰু মধুৰতাৰ ক্ষেত্ৰত সদায় এগৰাকী নাৰীৰ ভূমিকা থাকে। এগৰাকী সফল শাসকৰ বাবে শক্তি, মাৰ্গদৰ্শক আৰু নাৰী তিনিওৰে প্ৰয়োজন।

  • যদি আপুনি দ্ৰুত গতিত জীৱনত সফলতা বিচাৰে তেনেহ'লে আপুনি যি কাৰ্যত অভিজ্ঞ সেই কাৰ্যক প্ৰাধান্য দি জীৱনত আগবাঢ়ক।


  • ধন, সম্পত্তি, ক্ষমতা অথবা বন্ধু জীৱনত হেৰাই গ'লে পুনৰ যোগ্যজনে প্ৰাপ্তি কৰিব পাৰে। কিন্তু নিজৰ শৰীৰটোৰ অৱক্ষয় হ'লে ইয়াক পুনৰোদ্ধাৰ কৰাটো অসম্ভৱ। সেয়ে নিজৰ শৰীৰটোক প্ৰাধান্য দিয়ক।

  • হৰিণা চিকাৰ কৰাৰ আগত সদায় মধুৰ গীত গাই হৰিণাক আকৰ্ষিত কৰে। সেইদৰে আপুনিও যিজন ব্যক্তিৰ পৰা কাম আদায় কৰিব বিচাৰে সদায় তেওঁ ভালপোৱা বিষয়তহে আলোচনা কৰা উচিত।

  • সোণৰ লগত থকা ৰূপো দেখিবলৈ সোণৰ দৰেই উজ্বল হৈ পৰে। সেয়ে সদায় সৎ সংগত থাকিলে বেয়া গুণবোৰৰ বিলুপ্তি ঘটে।

  • মুৰ্খলোকে কোনো এটা কামৰ সমাধানতকৈ দোষাৰোপ কৰি সেই কাৰ্য পৰিহাৰ কৰে। কিন্তু জ্ঞানী লোকে সদায় সমাধানসূত্ৰ বিচাৰে।

  • পৰিয়ালৰ প্ৰতি থকা অধিক মায়া-মোহে এজন মানুহক জীৱনত ভয়াতুৰ হৈ জীয়াই থাকিবলৈ বাধ্য কৰে। সেয়ে পৰিয়ালৰ প্ৰতি অধিক মায়া-মোহ ত্যাগ কৰা উচিত।

Published by: Himangshu Bhuyan
First published: October 10, 2021, 10:05 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি