সুৰক্ষিত ভৱিষ্যতৰ বাবে এতিয়াৰ পৰাই সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। অৱসৰৰ পিছৰ ধনৰ সমস্যাৰ পৰা নিজকে মুক্ত কৰি ৰাখিবলৈ যদি সঠিক স্থানত বিনিয়োগ কৰা হয় তেন্তে আপুনি এক বৃহৎ লাভ পাব পাৰে। তেনেস্থলত আপোনাৰ বাবে ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LICৰ জীৱন শান্তি আঁচনি (Jeevan Shanti Scheme) এক সঠিক বিকল্প হ'ব পাৰে। আপুনি ইয়াত এবাৰ বিনিয়োগ কৰি লগে লগে পেঞ্চনৰ সুবিধা লাভ কৰিব পাৰে। আপুনি বিচাৰিলে এই সুবিধা পিছতো ল'ব পাৰে।
এই আঁচনিয়ে আপোনাক এক বৃহৎ লাভ প্ৰদানৰ সৈতে সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰে। লগতে আপুনি ইয়াত জীৱন বীমাৰ সুবিধাও লাভ কৰিব। যিয়ে আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰিব। আপুনি আপোনাৰ মতে এই আঁচনিত বিনিয়োগ কৰা ধনৰ পৰিমাণ নিৰ্ধাৰণ কৰিব পাৰে, কিয়নো ইয়াত কোনোধৰণৰ ধন জমাৰ সীমা নাই। অৱশ্যে ন্যূনতম পৰিমাণ ১.৫ লাখ টকা হ'ব লাগিব। গতিকে জানি লওক দৰাচলতে এই আঁচনিখন কেনেধৰণৰ আৰু আপুনি ইয়াত কেনেদৰে বিনিয়োগ কৰিব?
কি এই জীৱন শান্তি আঁচনি?
এইটো এক একক প্ৰিমিয়াম আঁচনি অৰ্থাৎ আপুনি এবাৰতে ক্ৰয় মূল্য পৰিশোধ কৰি এই আঁচনিৰ লাভ উঠাব পাৰে। ইয়াৰ বিপৰীতে LICয়ে আপোনাক জীৱনৰ বাবে নিৰ্ধাৰিত ব্যৱধানত নিয়মীয়া পৰিমাণৰ ধন পৰিশোধ কৰি থাকিব। আপুনি এই ধনৰ পৰিমাণখিনি মাহিলি, তিনিমহীয়া, অৰ্ধ-বাৰ্ষিক বা বাৰ্ষিক হিচাপত গ্ৰহণ কৰিব পাৰে। এই নিয়মীয়া পৰিশোধৰ পৰিমাণক এনুইটি (Annuity)বুলি কোৱা হয়। এই আঁচনিত আপোনাৰ বাবে আছে ২টা বিকল্প, এটা হৈছে তাৎক্ষণিক এনুইটি(Immediate Annuity) আৰু দ্বিতীয়টো হৈছে ডিফাৰ্ড এনুইটি(Deferred Annuity)।
তাৎক্ষণিক এনুইটি(Immediate Annuity) আৰু ডিফাৰ্ড এনুইটি(Deferred Annuity) মাজৰ পাৰ্থক্য -তাৎক্ষণিক এনুইটিত বিনিয়োগকাৰীয়ে পৰিশোধ তাৎক্ষণাৎ লাভ কৰিবলৈ আৰম্ভ কৰে। যদি আপুনি একক পৰিশোধেৰে আঁচনিখন এখন ক্ৰয় কৰে আৰু আপুনি বাছনি কৰা পৰিশোধৰ ম্যাদ অনুসৰি আপুনি ধন লাভ কৰা আৰম্ভ কৰিব। যদি আপুনি মাহিলী পৰিশোধ বাছনি কৰে, আপুনি প্ৰথম মাহৰ পৰা এনুইটি পৰিশোধ লাভ কৰিব।
আনফালে, যদি আপুনি ডিফাৰ্ড এনুইটিত একক প্ৰিমিয়ামেৰে আঁচনিখনত বিনিয়োগ কৰে, তেন্তে আপুনি কেইবছৰমানৰ পিছত ধন লাভ কৰিব। যিসকলে যুৱ বয়সত বিনিয়োগ কৰি তেওঁলোকৰ বৃদ্ধ বয়স সুৰক্ষিত কৰিব বিচাৰে তেওঁলোকৰ বাবে এই বিকল্পটো উত্তম। আপুনি আঁচনিখনৰ সৈতে সম্পৰ্কিত বিতং তথ্য প্ৰাপ্ত কৰিবলৈ LICৰ অফিচিয়েল ৱেবছাইটলৈ যাব পাৰে বা শাখাৰ সৈতে যোগাযোগ কৰিব পাৰে।
কোনে বিনিয়োগ কৰিব পাৰিব -LICৰ এই আঁচনিত আপুনি ৫, ১০, ১৫ বা ২০ বছৰৰ পিছত পেঞ্চন আৰম্ভ কৰিব পাৰে। আপুনি বিচাৰিলে তৎক্ষণাৎ পেঞ্চন সুবিধাও লাভ কৰিব পাৰে। এই আঁচনি গ্ৰহণৰ বাবে কমেও ৩০ বছৰ বয়সৰ হ'ব লাগিব আপুনি। জীৱন শান্তি আঁচনিৰ বাবে কমেও ১.৫ লাখ টকাৰ বিনিয়োগ কৰা অতি জৰুৰী। ইয়াত বিনিয়োগৰ কোনো সৰ্বাধিক সীমা নাই।
পেঞ্চন কেনেদৰে লাভ কৰিব -যদি আপুনি এই আঁচনিখনত ১৫ লাখ টকা বিনিয়োগ কৰে আৰু ইয়াক ২০ বছৰৰ বাবে প্ৰয়োগ কৰে, তেন্তে আপুনি প্ৰতি মাহে ২৬,০০০ টকালৈকে পেঞ্চন লাভ কৰিব পাৰে। যদি আপুনি ইয়াক বাৰ্ষিক ল'ব বিচাৰে, তেন্তে ই হ'ব প্ৰায় ৩.১২ লাখ টকা। বিনিয়োগকাৰীৰ মৃত্যুত তেওঁৰ পৰিয়াল আৰু মনোনীত ব্যক্তিক পেঞ্চনৰ লগতে অন্যান্য লাভালাভ প্ৰদান কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|