কমিয়েই আছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য, আহক জানো নতুন মূল্য

বিগত ৫ দিনত পেট্ৰ’লত ৫৬ পইচা আৰু ডিজেলত ৯৫ পইচাকৈ হ্ৰাস পাইছে। আজিৰ দিনটোৰ মূল্য কি?

news18assam
Updated:June 3, 2019, 11:05 AM IST
কমিয়েই আছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য, আহক জানো নতুন মূল্য
বিগত ৫ দিনত পেট্ৰ’লত ৫৬ পইচা আৰু ডিজেলত ৯৫ পইচাকৈ হ্ৰাস পাইছে। আজিৰ দিনটোৰ মূল্য কি?
news18assam
Updated: June 3, 2019, 11:05 AM IST
পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ পৰা এতিয়া ৰেহাই। খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ প্ৰভাৱ পৰিছে ভাৰতীয় বজাৰত। ধাৰাবাহিকভাৱে পঞ্চম দিনলৈ হ্ৰাস পাইছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। সোমবাৰৰ দিনটোত পেট্ৰ’লত ২০ পইচা আৰু ডিজেলত ৪০ পইচাকৈ হ্ৰাস। বিগত ৫ দিনত পেট্ৰ’লত ৫৬ পইচা আৰু ডিজেলত ৯৫ পইচাকৈ হ্ৰাস পাইছে।

দেশৰ ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্যত ১২ পইচাকৈ হ্ৰাস কৰা হৈছে। মূল্য হ্ৰাসৰ পিছতে পেট্ৰ’লৰ মূল্য কমি প্ৰতিলিটাৰ পেট্ৰ’লত হৈছে ৭১.৫০ টকা। ইফালে, কলকাতাত ৭৩.৬২ টকা, মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লত মূল্য হৈছেগৈ ৭৭.১৬ টকা হৈছে। আনহাতে চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হৈছে ৭৪.২৭ টকা।

দিল্লীত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৭১.৩০ টকা আৰু ডিজেলৰ মূল্য হৈছে ৬৫.৭৬ টকা। মুম্বাইত পেট্ৰ’লত ৭৬.৯৮ টকা আৰু ডিজেলত ৬৮.৯৭ টকা, কলকাতাত পেট্ৰ’লত ৭৩.৫৪ টকা আৰু ডিজেলত ৬৭.৬৮ টকা, চেন্নাইত পেট্ৰ’লত ৭৪.০৮ টকা আৰু ডিজেলত ৬৯.৫৮ টকা, নয়দাত পেট্ৰ’লত ৭১.০১ টকা আৰু ডিজেলত ৬৪.৯৭ টকা আৰু গুৰুগ্ৰামত পেট্ৰ’লত ৭১.৫৪টকা আৰু প্ৰতিলিটাৰ ডিজেলত হৈছে ৬৫.০৬ টকা।

খাৰুৱা তেলৰ মূল্য হ্ৰাসৰ প্ৰভাৱ
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস হৈছে। যাৰ বাবে প্ৰভাৱ পৰিছে পেট্ৰ’পণ্য সামগ্ৰীটো।

প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা বলবৎ হয় নতুন মূল্য
দেশৰ অইল মাৰ্কেটিং কোম্পানী (HPCL, BPCL, IOC)য়ে প্ৰতিদিনে পেট্ৰ’ল–ডিজেলৰ মূল্যৰ সমীক্ষা কৰে। নতুন মূল্য বলবৎ হয় পুৱা ৬ বজাৰ পৰা।
আৰু চাওক পৰৱৰ্তী বাতৰি