কন্যা সন্তানৰ সুন্দৰ ভৱিষ্যতৰ বাবে পিতৃ-মাতৃয়ে বিভিন্ন জীৱন বীমা প্ৰতিষ্ঠানৰ ওচৰত ছোৱালীজনীৰ নামত পলিচী খোলা দেখিবলৈ পোৱা যায়। কন্যাৰ পঢ়া-শুনাৰ পৰা বিবাহলৈকে চিন্তা কৰি ভৱিষ্যত পৰিকল্পনা সাজু কৰে পিতৃ-মাতৃয়ে। বৰ্তমান ভাৰতীয় জীৱন বীমা নিগমে কন্যা সন্তানৰ সুৰক্ষিত ভবিষ্যতৰ কথা চিন্তা কৰি এখন আকৰ্ষণীয় পলিচী আৰম্ভ কৰিছে। যাৰ জৰিয়তে আপুনি আপোনাৰ ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব।
ভাৰতীয় জীৱন বীমা নিগম (Life Insurance Corporation of India - LIC) হৈছে দেশৰ সৰ্ববৃহৎ চৰকৰী বীমা কোম্পানী। ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LICয়ে এনে এক আঁচনি মুকলি কৰিছে, য’ত বিনিয়োগ কৰি আপোনাৰ জীয়ৰীৰ একাউণ্টত সৰ্বমুঠ ২২ লাখ টকা জমা কৰিব পাৰিব।
আঁচনিখন কি জানি লওক -LICৰ এই আঁচনিৰ অধীনত, আপুনি প্ৰতিদিনে মাত্ৰ ১৫০ টকা বিনিয়োগ কৰিব লাগিব। আৰু এই বিনিয়োগে ছোৱালীৰ বিবাহৰ উপযুক্ত বয়সত ২২ লাখ টকা পৰ্যন্ত লাভ কৰাৰ সুবিধা প্ৰদান কৰিব।
এই আঁচনি গ্ৰহণ কৰাৰ পিছত যদি দেউতাকৰ মৃত্যু হয়, তেন্তে বাকী থকা বিনিয়োগো পৰিশোধ কৰিব নালাগে। কিন্তু আঁচনিখন একেধৰণে অব্যাহত থাকিব। আনকি দেউতাকৰ মৃত্যুত, কন্যাগৰাকীয়ে লাভ কৰিব ১০ লাখ টকা। আনহাতে দেউতাকৰ দুৰ্ঘটনাত মৃত্যু হ'লে লাভ কৰিব ২০ লাখ টকা।
পলিচীখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য -এই আঁচনিখনৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল যে, ছোৱালীজনীৰ বিয়া নহ'লে, তাইৰ অধ্যয়ন বা অন্যান্য ব্যয়ৰ বাবে প্ৰতি বছৰে ১ লাখ টকা লাভ কৰি থাকিব। আৰু ইয়াৰ লগে লগে আঁচনিখনো চলি থাকিব।
আপুনি এই আঁচনিখনৰ বিষয়ে অধিক তথ্যৰ বাবে LIC ৱেবছাইটত চাব পাৰে লগতে যদিহে আপুনি বিচাৰে তেন্তে আপোনাৰ নিকটতম LIC এজেণ্টৰ পৰা সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|