ডাক বিভাগে আৰম্ভ কৰা এই সেৱাৰ জৰিয়তে মাত্ৰ ৫মিনিটতে বনাওক ডিজিটেল লাইফ চাৰ্টিফিকেট।
ডাক বিভাগে আৰম্ভ কৰা এই সেৱাৰ জৰিয়তে মাত্ৰ ৫মিনিটতে বনাওক ডিজিটেল লাইফ চাৰ্টিফিকেট।
নতুন দিল্লীঃ বয়স্ক লোকসকলে প্ৰতি বছৰে নৱেম্বৰ মাহত লাইফ চাৰ্টিফিকেট জমা কৰিব লাগে নিজৰ পেন্সন পাই থাকিবলৈ। পিছে এইবাৰ কোটি কোটি পেন্সন ভোগীৰ কাৰণে চৰকাৰে অলপ সকাহৰ ব্যৱস্থা কৰিছে। কোৰোণা মহামাৰীৰ কাৰণে চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলক এই নিয়মৰ ক্ষেত্ৰত অলপ ৰেহাই দিছে। উল্লেখ্য যে, এইবছৰ ১ নৱেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে দুমাহৰ ভিতৰত যিকোনো সময়ত পেন্সনধাৰকে লাইফ চাৰ্টিফিকেট জমা দিব পাৰে। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে শুকুৰবাৰে এই প্ৰসংগত জনায়।
দিব্যাংগ তথা জ্যেষ্ঠ নাগৰিকসকলে প্ৰমাণ পত্ৰ বনাবলৈ ডাকঘৰ যোৱাৰ প্ৰয়োজন নাই। ইণ্ডিয়ান পোষ্টেল পেমেণ্ট বেংকে ঘৰতে এই সুবিধা দিছে। সমীপৰ পোষ্টমেনৰ সৈতে যোগাযোগ কৰি তেওঁক এই খবৰ দিব লাগিব। ইয়াৰ পিছত পোষ্টমেন সম্বন্ধীয় ব্যক্তিয়ে ঘৰত উপস্থিত হৈ ডিজিটেল জীৱন প্ৰমাণ পত্ৰ বনাই দিব।
আপুনি যদি খোজ কাঢ়িবলৈও অক্ষম তেনেহ’লে চিন্তা কৰিব নালাগে। ডাক বিভাগৰ ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকে পেন্সনভোগীসকলৰ কাৰণে এক বায়’মেট্ৰিক আধাৰিত ডিজিটেল সেৱাৰ আৰম্ভনি কৰিছে। পোষ্টমেনে ঘৰতে মাত্ৰ ৫মিনিটত বায়’মেট্ৰিকেৰে জীৱন প্ৰমাণ পত্ৰ জাৰি কৰিব পাৰে।
কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ তথা অন্য চৰকাৰী কোম্পানীৰ সংস্থাৰ পেন্সনভোগীয়ে এই সেৱা গ্ৰহণ কৰিব পাৰে। আপুনি মাতিলে পোষ্টমেনে মাত্ৰ পাঁচ মিনিটতে বায়’মেট্ৰিক জীৱন প্ৰমাণ পত্ৰ জাৰি কৰিব। ইয়াৰ কাৰণে মাত্ৰ ৭০টকা আদায় দিলে হ’ল।
জীৱন প্ৰমাণ পত্ৰৰ কাৰণে আধাৰ নম্বৰ জৰুৰীঃ এই সেৱাৰ লাভ উঠাবলৈ পেন্সনাৰ্ছসকলৰ কাৰণে আধাৰ নম্বৰ প্ৰয়োজনীয়। ইয়াৰ বাহিৰে পিপিঅ’ নম্বৰ, ম’বাইল নম্বৰ ডাকঘৰত দিব লাগিব। পোষ্টমেনে আধাৰৰ জৰিয়তে ডিজিটেল জীৱন প্ৰমাণ পত্ৰ জাৰি কৰিব, এই ডাটা নিজেই পেন্সন আদায় দিয়া বিভাগ বা বেংকত আপডেট হৈ যাব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|