আপোনাৰ সন্তানৰ নামত দৈনিক জমা কৰক ২০৬ টকাকৈ, পাব ২৭ লাখ

News18 Assam | News18-Assam
Updated:December 30, 2019, 9:10 AM IST
আপোনাৰ সন্তানৰ নামত দৈনিক জমা কৰক ২০৬ টকাকৈ, পাব ২৭ লাখ
যদি আপোনাৰ শিশুৰ ৫ বছৰ বয়সত এই পলিচী খোলে তেন্তে ২০ বছৰ পিছত অৰ্থাৎ যেতিয়া সন্তানৰ বয়স ২৫ বছৰ হ’ব তেতিয়া এই পলিচী মেচ্যুৰ হ’ব।

যদি আপোনাৰ শিশুৰ ৫ বছৰ বয়সত এই পলিচী খোলে তেন্তে ২০ বছৰ পিছত অৰ্থাৎ যেতিয়া সন্তানৰ বয়স ২৫ বছৰ হ’ব তেতিয়া এই পলিচী মেচ্যুৰ হ’ব।

  • Share this:
সকলো পিতৃ–মাতৃয়ে নিজৰ সন্তানৰ সুন্দৰ ভৱিষ্যৎ কামনা কৰে। শিশুৰ উচ্চ শিক্ষাৰ বাবে বুজন পৰিমাণৰ ধনৰ প্ৰয়োজন হয়। ভাৰতীয় জীৱন বীমা নিগমে আপোনাৰ শিশুৰ বাবে লৈ আহিছে এক বিশেষ পলিচী। এই পলিচীৰ নাম New Children's Money Back Plan। যদি আপুনি LICৰ এই পলিচী লয় তেন্তে দৈনিক ২০৬ টকা জমা কৰি জমা কৰিব পাৰে ২৭ লাখ টকা।

কেনেকৈ পাব ২৭ লাখ
যদি আপোনাৰ শিশুৰ ৫ বছৰ বয়সত এই পলিচী খোলে তেন্তে ২০ বছৰ পিছত অৰ্থাৎ যেতিয়া সন্তানৰ বয়স ২৫ বছৰ হ’ব তেতিয়া এই পলিচী মেচ্যুৰ হ’ব। যদি আপুনি ছাম এছিউৰ্ড ১৪ লাখ টকাৰ পলিচী লয় তেন্তে আপুনি মেচ্যুৰিটীৰ সময়ত ২৬,৭৪,০০০ টকা লাভ কৰিব।

১. এই বীমা পলিচী লোৱাৰ ন্যূনতম বয়স ০ বছৰ।
২. বীমা লোৱাৰ ঊৰ্ধ্বতম বয়স ১২ বছৰ।
৩. ন্যূনতম বীমা ৰাশি ১লাখ টকা।
৪. ঊৰ্ধ্বতম বীমা ৰাশিৰ কোনো সীমা নাই।

পলিচী মেচ্যুৰিটীৰ সময়ত পলিচীৰ গৰাকীয়ে ৪০ শতাংশ বোনাচৰ সৈতে লাভ কৰিব বীমাৰ ধন। পলিচীৰ গৰাকীৰ মৃত্যু হ’লে সাধাৰণ প্ৰত্যাৱৰ্তী বোনাচ আৰু অন্তিম অতিৰিক্ত বোনাচ দিয়া হয়। ডেথ বেনিফিট ফুল প্ৰিমিয়ামৰ ১০৫ শতাংশৰ কম নহয়।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি