LGৰ W চিৰিজৰ তিনিওটা স্মাৰ্টফোন W10, W30 আৰু W30 Pro বুধবাৰে ফ্লেছ ছেলৰ বাবে উপলব্ধ কৰোৱা হৈছে। গ্ৰাহকে এই তিনিওটা ফোন এমাজনৰ পৰা ১২ বজাত ক্ৰয় কৰিব পাৰে। Low-budget ছেগমেণ্টৰ এই ফোনকেইটাৰে গ্ৰাহকে লাভ কৰিব আকৰ্ষণীয় অফাৰ, ইয়াৰ জৰিয়তে ফোনকেইটা ইয়াতকৈও সুলভমূল্যত ক্ৰয় কৰিব পাৰিব। ফোন ক্ৰয় কৰিলে জিঅ’ৰ তৰফৰ পৰা ৪৯৫০ টকাৰ কেছবেক অফাৰো লাভ কৰিব। ইয়াৰ ১৭০০ টকাৰ Jio কেছবেক আৰু ৩২৫০ টকাৰ Cleartrip কুপনো লাভ কৰিব। ইয়াৰোপৰি যদি আপুনি য়েছ বেংক কাৰ্ডেৰে পেমেণ্ট কৰে তেন্তে ১০ শতাংশ Instant Discount দিয়া হ’ব। লগতে EMIৰো অফাৰ লাভ কৰিব।
LG W10ৰ ফীচাৰ্ছ আৰু মূল্য
এই ফোনটোত ৬.১৯ ইঞ্চিৰ ডিছপ্লে’ দিয়া হৈছে। এই ফোনটো মিডিয়াটেক হিলীয়ো পী২২ প্ৰচেছৰত কাম কৰিব। ফোনটোত 3GB ৰেম 32GBৰ ষ্টৰেজ দিয়া হৈছে। ফোনটোত ১৩ মেগাপিক্সেল আৰু ৫ মেগাপিক্সেলৰ ডুঅল ৰিয়েৰ কেমেৰা ছেটআপ আৰু সন্মুখত ৮ মেগাপিক্সেলৰ কেমেৰা দিয়া হৈছে। পাৱাৰৰ বাবে ফোনটোত দিয়া হৈছে ৪০০০ mAHৰ বেটাৰী। ফোনটোৰ মূল্য হ’ল ৮,৯৯৯ টকা।
LG W30ৰ ফীচাৰ্ছ আৰু মূল্য
LG W30ত ৬.২৬ ইঞ্চিৰ HD+ IPS ডট ফুল ভিজন ডিছপ্লে’ দিয়া হৈছে। স্মাৰ্টফোনটোত MediaTek Helio P22 প্ৰচেছৰ দিয়া হৈছে। ফোনটোত আছে ৩ জিবি ৰেম আৰু ৩২ জিবি ষ্টৰেজ। ফোনটোত আছে ৩টা ৰিয়েৰ কেমেৰাৰ ছেটআপ। ছেলফীৰ বাবে ফোনটোত দিয়া হৈছে ১৬ মেগাপিক্সেল কেমেৰা। পাৱাৰৰ বাবে ফোনটোত দিয়া হৈছে ৪০০০ MASৰ বেটাৰী। এই ফোনটোৰ মূল্য হ’ল ৯,৯৯৯ টকা।
LG W30 প্ৰ’ৰ ফীচাৰ্ছ আৰু মূল্য
এই ফোনটোত ৬.২৭ ইঞ্চিৰ HD+ ফুল ভিজন ডিছপ্লে’ দিয়া হৈছে, যাৰ Aspect Ratio ১৯.৯। এই স্মাৰ্টফোনটো আছে Kwakol snapdragon ৬৩২ প্ৰচেছৰৰ সৈতে 4GB ৰেম আৰু 64GBৰ ষ্টৰেজ। ফোনটোত আছে ১৩ মেগাপিক্সেল, ৫ মেগাপিক্সেল আৰু ৮ মেগাপিক্সেলৰ ট্ৰিপল ৰিয়েৰ কেমেৰা ছেটআপ দিয়া হৈছে। ছেলফীৰ বাবে এই ফোনটোত LGয়ে ১৬ মেগাপিক্সেল কেমেৰা দিয়া হৈছে। পাৱাৰৰ বাবে ফোনটোত আছে ৪০০০ mAHৰ বেটাৰী। LGয়ে বৰ্তমানলৈ ফোনটোৰ মূল্য নিৰ্ধাৰণ কৰা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|