• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • LIC Kanyadaan policy: ১৩০ টকা জমা কৰি কন্যাৰ বিয়াত লাভ কৰক ২৭ লাখ টকা...

LIC Kanyadaan policy: ১৩০ টকা জমা কৰি কন্যাৰ বিয়াত লাভ কৰক ২৭ লাখ টকা...

জীৱন বীমা নিগমৰ কন্যাদান পলিচীৰ অধীনত, এজন বিনিয়োগকাৰীয়ে দৈনিক ১৩০ টকা (বছৰি ৪৭,৪৫০ টকা) জমা কৰিব লাগিব। এই পলিচীত ৩ বছৰতকৈ কম সময়ৰ বাবে প্ৰিমিয়াম পৰিশোধ কৰা হ'ব। ২৫ বছৰৰ পিছত, এল.আই.চিয়ে তেওঁক প্ৰায় ২৭ লাখ টকা পৰিশোধ কৰিব।

  • Share this:
কন্যা সন্তান জন্ম হোৱাৰ পিছতেই বহু পিতৃ-মাতৃয়ে কন্যাৰ উন্নত ভৱিষ্যতৰ বাবে আৰম্ভ কৰে ধন জমা। ইয়াৰ বাবে পিতৃ-মাতৃয়ে এক সুন্দৰ বিনিয়োগ নীতিৰ জৰিয়তে কন্যাৰ শিক্ষা-দীক্ষা আৰু বিবাহৰ ক্ষেত্ৰত যাতে বাধা নাহে তাৰ দিহা কৰে। কন্যাৰ উন্নত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰেও বহু আঁচনি অব্যাহত ৰাখিছে। কন্যা অথবা জীয়ৰীসকলৰ সুন্দৰ ভৱিষ্যতৰ বাবে ভাৰতীয় জীৱন বীমা নিগমে (LIC) কন্যাদান আঁচনি (LIC Kanyadaan policy) নামেৰে এক বিশেষ পলিচী প্ৰস্তুত কৰিছে। এই পলিচীয়ে নিম্ন উপাৰ্জনৰ পিতৃ-মাতৃসকলক কন্যাৰ বিবাহৰ সময়ত প্ৰয়োজনীয় ধনৰ ক্ষেত্ৰত সহায়ক হিচাপে কাম কৰিব।

LICৰ কন্যাদান পলিচীৰ বিষয়ে জানো আহক ...

জীৱন বীমা নিগমৰ কন্যাদান পলিচীৰ অধীনত, এজন বিনিয়োগকাৰীয়ে দৈনিক ১৩০ টকা (বছৰি ৪৭,৪৫০ টকা) জমা কৰিব লাগিব। এই পলিচীত ৩ বছৰতকৈ কম সময়ৰ বাবে প্ৰিমিয়াম পৰিশোধ কৰা হ'ব। ২৫ বছৰৰ পিছত, এল.আই.চি.-য়ে তেওঁক প্ৰায় ২৭ লাখ টকা পৰিশোধ কৰিব। জীৱন বীমা নিগমৰ কন্যাদন পলিচীত (LIC Kanyadaan policy) নামভৰ্তিৰ বাবে বিনিয়োগকাৰীৰ নিম্নতম বয়স হৈছে ৩০ বছৰ আৰু বিনিয়োগকাৰীৰ কন্যাৰ নিম্নতম বয়স ১ বছৰ হ'ব লাগে।

বিয়াৰ পূৰ্বে পাব ২৭ লাখ টকা

এই পলিচীৰ নিম্নতম মেচ্চিউৰিটি পিৰিয়ড হৈছে ১৩ বছৰ। যদি কোনো কাৰণত বীমাকৃত ব্যক্তিজনৰ মৃত্যু হয়, জীৱন বীমা নিগমৰ হৈ ব্যক্তিজনক অতিৰিক্ত ৫ লাখ টকা পৰিশোধ কৰিব লাগিব। যদি এজন ব্যক্তিয়ে ৫ লাখ টকাৰ বীমা লয়, তেন্তে তেওঁ ২২ বছৰৰ বাবে ১৯৫১ টকাৰ মাহিলী কিস্তি পৰিশোধ কৰিব লাগিব। সময় সম্পূৰ্ণ হোৱাৰ পিছত LICৰ পৰা ১৩.৩৭ লাখ টকা প্ৰাপ্ত কৰিব। একেদৰে, যদি কোনো ব্যক্তিয়ে ১০ লাখ টকাৰ বীমা কৰে, তেন্তে তেওঁ মাহে ৩৯০১ টকাৰ কিস্তি পৰিশোধ কৰিব লাগিব। ২৫ বছৰৰ পিছত এলআইচিয়ে ২৬.৭৫ তেওঁক লাখ পৰিশোধ কৰিব।

কৰ ৰেহাই

আয়কৰ অধিনিয়ম ১৯৬১-ৰ ধাৰা 80C-ৰ অধীনত, এজন বিনিয়োগকাৰীয়ে পৰিশোধ কৰা প্ৰিমিয়ামৰ ওপৰত কৰ ৰেহাই দাবী কৰিব পাৰে। ১.৫০ লাখ টকালৈকে আছে সৰ্বাধিক কৰ ৰেহাই । উল্লেখ্য যে, এই আঁচনিখনত আবেদনৰ বাবে আধাৰ কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, পৰিচয় পত্ৰ, জন্মপ্ৰমাণ পত্ৰৰ দৰে গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ প্ৰয়োজন হ'ব।
Published by:Kokil Sarma
First published: