আপুনিও পেঞ্চন যোজনাৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে এলআইচিয়ে লৈ আহিছে এক সুন্দৰ পেঞ্চন প্লেন। নাম সৰল পেঞ্চন যোজনা (Saral Pension Yojana)। এই পলিচীত কেৱল এবাৰ প্ৰিমিয়াম দিলে সমগ্ৰ জীৱন লাভ কৰিব পেঞ্চন। এলআইচি সৰল পেঞ্চন যোজনা এক ছিংগল প্ৰিমিয়াম প্লেন। এই যোগনা ১ জুলাইত আৰম্ভ কৰা হৈছিল।
এই পলিচী কেৱল এজনৰ নামত হ’ব। অৰ্থাৎ এই পেঞ্চন যোজনা কেৱল এজনৰ সৈতে সংযুক্ত হ’ব। পলিচী হ’ল্ডাৰ যিমানদিন জীয়াই থাকিব সিমানদিন পেঞ্চন লাভ কৰিব। ইয়াৰ পিছত নমিনি বেছ প্ৰিমিয়াম পাব।
এই আঁচনিত স্বামী আৰু স্ত্ৰী দুয়োৰে কভাৰেজ থাকিব। ইয়াত স্বামী আৰু স্ত্ৰীৰ ভিতৰত যিয়ে বেছিদিন জীয়াই থাকিব তেওঁ পেঞ্চন পাব আজীৱন। দুয়োজনৰ মৃত্যুৰ পিছত নমিনিয়ে পাব বেছ প্ৰাইচ।
কি কি সুবিধা পাব এই পেঞ্চন যোজনাত১. পলিচী লোৱাৰ লগে লগে হ’ল্ডাৰৰ পেঞ্চন আৰম্ভ হৈ যাব।
২. এয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে পেঞ্চন আপুনি ত্ৰিমাসিক, ছমাহ নে বাৰ্ষিক হিচাপে ল’ব বিচাৰে। এই বিকল্প আপুনি নিজেই ছিলেক্ট কৰিব পাৰিব।
৩. এই পেঞ্চন অনলাইন আৰু অফলাইন দুয়োধৰণে এই পলিচী ল’ব পাৰে।
৪. এই আঁচনিত বছৰি ১২০০০ টকা ন্যূনতম বিনিয়োগ কৰিব লাগিব। অধিতম বিনিয়োগৰ সীমা নাই।
৫. ৪০ৰ পৰা ৮০ বছৰৰ বয়সৰ লোকে এই আঁচনিত বিনিয়োগ কৰিব পাৰিব।
৬. পলিচী আৰম্ভ হোৱাৰ ছমাহৰ ভিতৰত পলিচী হ’ল্ডাৰে যিকোনো সময়ত ঋণ ল’ব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|