৭০ টকালৈ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য, জানো আহক আজিৰ দিনটোৰ দৰ

News18-Assam
Updated:June 25, 2019, 10:40 AM IST
৭০ টকালৈ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য, জানো আহক আজিৰ দিনটোৰ দৰ
Source-Google

আজিৰ দিনটোত কিমান বাঢ়িল পেট্ৰ’ল–ডিজেলৰ মূল্য, আজিৰ নতুন দৰ কিমান? বিগত ২টা দিনত দিল্লী, কলকাতা আৰু মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১২ পইচা আৰু চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’লত ১৩ পইচালৈ বৃদ্ধি হৈছে।

  • Share this:
বিগত কিছুদিনধৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বাঢ়িয়েই গৈ আছে। আজি অৰ্থাৎ মঙলবাৰৰ দিনটোত পেট্ৰ’ল–ডিজেলৰ দৰৰ কোনো সালসলনি নহ’ল। ইণ্ডিয়ান অইল(Indian Oil), ভাৰত পেট্ৰ’লিয়াম(Bharat Petroleum) আৰু হিন্দুস্তান পেট্ৰ’লিয়াম(Hindustan Petroleum)য়ে প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল আৰু ডিজেলৰ দৰ জাৰি কৰে।

পেট্ৰ’ল আৰু ডিজেলৰ নতুন মূল্য
ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি, দিল্লী, কলকাতা, মুম্বাই আৰু চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ক্ৰমে, ৭০.০৫ টকা, ৭২.৩১ টকা, ৭৫.৭৫ টকা আৰু ৭২.৭৭ টকা। চাৰিওখন মহানগৰীতে প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছে ৬৩.৯০ টকা, ৬৫.৮২ টকা, ৬৬.৯৯ টকা আৰু ৬৭.৫৯ টকা হৈছে।

 




২টা দিনত ১২ৰ পৰা ১৩ পইচালৈ বৃদ্ধি
বিগত ২টা দিনত দিল্লী, কলকাতা আৰু মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১২ পইচা আৰু চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’লত ১৩ পইচালৈ বৃদ্ধি হৈছে।

আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা বিবাদৰ বাবে বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য
আমেৰিকা আৰু ইৰানৰ মাজত বৃদ্ধি হোৱা বিবাদৰ বাবে খাৰুৱা তেলৰ মূল্যই চুইছে আকাশ। খাৰুৱা তেলৰ মূল্য ৩ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। দুয়োখন দেশৰ মাজত যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি হৈ থাকিলে ১০ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা খাৰুৱা তেলৰ মূল্য। কেচা তেলৰ দৰ বৃদ্ধি হোৱা বাবেই পেট্ৰ’ল আৰু ডিজেলৰ মূল্যও বৃদ্ধি হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading