হ্ৰাস পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য !

ক্ৰমাগত ষষ্ঠ দিনৰ বাবে হ্ৰাস পালে পেট্ৰ’ল ডিজেলৰ মূল্য । আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবেই পেট্ৰ’ল ডিজেলৰ মূল্যত দেখিবলৈ পোৱা গৈছে পৰিৱৰ্তন । দেশৰ বিভিন্ন ৰাজ্যত পেট্ৰ’ল–ডিজেল হ্ৰাস পোৱা পৰিলক্ষিত হৈছে  । 

News18-Assam
Updated:May 15, 2019, 12:43 PM IST
হ্ৰাস পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য !
ক্ৰমাগত ষষ্ঠ দিনৰ বাবে হ্ৰাস পালে পেট্ৰ’ল ডিজেলৰ মূল্য । আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবেই পেট্ৰ’ল ডিজেলৰ মূল্যত দেখিবলৈ পোৱা গৈছে পৰিৱৰ্তন । দেশৰ বিভিন্ন ৰাজ্যত পেট্ৰ’ল–ডিজেল হ্ৰাস পোৱা পৰিলক্ষিত হৈছে  । 
News18-Assam
Updated: May 15, 2019, 12:43 PM IST
ক্ৰমাগত ষষ্ঠ দিনৰ বাবে হ্ৰাস পালে পেট্ৰ’ল ডিজেলৰ মূল্য। বুধবাৰেও দেশৰ বিভিন্ন ৰাজ্যত পেট্ৰ ’ল–ডিজেলৰ মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে  ।  দিল্লীত বিগত ছয় দিনত ১.৮২ টকা পৰ্যন্ত হ্ৰাস পালে প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য । আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবেই পেট্ৰ’ল ডিজেলৰ মূল্যত পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে ।
আন্তঃৰাষ্ট্ৰীয় বজাৰত ৭০ ডলাৰ প্ৰতি বেৰলৰ তললৈ হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য । যাৰ প্ৰভাৱ এতিয়া ভাৰতৰ বজাৰতো পৰা পৰিলক্ষিত হৈছে । ভাৰতীয় অইলৰ ৱেবচাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি বুধবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৭২.১৫ টকাৰ পৰা হ্ৰাস পাই ৭১.৭৩ টকা হৈছে ।
সেইদৰে মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৭৬.৭৯ টকালৈ হ্ৰাস পাইছে । কলিকতাতো পেট্ৰ’ল ডিজেলৰ মূল্যত দেখা পোৱা গৈছে পৰিবৰ্তন । কলিকতাত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৭৩.২৫ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৬৭.৬১ টকা ।

উল্লেখযোগ্য যে দেশৰ অইল মাৰ্কেটিং কোম্পানী HPCL,BPCL,IOC-এ প্ৰতিদিনাই পেট্ৰ’ল ডিজেলৰ মূল্যৰ ওপৰত সমীক্ষা চলায় ।
আৰু চাওক পৰৱৰ্তী বাতৰি