কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA ৩১ শতাংশৰ পৰা ৩৪ শতাংশলৈ বৃদ্ধি কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ পিছত, ৰে'ল মন্ত্ৰণালয়ে ইয়াৰ সকলো Zoneক ভাট্টা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি, DA কাৰ্যকৰী সংশোধিত হাৰৰ সৈতে প্ৰদান কৰা হ'ব। ৰে'লৱেৰ এই সিদ্ধান্তৰ ফলত প্ৰায় ১৪ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰ পোনপটীয়াকৈ লাভান্বিত হ'ব। এইটো এই মাহৰ শেষৰ ফালে পৰিশোধ কৰা হ'ব।
ৰে'লৱে ব'ৰ্ডৰ উপ-সঞ্চালক জয় কুমাৰজীৰ ফালৰ মঙলবাৰে সকলো জ'ন আৰু উৎপাদন গোটলৈ এখন পত্ৰ জাৰি কৰা হয়। পত্ৰখনত কোৱা হৈছে যে ৰে'ল কৰ্মচাৰীসকলক পৰিশোধ কৰিবলগা DA ১ জানুৱাৰী, ২০২২ৰ পৰা Basic Salaryৰ ৩১ শতাংশ হাৰৰ পৰা ৩৪ শতাংশলৈ লৈ বৃদ্ধি কৰা হ'ব।
পত্ৰখনত আৰু কোৱা হৈছে যে, চৰকাৰে অনুমোদিত সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি, সংশোধিত দৰমহা গাঁথনিত 'মৌলিক দৰমহা' শব্দটোৱে দৰমহা মেট্ৰিক্সত নিৰ্ধাৰিত স্তৰত প্ৰাপ্ত দৰমহাক বুজায়। ইয়াত আন কোনো ধৰণৰ দৰমহা যেনে বিশেষ দৰমহা আদি অন্তৰ্ভুক্ত নহয়।
ৰে'ল ৱে ব'ৰ্ডৰ উপ-সঞ্চালকজনে পত্ৰখনত কৈছে যে, ২০২২ চনৰ মাৰ্চ মাহৰ দৰমহা বিতৰণৰ তাৰিখৰ আগতে মহাৰ্ঘ ভাট্টাৰ বকেয়া পৰিশোধ কৰা নহ'ব।
সৰ্বভাৰতীয় ৰে'ল ফেডাৰেচনৰ সাধাৰণ সম্পাদকে এই সন্দৰ্ভত News18 ৰ আগত কয় যে, সকলো সংশ্লিষ্ট গোটে আদেশৰ প্ৰতিলিপি লাভ কৰাৰ পিছত, DA ১ জানুৱাৰী, ২০২২ৰ পৰা বেচিক চেলাৰীৰ ৩১ শতাংশ হাৰৰ পৰা ৩৪ শতাংশ বৰ্ধিত হাৰত পৰিশোধ কৰা হ'ব। তেওঁ কয় যে ৩০ এপ্ৰিলত বকেয়া পৰিমাণৰ সৈতে ডিএ পৰিশোধ কৰা হ'ব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 06, 2022, 14:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।