• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Krishna Janmashtami 2022: শ্ৰীকৃষ্ণ জন্মাষ্টমী কেতিয়া? কেনেকৈ পালন কৰিব ব্ৰত? জানি লওক এই গুৰুত্বপূৰ্ণ কথা

Krishna Janmashtami 2022: শ্ৰীকৃষ্ণ জন্মাষ্টমী কেতিয়া? কেনেকৈ পালন কৰিব ব্ৰত? জানি লওক এই গুৰুত্বপূৰ্ণ কথা

Krishna Janmashtami 2022: শ্ৰীকৃষ্ণ জন্মাষ্টমী সমগ্ৰ দেশ আৰু বিশ্বতে অতি উৎসাহেৰে পালন কৰা হয়। এই দিনটোত মানুহে উপবাস কৰি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰে।

Krishna Janmashtami 2022: শ্ৰীকৃষ্ণ জন্মাষ্টমী সমগ্ৰ দেশ আৰু বিশ্বতে অতি উৎসাহেৰে পালন কৰা হয়। এই দিনটোত মানুহে উপবাস কৰি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰে।

Krishna Janmashtami 2022: শ্ৰীকৃষ্ণ জন্মাষ্টমী সমগ্ৰ দেশ আৰু বিশ্বতে অতি উৎসাহেৰে পালন কৰা হয়। এই দিনটোত মানুহে উপবাস কৰি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰে।

  • Share this:
শ্ৰীকৃষ্ণ জন্মাষ্টমী (Krishna Janmashtami 2022) এটা ডাঙৰ উৎসৱ। হিন্দু পঞ্জিকা অনুযায়ী ভাদ্ৰ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত ইয়াক উদযাপন কৰা হয়। মথুৰা আৰু বৃন্দাবনত কৃষ্ণ জন্মাষ্টমীৰ অতি গুৰুত্ব আছে। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শ্ৰীকৃষ্ণ (Lord Sri Krishna)ৰ জন্ম মথুৰাত হৈছিল আৰু শৈশৱ মথুৰা আৰু বৃন্দাবনত পাৰ কৰিছিল। শ্ৰীকৃষ্ণ জন্মাষ্টমী সমগ্ৰ দেশ আৰু বিশ্বতে অতি উৎসাহেৰে পালন কৰা হয়। এই দিনটোত মানুহে উপবাস কৰি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰে। পণ্ডিত ইন্দ্ৰমণি শৰ্মাৰ পৰা জানি লওঁ আহক জন্মাষ্টমী ২০২২ কেতিয়া? পূজা পদ্ধতি কি?

জন্মাষ্টমী কেতিয়া: তাৰিখ আৰু সময়

এইবাৰ ২০২২ চনৰ ১৮ আগষ্টত পালন কৰা হ’ব কৃষ্ণ জন্মাষ্টমী। অষ্টমী তিথি অহা ১৮ আগষ্ট ২০২২ তাৰিখে নিশা ০৯:২০ বজাত আৰম্ভ হ'ব আৰু সমাপ্ত হ'ব ১৯ আগষ্ট ২০২২ তাৰিখে নিশা ১০:৫৯ বজাত।

শ্ৰী কৃষ্ণ জন্মাষ্টমী পূজা পদ্ধতি

কৃষ্ণ জন্মাষ্টমী ২০২২ অতি শুভ উৎসৱ হিচাপে গণ্য কৰা হয়। এই দিনটোত মানুহে এদিনীয়া ব্ৰত পালন কৰে- সাধাৰণতে কৃষ্ণৰ জন্মৰ দিনা এই ব্ৰত পালন কৰা হয় আৰু শ্ৰীকৃষ্ণৰ জন্ম উদযাপন কৰাৰ পিছত মানুহে ব্ৰত ভংগ কৰে। মাজনিশাৰ পিছত পূজা (janmashtami Puja) আৰম্ভ হয়।

ইয়াৰ পিছত বিশেষকৈ কৃষ্ণক নতুন কাপোৰ পিন্ধাই দোলনাত বহিবলৈ দিয়া হয়। ভক্তি গীত গাই তেওঁক পূজা আৰু প্ৰাৰ্থনা কৰা হয়। ফল-মূল, মিঠাই আদি খাদ্য সামগ্ৰী ভগৱান শ্ৰীকৃষ্ণক প্ৰসাদ হিচাপে আগবঢ়ায়। মানুহে ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা আগবঢ়োৱা প্ৰসাদ গ্ৰহণ কৰি ব্ৰত ভংগ কৰে।

শ্ৰীকৃষ্ণ জন্মাষ্টমী উপবাস

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ উপবাস (Janmashtami Brat)ৰ পূৰ্বে ৰাতি লঘু আহাৰ গ্ৰহণ কৰিব লাগে। বিশেষকৈ জন্মাষ্টমীৰ ব্ৰতত সূৰ্য, চন্দ্ৰ, যম, কাল, সন্ধি, ভূত, পৱন, দিকপতি, ভূমি, আকাশ, খেচৰ, অমৰ, ব্ৰহ্মাক প্ৰণাম জনাই পূব বা উত্তৰ দিশলৈ মুখ কৰি বহিব। ইয়াৰ পিছত ৰীতি-নীতিৰে পূজা কৰিব লাগে।
Published by:Manjumoni Borah
First published: