• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • কম টকা বিনিয়োগ কৰি উপাৰ্জন কৰক দুগুণ লাভ! LICৰ এই বিশেষ আঁচনিত বিনিয়োগ কৰক আৰু লাভ কৰক ভাল ৰিটাৰ্ণ

কম টকা বিনিয়োগ কৰি উপাৰ্জন কৰক দুগুণ লাভ! LICৰ এই বিশেষ আঁচনিত বিনিয়োগ কৰক আৰু লাভ কৰক ভাল ৰিটাৰ্ণ

ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LICৰ এনে এক আঁচনি আছে, য'ত আপুনি কম বিনিয়োগ কৰিয়েই এক ভাল ৰিটাৰ্ণ লাভ কৰিব পাৰিব।

ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LICৰ এনে এক আঁচনি আছে, য'ত আপুনি কম বিনিয়োগ কৰিয়েই এক ভাল ৰিটাৰ্ণ লাভ কৰিব পাৰিব।

ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LICৰ এনে এক আঁচনি আছে, য'ত আপুনি কম বিনিয়োগ কৰিয়েই এক ভাল ৰিটাৰ্ণ লাভ কৰিব পাৰিব।

  • Share this:
যদি আপুনি ক'ৰবাত বিনিয়োগৰ পৰিকল্পনা কৰি আছে আৰু ক'ত, কেনেকৈ বিনিয়োগ কৰিব তাক লৈ দ্বিধাত আছে, তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LICৰ এনে এক আঁচনি আছে, য'ত আপুনি কম বিনিয়োগ কৰিয়েই এক ভাল ৰিটাৰ্ণ লাভ কৰিব পাৰিব।

দৰাচলতে, এলআইচিৰ নিৱেশ প্লাছ প্লেন (LIC Nivesh Plus Plan) হৈছে একক প্ৰিমিয়াম, নন পাৰ্টিচিপেটিং, একক-সংযোজিত আৰু ব্যক্তিগত জীৱন বীমা। যিয়ে আঁচনিৰ সময়ছোৱাত বীমাৰ সৈতে বিনিয়োগ কৰাৰ বিকল্পও প্ৰদান কৰে।

আপুনি অফলাইনৰ লগতে অনলাইনৰ যোগেদিও এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। আঁচনি গ্ৰহণকাৰীৰ ওচৰত নিশ্চিত মৌলিক ধন বাছনি কৰাৰো সুবিধা আছে।

৪ প্ৰকাৰৰ পুঁজি -
এই আঁচনিৰ অধীনত ৪ প্ৰকাৰৰ পুঁজি উপলব্ধ। সেয়া হৈছে বণ্ড ফাণ্ড, সুৰক্ষিত পুঁজি, সন্তুলিত পুঁজি আৰু বিকাশ পুঁজি। আপুনি ইয়াৰে যিকোনো এটাত আপুনি বিনিয়োগ কৰিব পাৰে।

নিশ্চিত মৌলিক ধন বাছনি কৰাৰ সুবিধা -
আপুনি এই আঁচনিখন অফলাইনৰ লগতে অনলাইনৰ জৰিয়তেও ক্ৰয় কৰিব পাৰে। আঁচনি গ্ৰহণকাৰীৰ ওচৰত নিশ্চিত মৌলিক ধন বাছনি কৰাৰ সুবিধা আছে। এই নিশ্চিত বিকল্পবোৰ একক প্ৰিমিয়ামৰ ১.২৫ গুণ বা একক প্ৰিমিয়ামৰ ১০ গুণ।

যোগ্যতা -

এলআইচিৰ নিৱেশ প্লাছ প্লেন (LIC Nivesh Plus Plan) আঁচনিত প্ৰৱেশৰ ন্যূনতম বয়স হৈছে ৯০ দিনৰ পৰা ৭০ বছৰ।

ম্যাদ আৰু প্ৰিমিয়ামৰ সীমা -
আঁচনিখনৰ ম্যাদ ১০ ৰ পৰা ৩৫ বছৰ আৰু লক-ইন ম্যাদ হৈছে ৫ বছৰ। প্ৰিমিয়ামৰ নূন্যতম সীমা হৈছে ১ লাখ টকা, আনহাতে সৰ্বাধিক কোনো সীমা নাই।

মেচুউৰিটি লাভালাভ -
যদি আঁচনিধাৰক আঁচনিৰ ম্যাদ লৈকে জীয়াই থাকে, তেন্তে তেওঁ বিনিয়োগ কৰা ধনৰ লগতে তাৰ সমমূল্যৰ সুত লাভ কৰিব অৰ্থাৎ দূগুণ হৈ পৰিব বিনিয়োগকাৰীৰ ধন।

ফ্ৰী-লুক পিৰিয়ড -

কোম্পানীটোৱে ইয়াৰ গ্ৰাহকক ফ্ৰী-লুক ম্যাদ প্ৰদান কৰে। যাতে গ্ৰাহকে ইয়াৰ মাজতে গ্ৰাহকে আঁচনিখন ঘূৰাই দিব পাৰে। যদি আঁচনিখন পোনপটীয়াকৈ কোম্পানীৰ পৰা ক্ৰয় কৰা হয় তেন্তে ১৫ দিন আৰু অনলাইন ক্ৰয় কৰিলে ৩০ দিনৰ ফ্ৰী-লুক ম্যাদ প্ৰযোজ্য হয়।

মৃত্যুৰ লাভালাভ -
যদি আঁচনিৰ চলি থকাৰ মাজতে বীমাকাৰীৰ মৃত্যু হয়, তেন্তে মনোনীত ব্যক্তিজন মৃত্যুৰ সুবিধা প্ৰাপ্ত কৰাৰ অধিকাৰী হয়।

আংশিক প্ৰত্যাহাৰ -

এলআইচিৰ নিৱেশ প্লাছ প্লেন (LIC Nivesh Plus Plan)ত কোম্পানীয়ে গ্ৰাহকসকলক আঁচনিৰ ষষ্ঠ বৰ্ষৰ পিছত আংশিক প্ৰত্যাহাৰ কৰাৰ অনুমতি দিয়ে। ইপিনে নাবালকৰ ক্ষেত্ৰত ১৮ বছৰ বয়সৰ পিছতহে আংশিক প্ৰত্যাহাৰৰ অনুমতি দিয়া হয়।lic-nivesh-plus-plan-one-time-investment-and-good-return-eligibility-maturity-benefits-key-features-to-know-samp-3573739.html
Published by:Sanjay Kumar Das
First published: