প্ৰতিবাদ অব্যাহত, মমতাৰ সৈতে আলোচনাত নবহাৰ সিদ্ধান্ত চিকিৎসকৰ!

News18-Assam
Updated:June 15, 2019, 2:40 PM IST
প্ৰতিবাদ অব্যাহত, মমতাৰ সৈতে আলোচনাত নবহাৰ সিদ্ধান্ত চিকিৎসকৰ!
আজিও পশ্চিম বংগত অব্যাহত আছে চিকিৎসকৰ প্ৰতিবাদ।

আজিও পশ্চিম বংগত অব্যাহত আছে চিকিৎসকৰ প্ৰতিবাদ।

  • Share this:
১১ জুনত কলকতাৰ এখন চিকিৎসালয়ত চিকিৎসকৰ ভুলৰ বাবে এজন ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগত একাংশ দুস্কৃতিকাৰীয়ে গুৰুতৰ ভাবে প্ৰহাৰ কৰে চিকিৎসালয়খনৰ তিনিজন চিকিৎসকক। তাৰ পিছতে সমগ্ৰ দেশতে চিকিৎসক সকলে নিৰাপত্তা বিচাৰি প্ৰতিবাদত নামে। এতিয়া ক্ৰমাত তীব্ৰতৰ হৈছে ৰাজ্যখনত চিকিৎসকসকলে গঢ়ি তুলা প্ৰতিবাদী কাৰ্যসূচী। সেইদৰে  ঘটনাক কেন্দ্ৰ কৰি দুৰত্ব বাঢ়িছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু চিকিৎসকসকলৰ  মাজত। প্ৰথমে আন্দোলন ত্যাগ কৰি পুনৰ কৰ্মক্ষেত্ৰত যোগ দিবলৈ নিৰ্দেশ দিয়া মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পূৰ্বৰ স্থিতি সলনি কৰি  আলাপ আলোচনাৰ মাজেৰে এই সমস্যা সমাধানৰ বাবে  চিকিৎসকসকলক এখন বৈঠকৰ বাবে নিমন্ত্ৰণ জনাইছিল যদিও আন্দোলনকাৰী চিকিৎসকসকলে এই বৈঠকত অংশ নলয় বুলি ইতিমধ্যে ঘোষণা কৰিছে।

ইফালে  কণিষ্ঠ চিকিৎসকসকলৰ ধৰ্ণাৰ বাবে পশ্চিম বংগৰ চিকিৎসালয়সমূহত এতিয়া ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা০ হৰ্ষ বৰ্ধনেও পশ্চিম বংগৰ শেহতীয়া পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে জগৰীয়া কৰিছে। আনহাতে পশ্চিম বংগৰ এই পৰিস্থিতিৰ বাবে মমতা বেনাৰ্জীয়ে জগৰীয়া কৰিছে জিলা বিজেপিক। বেনাৰ্জীৰ মতে চিকিৎসকসকলক লৈ ৰাজনীতি কৰিছে শাসকীয় দলটোৱে। এনেদৰে এতিয়া চিকিৎসক নিৰাপত্তা প্ৰদানৰ বিষয়ৰ পৰা ফালৰি কাটি ৰাজনৈতিক বোকা চটিওৱাহে দেখিবলৈ পোৱা গৈছে।

উল্লেখ যোগ্য যে  ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চিকিৎসকলক নিজৰ নিজৰ কৰ্তব্যলৈ উভতি যাবলৈ নিৰ্দেশ দিয়েৰ লগতে আন্দোলন প্ৰত্যাহাৰ নকৰিলে কঠোৰ শাস্তিৰ ভয় দেখুৱাইছিল, পিছত পশ্চিম বংগৰ ৩ শতাধিক চিকিৎসকে স্বইচ্ছাই চাকৰিৰ পৰা পদত্যাগ কৰে। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ চিকিৎসকসকলে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে চৰকাৰৰ ওচৰত। ইফালে চিকিৎসকৰ ওপৰত চলা এই আক্ৰমণৰ পিছতে সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰিছে চিকিৎসকসকলে।
First published: June 15, 2019, 2:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading