• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Numerology Special Article : ইংৰাজীৰ I আৰু Jৰে নাম আৰম্ভ হ’লে আপোনাৰ ভাগ্য কেনেকুৱা হ’ব? কি কৰিব লাগিব চাওক

Numerology Special Article : ইংৰাজীৰ I আৰু Jৰে নাম আৰম্ভ হ’লে আপোনাৰ ভাগ্য কেনেকুৱা হ’ব? কি কৰিব লাগিব চাওক

ইংৰাজীৰ I আখৰেৰে নাম আৰম্ভ হ’লে জীৱন কেনেকুৱা হ’ব – কোনোৱে এই কথা অস্বীকাৰ নকৰিব যে ব্যক্তিৰ জীৱনপথ গঢ়ি তোলে তেওঁৰ চাৰিত্ৰিক গুণে!

ইংৰাজীৰ I আখৰেৰে নাম আৰম্ভ হ’লে জীৱন কেনেকুৱা হ’ব – কোনোৱে এই কথা অস্বীকাৰ নকৰিব যে ব্যক্তিৰ জীৱনপথ গঢ়ি তোলে তেওঁৰ চাৰিত্ৰিক গুণে!

ইংৰাজীৰ I আখৰেৰে নাম আৰম্ভ হ’লে জীৱন কেনেকুৱা হ’ব – কোনোৱে এই কথা অস্বীকাৰ নকৰিব যে ব্যক্তিৰ জীৱনপথ গঢ়ি তোলে তেওঁৰ চাৰিত্ৰিক গুণে!

  • Share this:
অধিকসংখ্যক ভাৰতীয় পৰিয়ালে এনে কোনো আখৰেৰে সন্তানৰ নামকৰণ কৰিব বিচাৰে, যিটো তেওঁলোকৰ বাবে জীৱনত শুভ ফল লৈ আনিব পাৰে। বহু ভাৱি–চিন্তি নাম নিৰ্বাচন কৰা হয়। আৰু এই নামৰ আৰম্ভণিৰ আখৰেই ভাগ্যৰ চকৰি ঠিক কৰে যে জীৱন কেনেকুৱা হ’ব, কেনে হ’ব পাৰে জাতক–জাতিকাৰ চাৰিত্ৰিক দিশ। সেয়ে জন্ম তাৰিখৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’ব, এই হিচাপত সৌভাগ্য প্ৰদান কৰিব, তেনে আখৰ বাচি লোৱা উচিত।

ইংৰাজীৰ I আখৰেৰে নাম আৰম্ভ হ’লে জীৱন কেনেকুৱা হ’ব – কোনোৱে এই কথা অস্বীকাৰ নকৰিব যে ব্যক্তিৰ জীৱনপথ গঢ়ি তোলে তেওঁৰ চাৰিত্ৰিক গুণে!

– নামৰ আৰম্ভণি আখৰ I হ’লে জাতক–জাতিকা অত্যন্ত পৰিশ্ৰমী হয়। কেৱল ইমানেই নহয়, অলসতাক তেওঁলোকে ঘৃণা কৰে। গভীৰ অন্তৰ্দৃষ্টিৰে সকলো বিষয় বিবেচনা কৰিব পাৰে তেওঁলোকে। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ আশ্চৰ্যকৰ ক্ষমতা আছে এইসকল জাতক–জাতিকাৰ।
– কিন্তু এওঁলোক বহু সময়ত মানসিক অস্থিৰতাৰ চিকাৰ হয়। সেইবাবে কিছু মানসিক বিশ্ৰামৰ প্ৰয়োজন। I হ’ল ইংৰাজী বৰ্ণমালাৰ ৯ নম্বৰ আখৰ। ৯ সংখ্যাটো আকৌ মংগল গ্ৰহৰ প্ৰতীক। গতিকে এই জাতক–জাতিকাসকলে সম্পত্তিৰ ব্যৱসায়, ঘৰৰ আচবাব, খেলাধুলা ইভেণ্ট, টেলিকম, বিনোদন সংক্ৰান্তীয় পেছাত সৌভাগ্য লাভ কৰিব পাৰে।

সৌভাগ্য লাভ কৰিব তেওঁলোকে কি কৰিব লাগে :
– নিজৰ বেগত সকলো সময়তে এটা ৰঙা দানা শস্য ৰাখিব লাগিব। ৰঙা ৰং এওঁলোকৰ পক্ষে শুভ, গতিকে লগত ৰখা প্ৰয়োজন।

আৰু যদি নামৰ আৰম্ভ J আখৰেৰে হয়?
নামৰ আৰম্ভণি আখৰ J আখৰেৰে হ’লে সেই জাতক–জাতিকাসকল উদাৰ মনৰ অধিকাৰী হয়। লগতে তেওঁলোকে স্বাধীনতা প্ৰেমী, আধুনিক মনৰ হয়। তেওঁলোকে আশে–পাশে ঘটা সকলো ঘটনা সম্পৰ্কে সচেতন থাকে। তেওঁলোকৰ মাজত অগাধ জ্ঞানৰ সঞ্চাৰ হ’ব পাৰে। এই নামৰ জাতক–জাতিকাক মূৰ্খ বনোৱা সম্ভৱ নহয়। কিন্তু এওঁলোক কেৱল সম বয়সৰ মানুহৰ সৈতেহে ভালকৈ মিলিব পাৰে। তেওঁলোকৰ মাজত বহু সময়ত বস্তুবাদী সুখৰ বাসনা প্ৰবল হয়। মনত ৰাখিব লাগিব যে এনেধৰণৰ সুখ ক্ষণস্থায়ী, সেয়ে ইয়াৰ প্ৰতি অধিক আসক্ত হোৱাৰ প্ৰয়োজন নাই। জাতক–জাতিকাৰ শাৰীৰিক গঠন খুবেই আকৰ্ষণীয় হয়, সেয়ে তেওঁলোকে গ্লেমাৰ আৰু আন পাব্লিক প্লেটফৰ্মত সফল হ’ব পাৰে।

আৰু পঢ়ক : ২০ জানুৱাৰীৰ ৰাশিফল, আজি আপোনাৰ বাবে কি কি ভাল খবৰে অপেক্ষা কৰিছে জানি লওক

সৌভাগ্য পাবলৈ তেওঁলোকে কি কৰিব লাগে :
– ভগৱান সূৰ্যক জল নিবেদন কৰিব লাগে। হালধীয়া ৰং এওঁলোকৰ বাবে শুভ, গতিকে লগত ৰখা প্ৰয়োজন।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি