ভাৰতীয় জীৱন বীমা নিগম অৰ্থাৎ LICত একাউণ্ট থকা লোকসকলৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপুনি LICত কোনো পলিচী কৰি ৰাখিছে তেনেহ'লে সাৱধান হওক কিয়নো কোৰোণাকালীন এই সময়ত প্ৰৱঞ্চনাৰ ঘটনা যথেষ্ট দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে।
বেংকৰ পিছতে প্ৰৱঞ্চকে এতিয়া LIC আৰু ইৰদা (IRDAI) বিষয়া হৈ গ্ৰাহকসকলক ফোন কৰিবলৈ লৈছে আৰু একাউণ্টৰ পৰা ধন খালী কৰিবলৈ লৈছে। এনে বহুতো ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই দেশৰ সৰ্ববৃহৎ বীমা কোম্পানী LICয়ে ইয়াৰ গ্ৰাহকসকলক সতৰ্ক কৰি দিছে।
জানি লওক যে এনেদৰে ফোন কৰা প্ৰৱঞ্চকবোৰে নিজকে ভাৰতীয় জীৱন বীমা নিগমৰ কৰ্মচাৰী বা (IRDAI) বিষয়া হিচাপে পৰিচয় দিয়ে। LICয়ে জাৰি কৰা এক সতৰ্কবাণীত স্পষ্টভাৱে কয় যে কোম্পানীটোৱে কেতিয়াও নিজৰ গ্ৰাহকসকলৰ পলিচী সমৰ্পণ কৰাৰ পৰামৰ্শ নিদিয়ে। লগতে এনে অসমৰ্থিত নম্বৰৰ পৰা ফোন কলক সঁহাৰি নিদিবলৈও আহ্বান জনায়। ইপিনে LICয়ে গ্ৰাহকসকলক তেওঁলোকৰ আঁচনিখন বীমা কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটত পঞ্জীয়ন কৰিবলৈ আৰু তাত সকলো তথ্য লাভ কৰিবলৈ পৰামৰ্শ দিয়ে।
টুইটযোগে গ্ৰাহকক সতৰ্ক কৰে LICয়ে -
LICয়ে টুইট কৰি কয় যে ভুল তথ্য় দি প্ৰতাৰণা কৰা লোকৰ ফোন কলৰ পৰা সকলো গ্ৰাহকে সাৱধান হোৱা উচিত। একে সময়তে, প্ৰৱঞ্চকবোৰে নিজকে LIC,ইৰদা (IRDAI)ৰ বিষয়া বুলি কৈ আমাৰ গ্ৰাহকসকলক প্ৰতাৰণা কৰি আছে। বিগত কেইদিনমানৰ পৰা আঁচনিৰ ধন তৎক্ষণাৎ দিয়াৰ নামত ভিন্ন লোকক ঠগ-প্ৰবঞ্চনা কৰা হৈছে।
>> তেনেস্থলত যদিহে আপোনাক আঁচনিখনৰ বিষয়ে কোনো তথ্যৰ প্ৰয়োজন হয়, আপুনি ইয়াৰ অফিচিয়েল ৱেবছাইট www.licindia.inলৈ গৈ সকলো চাব পাৰে আৰু জানিব পাৰে। ইয়াৰ বাদে কোনো নম্বৰত ফোন কৰি আঁচনিখনৰ বিষয়ে তথ্য লাভ নকৰিব।
>> যদি ভুৱা কল লাভ কৰে নিকটতম আৰক্ষী থানাত অভিযোগ দাখিল কৰক। লগতে আপুনি এই লিংকটো spuriouscalls@licindia.comত প্ৰেৰণ কৰিও অভিযোগ দাখিল কৰিব পাৰে।
>> কোনো ফোনকলত বেছি কথা নাপাতিব।
>> গ্ৰাহকে তেওঁলোকৰ নিজৰ লগতে আঁচনিৰ বিৱৰণ বা আন কোনো তথ্য শ্বেয়াৰ নকৰিব।
>> আপুনি আঁচনি আত্মসমৰ্পণৰ বিষয়ে কোনো লোককে অৱগত নকৰিব। যদি কোনোৱে আপোনাক অধিক লাভালাভ দিয়াৰ কথা কয়, তেওঁক কোনো তথ্য নিদিব।
এনেদৰেও অভিযোগ দাখিল কৰিব পাৰিব -যদি আপোনালৈ এনে ফোন কল আহে তেন্তে আপুনি co_crm_fb@licindiaত ইমেইল কৰিব পাৰে আৰু অভিযোগ দাখিল কৰিব পাৰে। গ্ৰাহকসকলে LICৰ ৱেবছাইট লৈ গৈও অভিযোগ নিষ্পত্তি বিষয়াৰ বিৱৰণ লাভ কৰাৰ আৰু তেওঁলোকৰ সৈতে যোগাযোগ কৰাৰ বিকল্প সেৱা গ্ৰহণ কৰিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|