মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ! LICৰ এই যোজনাত ১৩০ টকাকৈ জমা কৰিলে মেচিউৰিটীত পাব ২৭ লাখ

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ! LICৰ এই যোজনাত ১৩০ টকাকৈ জমা কৰিলে মেচিউৰিটীত পাব ২৭ লাখ

LIC Kanyadaan Policy অনুসৰি , প্ৰতিদিনে ১৩০ টকা ( ৪৭,৪৫০/- টকা বছৰে) জমা কৰিব লাগিব তেতিয়া হলে ছোৱালীৰ ২৫ বছৰ বয়সত ২৭ লাখ টকা এল আই চিয়ে দিব।

  • Share this:
চৰকাৰৰ তৰফৰ পৰা ছোৱালীৰ ভবিষ্যৎ সুৰক্ষিত কৰিবলৈ বহু আচঁনি ( Best investment schemes ) এতিয়ালৈকে লোৱা হৈছে। এইবাৰ লাইফ ইঞ্চুৰেন্স কোম্পানী( LIC )ৰ তৰফৰ পৰা ছোৱালীৰ ভবিষ্যতৰ কথা চিন্তা কৰি এক বিশেষ আঁছনি লৈ আহিছে বজাৰলৈ। এই বিশেষ আঁছনিৰ নাম এল আই চি কন্যাদান পলিচী ( LIC Kanyadaan Policy )। এই আঁচনিত টকা জমা কৰি পিতৃ–মাতৃয়ে তেওঁলোকৰ জীয়ৰীৰ উচ্চশিক্ষা অথবা বিবাহৰ বাবে বৃহৎ অংকৰ টকাৰ ফাণ্ড তৈয়াৰ কৰি লব পাৰিব।

LIC Kanyadaan Policy অনুসৰি , প্ৰতিদিনে ১৩০ টকা ( ৪৭,৪৫০/- টকা বছৰে) জমা কৰিব লাগিব তেতিয়া হলে ছোৱালীৰ ২৫ বছৰ বয়সত ২৭ লাখ টকা এল আই চিয়ে দিব। LIC Kanyadaan Policyৰ বাবে বিনিয়োগকাৰীৰ বয়স কমপক্ষে ৩০ হ’ব লাগিব আৰু ছোৱালীৰ বয়স কমপক্ষে এবছৰ হব লাগিব। এই পলিচীৰ মেচিউৰিটীৰ সময় অতি কমেও ১৩ বছৰ। যদি উক্ত সময়ৰ ভিতৰত পলিচী হোল্ডাৰৰ মৃত্যু হয় তেনেহ’লে এল আই চি ৰ তৰফৰ পৰা অতিৰিক্ত পাচঁ লাখ টকা দিয়া হ’ব।

কোনো বিনিয়োগকাৰীয়ে যদি ৫ লাখ টকাৰ বীমা কৰে তেনেহ’লে ২২ বছৰলৈ মাহে ১৯৫১ টকাকৈ দিব লাগিব। তেনেক্ষেত্ৰত মেচিউৰিটীৰ পৰিমাণ হব ১৩.৩৭ লাখ টকা। একেদৰে ১০ লাখ টকাৰ পলিচি কৰিলে মাহেকত ৩৯০১ টকা প্ৰিমিয়াম আৰু ছোৱালীৰ ২৫ বছৰ বয়সত পাব  ২৬.৭৫ লাখ টকা।

আনহাতে, বিনিয়গকাৰীয়ে এই আঁচনিৰ বাবে আয়কৰৰ ক্ষেত্ৰত পাব বিশেষ সুবিধা। আয়কৰ আইন 1961ৰ 80cৰ অধীনত ১.৫ লাখলৈ আয়কৰ ৰেহাই পোৱা যাব পাৰে।

শেহতীয়া বাতৰি