জানি লওক এই বিশেষ আঁচনিৰ বিষয়ে
জানি লওক এই বিশেষ আঁচনিৰ বিষয়ে
দেশৰ সৰ্ববৃহত্ বীমা প্ৰতিষ্ঠান এল আই চিয়ে সময়ে সময়ে নিজৰ গ্ৰাহকসকলৰ বাবে বিভিন্ন ধৰণৰ স্কীম হাতত লৈ আহিছে। যি স্কীমৰ জৰিয়তে নিজৰ ভৱিষ্যত সুন্দৰ কৰি তোলাৰ বিশেষ সুবিধা লাভ কৰে গ্ৰাহকসকলে। এল আই চিৰ আছে এখন বিশেষ পলিচী। যাৰ নাম হ’ল- এল আই চি মানী বেক পলিচী।
জানি লওক এই পলিচীৰ বিষয়েঃ
এল আই চিৰ এই মানী বেক পলিচী এটা নন লিংকড লাইফ ইঞ্চুৰেন্স পলিচী। য’ত গাৰেণ্টীড ৰিটাৰ্ণ আৰু বোনাচ লাভ কৰিব পৰা যায়। এই স্কীমৰ অন্তৰ্গত গ্ৰাহকে প্ৰতি পাঁচ বছৰত মানী বেক, মেচিউৰিটীৰ সময়ত বৃহত্ ৰিটাৰ্ণ, লগতে টেক্স ইঞ্চুৰেন্স বেনিফিটো লাভ কৰে।
মেচিউৰিটীৰ সময়ত লাভ কৰা ধনৰাশি হ’ব টেক্স ফ্ৰীঃ
এই প্লেনৰ অন্তৰ্ভুক্ত হ’বলৈ আপোনাৰ লগত থাকিব ২০ বছৰ, ২৫ বছৰৰ দুটা অপশ্যন। এই পলিচী সম্পূ্ণ টেক্স ফ্ৰী। লগতে ইয়াৰ সুতৰ হাৰ, প্ৰিমিয়াম পেমেণ্ট আৰু মিচিউৰিটীৰ সময়ত লাভ কৰিবলগীয়া ধনৰাশিত কোনো ধৰণৰ টেক্স নালাগে। এই প্লেনত যদি আপুনি ২৫ বছৰ পৰ্যন্ত প্ৰতি দিনে ১৬০ টকা বিনিয়োগ কৰে তেন্তে ২৫ বছৰৰ পিছত লাভ কৰিব পাৰিব ২৩ লাখ পৰ্যন্ত টকা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|