মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »আপোনাৰ চহৰত কিমান হ্ৰাস পালে পেট্ৰ’ল–ডিজেলৰ মূল্য?

আপোনাৰ চহৰত কিমান হ্ৰাস পালে পেট্ৰ’ল–ডিজেলৰ মূল্য?

বিগত পাঁচ দিনত কিছু হ্ৰাস পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য! বুধবাৰে গুৱাহাটীত কিমান হ’ল প্ৰতি লিটাৰ পেট্ৰ’ল–ডিজেলৰ মূল্য?

বিগত পাঁচ দিনত কিছু হ্ৰাস পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য! বুধবাৰে গুৱাহাটীত কিমান হ’ল প্ৰতি লিটাৰ পেট্ৰ’ল–ডিজেলৰ মূল্য?

বিগত পাঁচ দিনত কিছু হ্ৰাস পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য! বুধবাৰে গুৱাহাটীত কিমান হ’ল প্ৰতি লিটাৰ পেট্ৰ’ল–ডিজেলৰ মূল্য?

  • Share this:
    বিগত পাঁচ দিনত কিছু হ্ৰাস পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য। আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য। যাৰ প্ৰভাৱ এতিয়া ভাৰতীয় বজাৰতো পৰিছে। মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্যত ১ টকা হ্ৰাস পাই ৭১.২৩ টকা হৈছে।  বুধবাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ মুল্যত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই।



    আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰত্যেক দিনাই হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য। বুধবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা দেখা নগল। মঙলবাৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য আছিল ৭১.২৩ টকা। যি মূল্য বুধবাৰেও বাহাল থকা দেখা গল। সেইদৰে ডিজেলৰ মূল্যও কোনো পৰিৱৰ্তন নহৈ ৬৫.৫৬ টকাতে বাহাল থাকে।

    ইণ্ডিয়ান অইলৰ ৱেবচাইটত প্ৰকাশ কৰা তথ্য অনুসৰি বুধবাৰে দিল্লী,মুম্বাই, কলিকতা আৰু চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’৸লৰ মূল্য ক্ৰমে ৭১.২৩, ৭৬.৯১,৭৩.৪৭ আৰু ৭৪.০১ টকা। সেইদৰে এই চাৰিখন মহানগৰত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ক্ৰমে ৬৫.৫৬ টকা, ৬৮.৭৬ টকা, ৬৭.৪৮ টকা আৰু ৬৯.৩৬ টকা।



    গুৱাহাটী মহানগৰতো বুধবাৰে কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বুধবাৰে গুৱাহাটী মহানগৰীত মঙলবাৰৰ তুলনাত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ১.৩৪ টকা হ্ৰাস পাই ৬৬.১৯ টকা হৈছে। সেইদৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্যতো ৫৬ পইচা হ্ৰাস পাই ৭০.৯৫ টকা হৈছে।

    শেহতীয়া বাতৰি