LICৰ নতুন পলিচী, দৈনিক ২৮ টকাকৈ জমা কৰি সুৰক্ষিত কৰক আপোনাৰ ভৱিষ্যৎ

পলিচী থকা লোকৰ আকস্মিক মৃত্যু হ’লে পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰে এই প্লেনে।

News18-Assam
Updated:July 26, 2019, 8:07 AM IST
LICৰ নতুন পলিচী, দৈনিক ২৮ টকাকৈ জমা কৰি সুৰক্ষিত কৰক আপোনাৰ ভৱিষ্যৎ
পলিচী থকা লোকৰ আকস্মিক মৃত্যু হ’লে পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰে এই প্লেনে।
News18-Assam
Updated: July 26, 2019, 8:07 AM IST
ভাৰতীয় জীৱন বীমা নিগমে নতুন মাইক্ৰ’ ইনচুৰেঞ্চ প্লেন ‘মাইক্ৰ’ বচত’ কিছুদিন পূৰ্বে মুকলি কৰিছে। এই ৰেগুলাৰ প্ৰিমিয়ামৰ প্লেনত কেইবাটাও ফিচাৰ আছে। এই ইঞ্চুৰেঞ্চ প্লেনত ৫০ হাজাৰ টকাৰ পৰা ২ লাখ টকালৈ বীমা লাভ কৰিব। এই পলিচীত ঋণৰ সুবিধাও আছে। সুৰক্ষা আৰু জমাৰ সংযোগ এই প্লেন। পলিচী থকা লোকৰ আকস্মিক মৃত্যু হ’লে পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰে এই প্লেনে। আহক জানো এই পলিচীৰ বিষয়ে।

কোনে ল’ব পাৰে এই প্লেন?
- শাৰীৰিকভাৱে সুস্থ যিকোনো লোকেই এই পলিচী খুলিব পাৰে

– এই প্লেনৰ বাবে ১৮ বছৰ হোৱাটো প্ৰয়োজনীয়
– ৫৫ বছৰৰ ওপৰৰ লোকে কৰিব নোৱাৰে এই পলিচী
– কোনো মেডিকেল পৰীক্ষাৰ প্ৰয়োজন নাই

মেচ্যুৰিটী লাভ

এই প্লেন মেচ্যুৰিটী হ’লে সম্পূৰ্ণ টকা লাভ কৰিব। যদি পলিচীৰ গৰাকীৰ মৃত্যু হয় তেন্তে সম্পূৰ্ণ ধন পৰিয়ালে লাভ কৰিব। যদি কোনো লোকে ৩ বছৰলৈ প্ৰিমিয়াম দিয়ে তেন্তে তেওঁ মাইক্ৰ’ বচত প্লানত ঋণৰ সুবিধাও পাব।

কিমান দিব লাগিব প্ৰিমিয়াম
মাইক্ৰ’ বচত ইঞ্চুৰেঞ্চ প্লেনত ১০ বছৰ, ১২ বছৰ আৰু ১৫ বছৰ প্ৰিমিয়াম দিয়াৰ বিকল্প আছে। ইয়াৰ জৰিয়তে ১৮ বছৰ বয়সৰ কোনো লোকে যদি ১৫ বছৰৰ প্লেন লয় তেন্তে প্ৰতি হাজাৰত বছৰি ৫১.৫ টকা প্ৰিমিয়াম দিব লাগিব। ইফালে, ২৫ বছৰৰ কোনো লোকে ১৫ বছৰৰ প্লেন ল’লে ৫১.৬০ টকা প্ৰিমিয়াম দিব লাগিব। ৩৫ বছৰৰ লোকে ৫২.২০ টকা, ৪৫ বছৰৰ লোকে ৫৪.৫০ টকা আৰু ৫৫ বছৰৰ লোকে ৫৯.৮০ টকা প্ৰতি হাজাৰত প্ৰিমিয়াম দিব লাগিব। বাৰ্ষিক প্ৰিমিয়ামত ২ শতাংশ ৰেহাই পাব। যদি পলিচী খোলাৰ পিছতে আপোনাৰ পছন্দ নহয় তেন্তে ১৫দিনৰ ভিতৰত ছাৰেণ্ডাৰ কৰিব পাৰে।

ঋণৰ সুবিধা
– ৩ বছৰলৈ প্ৰিমিয়াম দিয়াৰ পিছত পলিচীৰ গৰাকীয়ে ঋণ ল’ব পাৰে।
– এই আঁচনিত বিনিয়োগ কৰিলে আয়কৰৰ ছেকচন ৮০চিৰ হিচাপত কৰৰ লাভ পাব।
আৰু চাওক পৰৱৰ্তী বাতৰি