মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»সোমনাথক প্ৰয়োজন হৈছে এতিয়া আপোনাৰ সহায়ৰ!

সোমনাথক প্ৰয়োজন হৈছে এতিয়া আপোনাৰ সহায়ৰ!

News18-Assam
Updated:May 30, 2019, 7:09 PM IST
সোমনাথক প্ৰয়োজন হৈছে এতিয়া আপোনাৰ সহায়ৰ!
ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত এতিয়া জীৱন–মৃত্যুৰ সৈতে যুজিছে পিতৃহাৰা ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ থল সোমনাথ গগৈয়ে।

ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত এতিয়া জীৱন–মৃত্যুৰ সৈতে যুজিছে পিতৃহাৰা ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ থল সোমনাথ গগৈয়ে।

  • Share this:
লখিমপুৰ জিলাৰ আজাদ অঞ্চলৰ এজন মেধাবী ছাত্ৰ সোমনাথ গগৈ। আৰ্থিক ভাবে পিছপৰা ঘৰ খনৰ একমাত্ৰ উপাৰ্জনৰ থল সোমনাথ। সৰুতেই পিতৃক হেৰুওৱা ঘৰখনত সোমনাথেই আছিল মাক আৰু একমাত্ৰ ভাতৃৰ একমাত্ৰ ভৰসা। সোমবাৰে নিজৰ ব্যক্তিগত কামত ঘৰৰ পৰা ওলাই যোৱা সোমনাথ আকৌ নিজ ঘৰলৈ বুলি উভতি আহোতে লখিমপুৰৰ পথৰ কাষত অতি মুমূৰ্ষু অৱস্থাত পৰি ৰয়। পিছত সোমনাথক কৰ্তব্যৰত আৰক্ষীয়ে ভৰ্তি কৰে লখিমপুৰ অসামৰিক চিকিৎসালয়ত,পিছত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত সোমনাথক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ স্থানান্তৰিত কৰা হয়।



বৰ্তমান কলিকতাস্থিত সত্যজিৎ ৰায় ফিল্ম আৰু টেলিভিচন শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত লখিমপুৰৰ মেধাবী ছাত্ৰ সোমনাথ পৰীক্ষা শেষ কৰি নিজ ঘৰলৈ আহিছিল। সোমবাৰে নিশা নিজৰ ব্যক্তিগত কামত ঘৰৰ পৰা ওলাই যোৱা সোমনাথ আকৌ সুস্থ অৱস্থাত ঘূৰি আহিব নোৱাৰিলে নিজ ঘৰলৈ। ঘৰলৈ বুলি আহি থকা অৱস্থাত লখিমপুৰৰ কে বি ৰোডৰ সমীপত অতি মুমূৰ্ষু অৱস্থাত পৰি ৰয় সোমনাথ। দুৰ্ঘটনা নে অন্য বেলেগ কাৰণৰ বাবে সোমনাথ এনে অৱস্থাৰ সন্মুখীন হ’বলগীয়া হ’ল তাৰ বিষয়ে এতিয়াও আৰক্ষীৰ হাততো নাই প্ৰকৃত তথ্য।



পিছত ঘটনাস্থলীৰ পৰা সোমনাথক উদ্ধাৰ কৰি লখিমপুৰ আৰক্ষীয়ে জিলা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও মুৰ,ভৰি,বুকুত গুৰুতৰ ভাবে আঘাত পোৱা সোমনাথক চিকিৎসকে ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। এতিয়া ডিব্ৰুগড়ৰ সঞ্জিৱনী চিকিত্‍সালয়ত চিকিৎসাধীন সোমনাথ গগৈ। চিকিৎসকৰ মতে এতিয়া সোমনাথ গগৈক ১৪ ৰ পৰা ১৭ দিন পৰ্যন্ত আই চি ইউত ৰখা হ’ব। গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত সোমনাথৰ অকলশৰীয়া মাতৃ এতিয়া তীব্ৰ আৰ্থিক সংকটত পৰিছে।



ঘৰৰ একমাত্ৰ উপাৰ্জনৰ থল সোমনাথক সুস্থ কৰি তুলিবলৈ এতিয়া ছাত্ৰজনৰ বন্ধু–বান্ধৱ বা আত্মীয় স্বজন দুই এগৰকী আগবাঢ়ি আহিছে যদিও সোমনাথৰ সম্পূৰ্ণ চিকিৎসাৰ বাবে সেয়াই যথেষ্ট নহয়, পিতৃহাৰা সোমনাথক প্ৰয়োজন হৈছে এতিয়া আপোনাৰ সহায়!

এই একাউণ্ট নম্বৰৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াব পাৰে বৰ্তমান জীৱন মৃত্যুৰ সৈতে যুজি থকা সোমনাথ গগৈক।
ভাৰতীয় ষ্টেট বেংক লখিমপুৰ শাখাৰ

Name- Somnath Gogoi
A/C NO- 32481062675
IFSC NO-SBIN0016936 অথবা
MOBILE NO-7002965581 ত Google Pay কৰি কিছু সহায় কৰক সোমনাথ গগৈক।
First published: May 30, 2019, 6:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি