Life and Struggle of Milkha Singh : জে'ল খাটিছিল, ডকাইত হ'ব বিচাৰিছিল, আৰু কি কি ঘটিছিল মিলখা সিঙৰ জীৱনত? সংঘাত আৰু সংগ্ৰামৰ জ্বলন্ত জীৱন মিলখাৰ ।

News18 Assam | News18-Assam
Updated:June 19, 2021, 12:02 PM IST
Life and Struggle of Milkha Singh : জে'ল খাটিছিল, ডকাইত হ'ব বিচাৰিছিল, আৰু কি কি ঘটিছিল মিলখা সিঙৰ জীৱনত? সংঘাত আৰু সংগ্ৰামৰ জ্বলন্ত জীৱন মিলখাৰ ।
এক ঈৰ্ষণীয় ক্ৰীড়া প্ৰতিভাৰ অধিকাৰী মিলখা সিঙে ৮০টা দৌৰৰ ভিতৰত ৭৭টাতেই জয়লাভ কৰিছিল।

এক ঈৰ্ষণীয় ক্ৰীড়া প্ৰতিভাৰ অধিকাৰী মিলখা সিঙে ৮০টা দৌৰৰ ভিতৰত ৭৭টাতেই জয়লাভ কৰিছিল।

  • Share this:
খেলপথাৰত যেনেদৰে দুৰ্দান্ত আছিল একেদৰে জীৱনৰ ট্ৰেকতো দূৰন্ত আছিল 'Flying Sikh' মিলখা সিং। আয়াসতে এপাক দৌৰি জীৱন জয় কৰা নাছিল মিলখা সিঙে। শৈশৱৰ পৰা জীৱন আৰু মৃত্যুৰে যুঁজি সফলতাৰ শিখৰত আৰোহণ কৰিছিল মহান মিলখাই।

১৫ বছৰ বয়সতে পাকিস্তানৰ পৰা ভাৰতলৈ পলাই আহিছিল মিলখা সিং। ভাৰত বিভাজনৰ সময়ত অনাথ হৈছিল মিলখা সিং। ৰক্তাক্ত বিভাজনৰ সময়ত চকুৰ সন্মুখত নিজৰ পিতৃ-মাতৃ, ভাতৃ আৰু দুগৰাকী ভগ্নীক উন্মাদ লোকে হত্যা কৰা দৃশ্য দেখিছিল মিলখা সিঙে। পাকিস্তানৰ পৰা দিল্লীলৈ পলাই আহি শৰণাৰ্থী শিৱিৰত ঝাীৱন আৰম্ভ কৰিছিল মিলখা সিঙে। পুৰণি দ্ল্লীৰ ৰে'ল ষ্টেচনৰ সমীপত কেতিয়াব জোতা পালিছ কৰা নাইবা কোনোবা দোকানত 'ক্লিনাৰ'ৰ কাম কৰিছিল মিলখা সিঙে। ৰে'লৰ পৰা বস্তু চুৰি কৰাৰ অপৰাধত জেইলত থাকিবলগা হৈছিল মিলখা সিং।





সেনা বাহিনীত যোগ দিয়াৰ পূৰ্বে নিৰাশ আৰু হতাশ মিলখা সিঙে একো একোবাৰ ডকাইত হোৱাৰো ইচ্ছা কৰিছিল। এজন ভাতৃৰ পৰামৰ্শত সেনা বাহিনীত ভৰ্তি হৈছিল। প্ৰথম তিনিওবাৰ চেষ্টা কৰি সেনা বাহিনীত ভৰ্তি হ'ব পৰা নাছিল।১৯৫২ চনত চতুৰ্থবাৰতহে যোগ্য বিবেচিত হৈছিল মিলখা।

ছেকেন্দ্ৰাবাদত থকা সময়ত ৫ মাইলৰ এক দৌৰ প্ৰতিযোগিতা হৈছিল সেনা বাহিনীৰ। সেনাৰ প্ৰশিক্ষকে ঘোষণা কৰিছিল শীৰ্ষ দহৰ ভিতৰত অহাসকলক একোগিলাছ অতিৰিক্ত গাখীৰ দিয়া হ'ব। সেইবাৰ মিলখা সিঙে ষষ্ঠ স্থান দখল কৰিছিল আৰু পাছত বিশেষ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছিল।



১৯৫৬ চনত মেলবৰ্ণ অলম্পিকলৈ বাছনি হৈছিল আৰু অনভিজ্ঞতাৰ কাৰণে সেইবাৰ দেশবাসী নিৰাশ হৈছিল মিলখাৰ পৰা। কিন্তু সেই অলিম্পিকত ৪০০ মিটাৰ দৌৰৰ বিজয়ী চাৰ্লছ জেনকিনছক লগ পাইছিল আৰু জেনকিনছে মিলখাক যথেষ্ট অনুপ্ৰাণিত কৰিছিল। জেনকিনছে মিলখাক আনকি প্ৰশিক্ষণ সম্পৰ্কীয় কিছি পৰামৰ্শ দিছিল যি পিছলৈ মিলখাৰ সফলতাৰ ভেটি আছিল।



১৯৬০ চনত ৰোম অলিম্পিকৰ আগে আগে ভাৰত-পাক ক্ৰীড়া সমাৰোহত পাকিস্তানৰ আব্দুল খালিকক পৰাস্ত কৰি সকলোকে আচৰিত কৰি তুলিছিল মিলখা সিঙে। ১৯৫৮ এছিয়ান গেমছত ১০০ মিটাৰত সোণৰ পদক, আৰু ৪০০ মিটাৰতো সোণৰ পদক জয় কৰিছিল। ২০০ মিটাৰত পাকিস্তানৰ আব্দুল খালিকক পৰাস্ত কৰিছিল মিলখাই। সেই সময়তে পাকিস্তানৰ ৰাষ্ট্ৰপতি জেনেৰেল আয়ুব খানে মিলখা সিঙক ফ্লায়িং শিখ (Flying Sikh) উপাধি বা নামেৰে নামকৰণ কৰিছিল ।

এক ঈৰ্ষণীয় ক্ৰীড়া প্ৰতিভাৰ অধিকাৰী মিলখা সিঙে ৮০টা দৌৰৰ ভিতৰত ৭৭টাতেই জয়লাভ কৰিছিল।
Published by: Manjumoni Borah
First published: June 19, 2021, 12:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি