• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • আপোনাৰ LICৰ পলিচী আছে নেকি? সোনকালে কৰক এই কাম, অন্যথা নাপাব সাঁচতীয়া পইচা

আপোনাৰ LICৰ পলিচী আছে নেকি? সোনকালে কৰক এই কাম, অন্যথা নাপাব সাঁচতীয়া পইচা

আপোনাৰ ধন সময়মতে পাবলৈ পলিচীৰ সৈতে বেংক একাউণ্ট লিংক কৰাটো প্ৰয়োজনীয়।

আপোনাৰ ধন সময়মতে পাবলৈ পলিচীৰ সৈতে বেংক একাউণ্ট লিংক কৰাটো প্ৰয়োজনীয়।

আপোনাৰ ধন সময়মতে পাবলৈ পলিচীৰ সৈতে বেংক একাউণ্ট লিংক কৰাটো প্ৰয়োজনীয়।

  • Share this:
যদি আপোনাৰ ভাৰতীয় জীৱন বিমান নিগমৰ পলিচী আছে তেন্তে এই খবৰ অতি প্ৰয়োজনীয়। LIC–এ নিজৰ গ্ৰাহকসকলক জনাইছে যে আপোনাৰ ধন সময়মতে পাবলৈ পলিচীৰ সৈতে বেংক একাউণ্ট লিংক কৰাটো প্ৰয়োজনীয়। যদি এই কাম নকৰে তেন্তে আপোনাৰ ধন আবদ্ধ হৈ থাকিব পাৰে।

পূৰ্বে LIC-এ গ্ৰাহকক চেকৰ জৰিয়তে পাবলগীয়া ধন পৰিশোধ কৰিছিল, কিন্তু এতিয়া সেই নিয়ম বন্ধ কৰি দিয়া হৈছে। বৰ্তমান গ্ৰাহকৰ বেংক একাউণ্টতহে জমা হয় পলিচীৰ ধন। সেয়েহে, যদি আপোনাৰ পলিচী বেংক একাউণ্টৰ সৈতে লিংক কৰা নাই তেন্তে শীঘ্ৰে কৰি লওক।

LICৰ পলিচী বেংক একাউণ্টৰ সৈতে লিংক কৰাটো তেনেই সহজ। ইয়াৰ বাবে আপুনি বেংকৰ কেনচেল চেক বা বেংক পাছবুকৰ সন্মুখৰ পৃষ্ঠাৰ ফটোষ্টেট কপি ওচৰৰে LICৰ শাখালৈ গৈ জমা কৰিব লাগিব।



LICৰ কাৰ্যালয়ত আপুনি NEFT ফৰ্ম ফিল–আপ কৰিব লাগিব। এই ফৰ্মৰ সৈতে কেনচেল চেক বা বেংকৰ পাছবুকৰ ফটোকপি গাঠি দিব লাগিব। ইয়াৰ ১ সপ্তাহ পিছতে আপোনাৰ পলিচী বেংক একাউণ্টৰ সৈতে লেংক হৈ যাব। ইয়াৰ বাবে আপুনি কোনো ধৰণৰ মাচুল ভৰিব নালাগে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: