ছবি জগতৰ কাৰণে ২০২০বৰ্ষটো যেন অতি বেয়া। শেহতীয়াকৈ কানাড়া তাৰকা চিৰঞ্জীৱি সাৰজাৰ আকস্মিক মৃত্যু হয়। ইয়াৰ পিছতে সমগ্ৰ ছবি উদ্যোগত শোক নামি পৰিছে। হৃদক্ৰিয়া বন্ধ হৈ চিৰঞ্জীৱিৰ সৰজাৰ মৃত্যু হয়। মাত্ৰ ৩৯বছৰ বয়সতে তাৰকা অভিনেতাজনৰ বিয়োগে এফালে অনুৰাগীসকলক হতাশাগ্ৰস্ত কৰাৰ সময়তে পোহৰলৈ আনিছে আন এক হৃদয়বিদাৰক দিশ। সংবাদমাধ্যমত প্ৰকাশিত খবৰ মতে, চিৰঞ্জীৱিৰ পত্নী মেঘনা গৰ্ভৱতী আছিল। এনেকুৱাত স্বামীৰ বিয়োগে মেঘনাৰ শোকৰ জুইকুৰা দুগুণে জ্বলাইছে।
বলিউড লাইফত প্ৰকাশিত খবৰ মতে, চিৰঞ্জীৱি সৰজাৰ পত্নী দুমাহৰ গৰ্ভৱতী। মিডিয়া ৰিপ’ৰ্টছৰ মতে, নিজৰ প্ৰথম সন্তানৰ কাৰণে দুই স্বামী–স্ত্ৰীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। কিন্তু নিয়তি! সন্তানৰ মুখ চাবলৈ পোৱাৰ আগতেই পৃথিৱীৰ পৰা মেলানি মাগিলে তাৰকা অভিনেতাজনে। উল্লেখ্য যে, দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কৰ পিছত ২০১৮ৰ ২মে’ তাৰিখে চিৰঞ্জীৱি সৰজা আৰু মেঘনা বিবাহপাশত আৱদ্ধ হৈছিল।
যোৱা শণিবাৰে চিৰঞ্জীৱি সৰজাই বুকুৰ বিষ অনুভৱ কৰাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু তেওঁৰ প্ৰাণ ৰক্ষা কৰাত চিকিৎসকল অক্ষম হয়।
চিৰঞ্জীৱিয়ে নিজৰ কেৰিয়াৰ আৰম্ভনিৰ চাৰিটা বছৰ খুৰাক অৰ্জুন সৰজাৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। তেওঁ ২০০৯চনত ‘বায়ুপুত্ৰ’ ছবিৰে অভিনয় জগতত ভৰি দিয়ে আৰু কেৰিয়াৰত কমেও ২০খন ছবিত অভিনয় কৰে।
অভিনেতাজনৰ শেষকৃত্য সোমবাৰে কনকপুৰাৰ ফাৰ্মহাউচত সম্পন্ন হয়। কানাড়া ছবিজগতৰ কেইবাজনো তাৰকাই তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখ্য যে, চিৰঞ্জীৱিৰ পত্নী মেঘনাও এগৰাকী অভিনেত্ৰী আৰু তেওঁ দাক্ষিণাত্যৰ ছবি উদ্যোগৰ এখন চিনাকী মুখ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|