ফাগুনৰ আকাশ পোহৰাই তোলাৰ পৰা অসমীয়া গীতে–মাতে উচ্চাৰিত হোৱা পলাশ এবিধ অতি পৰিচিত ফুল। কোনো পূজা–পাতলত পলাশৰ ফুল পৰম্পৰাগত বিশ্বাস মতে ব্যৱহাৰ নহলেও পলাশৰ আছে এক সুকীয়া মাদকতা। ৰঙৰ উৎসৱ হোলি আহি আছে আৰু এই সময়ত পলাশ (Palash) ফুল সততে উপলব্ধ। এটা সময়ত ইয়াক হোলিৰ উৎসৱ (Holi Festival)ৰ ৰং তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। এই ধুনীয়া ৰঙা ফুলবিধ হোলিৰ কেইবাদিন আগত পানীত তিয়াই থৈছিল আৰু তাৰ পিছত সিজাই ৰং তৈয়াৰ কৰা হৈছিল। এই ৰঙেৰে হোলি খেলা হৈছিল আৰু ইয়াৰ সুগন্ধ গোটেই পৰিৱেশটোত বিয়পি পৰিছিল। আজিও ইয়াক মথুৰা, বৃন্ধাৱন আৰু শান্তিনিকেতন আদিত হোলিত ব্যৱহাৰ কৰা হয়।
পলাশক বহু ঠাইত তেছু বুলিও কোৱা হয়। পলাশ ফুলৰ বহুতো ঔষধি গুণ আছে (Medicinal Benefits)। পৌৰাণিক সময়ৰ পৰা আয়ুৰ্বেদ (Ayurveda)ত পলাশ গছৰ ফুল, বীজ আৰু শিপা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
পলাশ বীজত এণ্টি-ৱাৰ্ম গুণ আছে। আয়ুৰ্বেদত, ইয়াৰ বীজ গুৰি কৰি আৰু পেটৰ কৃমি ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। যদি পলাশ বীজৰ গুৰি নিয়মিতভাৱে খায়, পেটৰ কৃমি ধ্বংস হয়। আপুনি ইয়াক ৰাতিপুৱা এচামুছ মৌৰ সৈতে খালী পেটত খাব পাৰে।
পলাশ ফুলৰ এটা এষ্ট্ৰিনজেণ্ট (Astringent) গুণ আছে যিয়ে পেটৰ সমস্যা দূৰ কৰে। ইয়াক ডিচেণ্টেৰী আৰু ডায়েৰিয়াৰ দৰে সমস্যাবোৰ দূৰ কৰিবলৈও ব্যৱহাৰ কৰা হয়। আপুনি ইয়াক দৈনিক ব্যৱহাৰ কৰি, সকলো প্ৰকাৰৰ পেটৰ সমস্যা আঁতৰ কৰিব পাৰে।
যদি আপুনি ডায়েবেটিচত আৰু উচ্চ ৰক্তচাপত ভুগি আছে, আয়ুৰ্বেদত পলাশ পাতেৰে চিকিৎসা কৰা সম্ভৱ। পলাশ পাতত তিতা গুণ থাকে যি কফ আৰু পিত্ত হ্ৰাস কৰে।
পলাশৰ বীজ গুৰি কৰি পেষ্ট বনাই ছালত সানি একজিমা আৰু অন্যান্য ছালৰ ৰোগ (Skin Disease) নিৰাময় কৰিব পাৰে। এই পেষ্টটো খজুৱতি আৰু ৰুক্ষতাৰ সমস্যা দূৰ কৰাত কাৰ্যকৰী। ইয়াত থকা এষ্ট্ৰিনজেণ্ট গুণবোৰ ছালৰ বাবে অতি লাভজনক।
যদি আপুনি যোনিৰ কোনো সংক্ৰমণত ভুগি আছে, তেন্তে পলাশ পাতৰ ৰস তৈয়াৰ কৰি নিয়মীয়াকৈ সেৱন কৰিব পাৰে। ই লিউকোৰিয়া (Leucorrhoea) আৰু যোনিৰ সংক্ৰমণ নিৰাময় কৰাত কাৰ্যকৰী।
ঘাঁ শুকুৱাবলৈ বাবে পলাশ বীজৰ ৰস সেৱন কৰিব পাৰে। ইয়াত নিৰাময়ৰ গুণ আছে যিয়ে ঘাঁডোখৰ শুকুৱাত কৰাত সহায় কৰে। ই ঘাঁৰ পৰা তেজ ওলোৱা প্ৰতিহত কৰি ঘাঁডোখৰ আৰোগ্য কৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ, এটা পলাশ ফুল গোলাপ জলেৰে পিহি লওক। এতিয়া ইয়াক ঘাঁডোখৰত প্ৰলেপ দিয়ক।
(Disclaimer: এই প্ৰবন্ধৰ তথ্য আৰু সূচনা সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। News18এ ইয়াৰ নিশ্চয়তা নিদিয়ে। এইবোৰ প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|