লখিমপুৰত মহিলাৰ ৰঙালী মেলাত উদুলি-মুদুলি পৰিৱেশ৷ পিঠাপনাৰ পৰা মেখেলা চাদৰলৈকে উভৈনদী মেলাত

News18 Assam | News18-Assam
Updated:April 10, 2021, 7:51 PM IST
লখিমপুৰত মহিলাৰ ৰঙালী মেলাত উদুলি-মুদুলি পৰিৱেশ৷ পিঠাপনাৰ পৰা মেখেলা চাদৰলৈকে উভৈনদী মেলাত
লখিমপুৰত কেৱল মহিলাৰ ৰঙালী মেলা৷পিঠাপনাৰ পৰা মেখেলা চাদৰলৈকে উভৈনদী মেলাত।

লখিমপুৰত কেৱল মহিলাৰ ৰঙালী মেলা৷পিঠাপনাৰ পৰা মেখেলা চাদৰলৈকে উভৈনদী মেলাত।

  • Share this:
লখিমপুৰৰ খগাত বহিছে এখন বিশেষ বজাৰ৷বজাৰখনত উপলব্ধ কেৱল থলুৱা উৎপাদিত সামগ্ৰী৷পিঠাপনাৰ পৰা বস্ত্ৰলৈকে সকলো পায় বজাৰখনত৷বজাৰ খনৰ বিশেষত্ব এয়ে যে সামগ্ৰীসমুহ উৎপাদন কৰে কেৱল মহিলাই আৰু বজাৰখনত বিক্ৰীও কৰে কেৱল মহিলাই৷

অসম চৰকাৰৰ অসম গ্ৰামীণ জীৱিকা অভিযানৰ তত্বাৱধানত লখিমপুৰ খগাত দুদিনৰ বাবে ৰঙালী মেলা নামেৰে বহিছে এই বিশেষ বজাৰখন৷ তেলাহী উন্নয়ন খণ্ডৰ শতাধিক মহিলা আত্মসহায়ক গোটে নিজে উৎপাদন কৰা পিঠা ,লাৰু , চিৰা, মুৰি, শাকপাচলি, বস্ত্ৰ বিক্ৰী কৰিছে বজাৰখনত৷আশানুৰূপভাবে বজাৰখনত গ্ৰাহকৰ উপস্থিতি চকুত লগা ৷

থলুৱা মহিলাসকলো উৎসাহী এই বজাৰখনত অংশ লবলৈ পায় ৷" মহিলা সৱলীকৰণ আৰু অৰ্থনৈতিক ভাৱে স্বাৱলম্বীকৰণৰ ক্ষেত্ৰত আমাক এই বজাৰখনে এটা সুবিধা দিছে" -এই মন্তব্য স্থানীয় মহিলাৰ৷উল্লেখযোগ্য যে অসম গ্ৰামীন জীৱিকা অভিযানৰ এই পদক্ষেপে মহিলা সকলৰ আত্ম সংস্থাপনৰ ক্ষেত্ৰতো নিশ্চয়কৈ যথেষ্ট সহায় কৰিব ৷
Published by: Kokil Sarma
First published: April 10, 2021, 7:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি