দেশৰ সৰ্ববৃহৎ জীৱন বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LICয়ে ইয়াৰ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়াইছে কেইবাখনো আঁচনি। য'ত গ্ৰাহকসকলে বিনিয়োগ কৰি এক ভাল লাভলাভ লাভ কৰি আহিছে। এই LICৰেই একে ধৰণৰ বিশেষ আঁচনি আছে, যি শিশুসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে। তেনেই এখন হৈছে 'নিউ চিলড্ৰেনছ মানি বেক প্লেন' (LIC New Children's Money Back Plan), যি কেৱল শিশুসকলৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰস্তুত কৰা হৈছে।
সন্তানৰ ভৱিষ্যতৰ বাবে এই আঁচনিখনৰ মুখ্য বিষয়বোৰ জানি লওক আপুনিও
>> এই বীমা গ্ৰহণ বা ক্ৰয়ৰ ন্যূনতম বয়স হৈছে 0 বছৰ।
>> এই বীমা গ্ৰহণ বা ক্ৰয়ৰ সৰ্বাধিক বয়স হৈছে ১২ বছৰ অৰ্থাৎ আপোনাৰ সন্তানৰ বয়স ১২ বছৰতকৈ অধিক হ'লে ইয়াত বিনিয়োগ কৰিব নোৱাৰিব।
>> ইয়াৰ ন্যূনতম বীমা ৰাশি হৈছে ১০,০০০ টকা।
>> সৰ্বাধিক বীমা ৰাশিৰ কোনোধৰণৰ সীমা নাই অৰ্থাৎ আপুনি যিমান ইচ্ছা ধন বিনিয়োগ কৰিব পাৰে।
>> প্ৰিমিয়াম ৱেভ বেনিফিট ৰাইডাৰ-বিকল্পও উপলব্ধ এই আঁচনিত।
ম্যাদপূৰ্তিৰ সময়সীমা - LICৰ এই নতুন 'নিউ চিলড্ৰেনছ মানি বেক প্লেন' (LIC New Children's Money Back Plan)ৰ মুঠ সময়সীমা ২৫ বছৰ।
মানি বেক ইনষ্টলেশ্বন - এই আঁচনিৰ অধীনত শিশুটিৰ ১৮, ২০ আৰু ২২ বছৰ বয়সত বীমাকৃত মৌলিক পৰিমাণৰ ২০-২০ শতাংশ পৰিশোধ কৰা হয়। আঁচনিৰ গৰাকীৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত বাকী ৪০% পৰিশোধ কৰা হ'ব লগতে একে সময়তে সকলো বকেয়া বোনাচো পৰিশোধ কৰা হ'ব।
ম্যাদপূৰ্তিৰ লাভালাভ - আঁচনিৰ ম্যাদপুৰ্তিৰ সময়ত (আঁচনিৰ গৰাকীৰ মৃত্যু ন'হলে), আঁচনিধাৰকে বীমা ৰাশিৰ বাকী ৪০% ধনৰ সৈতে বোনাচো লাভ কৰিব।
আঁচনিৰ গৰাকীৰ মৃত্যুৰ ক্ষেত্ৰত, বীমা ৰাশিৰ উপৰিও ইয়াত জড়িত হৈ থকা বোনাচ আৰু অন্তিম অতিৰিক্ত বোনাচ প্ৰদান কৰা হয়। মুঠ প্ৰিমিয়াম পৰিশোধৰ ১০৫ শতাংশতকৈ কম নহ'ব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 20, 2021, 12:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।