৮০০ কোটি টকা বিনিয়োগ কৰিব এইটো প্ৰতিষ্ঠানে
দেশত এতিয়া অব্যাহত আছে কোৰোণাত ত্ৰাস। কোৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ ল’ক ডাউন ৩১ মে’লৈকে বৃদ্ধি পোৱাৰ আছে সম্ভাৱনা। ল’ক ডাউনৰ ফলত এতিয়া স্থৱিৰ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। আনকি এতিয়া বহুতে কৰ্মসংস্থাপন হেৰুওৱাৰ শংকাইয়ো দেখা দিছে। কিন্তু তাৰ মাজতে আহিছে এটা ভালখবৰ!
চীনত কাম কৰি থকা এটা প্ৰতিষ্ঠানে এতিয়া ভাৰতত নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে। যাৰফলত দেশত বহু নিৱনুৱাই কৰ্মসংস্থাপনৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। ম’বাইলৰ উপকৰণ প্ৰস্তুত কৰা লাভা ইণ্টাৰনেচনেলে কয় যে, তেওঁলোকে চীনত থকা তেওঁলোকৰ ব্যৱসায় এতিয়া ভাৰতলৈ উভতাই আনিব।
৮০০ কোটি টকা বিনিয়োগ কৰিবঃ
প্ৰতিষ্ঠানটোৱে ভাৰতবৰ্ষত ৮০০ কোটি টকা বিনিয়োগ কৰিব বুলি ঘোষণা কৰিছে। ফলত কোম্পানীটোত নতুনকৈ প্ৰায় ৭০০ নিৱনুৱাই কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে বুলি কয় লাভা ইণ্টাৰনেচনেলৰ অধ্যক্ষই।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|