১২১ টকা দৈনিক জমা কৰক, ছোৱালীৰ বিয়াৰ সময়ত পাব ২৭ লাখ

আজি আমি আপোনালোকক LICৰ এনেকুৱা এক পলিচীৰ বিষয়ে জনাম যিখন আঁচনি বিশেষকৈ কন্যাৰ বিবাহৰ বাবে প্ৰস্তুত কৰা হৈছে। LIC–এ এই পলিচীৰ নাম ৰাখিছে ‘কন্যাদান’ আঁচনি।

News18-Assam
Updated:June 9, 2019, 1:30 PM IST
১২১ টকা দৈনিক জমা কৰক, ছোৱালীৰ বিয়াৰ সময়ত পাব ২৭ লাখ
আজি আমি আপোনালোকক LICৰ এনেকুৱা এক পলিচীৰ বিষয়ে জনাম যিখন আঁচনি বিশেষকৈ কন্যাৰ বিবাহৰ বাবে প্ৰস্তুত কৰা হৈছে। LIC–এ এই পলিচীৰ নাম ৰাখিছে ‘কন্যাদান’ আঁচনি।
News18-Assam
Updated: June 9, 2019, 1:30 PM IST
কন্যাৰ বিয়াৰ বাবে সকলো পিতৃ–মাতৃয়ে ধন জমা কৰে যাতে বিয়াৰ সময়ত সমস্যাৰ সন্মুখীন নহয়। কন্যাৰ বিয়াক লৈ পিতৃ–মাতৃৰ চিন্তা খৰচৰ পৰাই আৰম্ভ হয়। দেশৰ সৰ্ববৃহৎ বীমা কোম্পানী LIC অৰ্থাৎ লাইফ ইঞ্চুৰেন্স কৰ্প’ৰেচনে ইয়াৰ বাবে মুকলি কৰিছে এক আকৰ্ষণীয় আঁচনি। এই আঁচনিৰ জৰিয়তে কন্যাৰ বিয়াৰ বাবে আপুনি লাভ কৰিব ২৭ লাখ টকা।

কন্যাৰ সুন্দৰ ভৱিষ্যতৰ বাবে পিতৃ–মাতৃয়ে কন্যাৰ জন্মৰে পৰা ভাল ইনভেষ্টমেণ্ট পলিচী লোৱাৰ পৰিকল্পনা কৰে। আজি আমি আপোনালোকক LICৰ এনেকুৱা এক পলিচীৰ বিষয়ে জনাম যিখন আঁচনি বিশেষকৈ কন্যাৰ বিবাহৰ বাবে প্ৰস্তুত কৰা হৈছে। LIC–এ এই পলিচীৰ নাম ৰাখিছে ‘কন্যাদান’ আঁচনি।

এই আঁচনিৰ জৰিয়তে কিদৰে লাভান্বিত হ’ব

>> এই পলিচী গ্ৰহণ কৰাৰ পিছত বীমাকাৰীৰ মৃত্যু হ’লে পৰিয়ালে ভৰিব নালাগে প্ৰিমিয়াম। লগতে পৰিয়ালক প্ৰতিবছৰে দিয়া হ’ব ১ লাখ টকাকৈ।
>> এই আঁচনিত প্ৰতিদিনে ১২১ টকা হিচাপত প্ৰায় ৩৬০০ টকা মাহিলী প্ৰিমিয়াম দিব লাগিব। কিন্তু যদি কোনোবাই ইয়াতকৈ কম নাইবা বেছি প্ৰিমিয়ামো দিব বিচাৰে তেতিয়াও এই আঁচনিৰ সুবিধা পাব পাৰে।
>> ২৫ বছৰৰ বাবে এই পলিচী গ্ৰহণ কৰিব পাৰে।
>> ২২ বছৰলৈ দিব লাগিব প্ৰিমিয়াম।

>> দৈনিক ১২১ টকা নাইবা মাহিলী প্ৰায় ৩৬০০ টকাৰ প্ৰিমিয়াম।
>> মাজতে যদি বীমাকাৰীৰ মৃত্যু হয় তেন্তে পৰিয়ালে ভৰিব নালাগে প্ৰিমিয়াম।

দুৰ্ঘটনাত পতিত হ’লে প্ৰিমিয়াম
পলিচী খোলাৰ পিছত যদি বীমাকাৰীৰ মৃত্যু হয় তেন্তে পৰিয়ালে ভৰিব নালাগে কোনো প্ৰিমিয়াম। প্ৰিমিয়াম নিদিয়াকৈয়ে বীমাকাৰীৰ পৰিয়ালে প্ৰতিবছৰে লাভ কৰিব ১ লাখ টকাকৈ। তদুপৰি ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত পলিচীৰ নমিনিয়ে লাভ কৰিব ২৭ লাখ টকা। পিতৃৰ মৃত্যু হ’লে পৰিয়ালে শীঘ্ৰে লাভ কৰি ১০ লাখ টকা। দুৰ্ঘটনাত পিতৃৰ মৃত্যু হ’লে পাব ২০ লাখ টকা।
আৰু চাওক পৰৱৰ্তী বাতৰি