কোভিড ভেকচিন লোৱাৰ পিছত কি কি সাৱধানতা ল’ব লাগে? আপুনি জনাটো অতি প্ৰয়োজন

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:51 PM IST
কোভিড ভেকচিন লোৱাৰ পিছত কি কি সাৱধানতা ল’ব লাগে? আপুনি জনাটো অতি প্ৰয়োজন
কোভিড ভেকচিনে আপোনাক কোৰোণা ভাইৰাছৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত ৰাখিবনে নাই সেইটো এতিয়াও পৰীক্ষা কৰা হোৱা নাই।

কোভিড ভেকচিনে আপোনাক কোৰোণা ভাইৰাছৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত ৰাখিবনে নাই সেইটো এতিয়াও পৰীক্ষা কৰা হোৱা নাই।

  • Share this:
কোৰোণা ভাইৰাছ প্ৰতিহত কৰিবলৈ দেশত দ্বিতীয় পৰ্যায়ৰ টীকাকৰণৰ কাম চলি আছে যদিও এতিয়াও বহু সংখ্যক লোকক টীকাকৰণ কৰা হোৱা নাই। এই ভেকচিনে মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিব পাৰেনে? তেওঁলোকে আগৰ দৰে তেওঁলোকৰ প্ৰিয়জনক লগ কৰিব পাৰিবনে, মাস্ক অবিহনে ঘৰৰ বাহিৰলৈ যাব পাৰিবনে, দেশ আৰু বিদেশলৈ ভ্ৰমণ কৰিব যাব পাৰিব নেকি? এই ভেকচিনৰ বিষয়ে এনেধৰণৰ বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হৈছে। এই বিভ্ৰান্তিসমূহ দূৰ কৰিবলৈ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ চমুকৈ চিচিডিৰ দ্বাৰা নতুন নিৰ্দেশনা জাৰি কৰা হৈছে।

কোভিড ভেকচিনে আপোনাক কোৰোণা ভাইৰাছৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত ৰাখিবনে নাই সেইটো এতিয়াও পৰীক্ষা কৰা হোৱা নাই। বিগত সময়ত, ভেকচিন লোৱাৰ পিছত বিভিন্ন পাৰ্শ্বক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দেখাৰ পিছত ভেকচিনটো কিমান কাৰ্যকৰী সেই বিষয়ে নিশ্চিত হোৱাটো প্ৰয়োজনীয়। অৱশ্যে, ভেকচিনটো লোৱাৰ পিছত, এইটো বিশ্বাস কৰিব পাৰি যে বিশ্ব এক নিৰাপদ ভৱিষ্যতৰ দিশে আগবাঢ়ি আছে, কিয়নো প্ৰতিষেধক লোৱাসকলৰ পাৰ্শ্বক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ঘটনা একেবাৰেই কম।

যিসকলে টীকাকৰণ কৰিছে, তেওঁলোকৰ আত্মীয়ই ইতিমধ্যে কোভিড ভেকচিন লৈছে, এইসকল লোকৰ সৈতে আপুনি মাস্ক অবিহনে আৰু সামাজিক দূৰত্ব অনুসৰণ নকৰাকৈ একেলগে থাকিব পাৰিব। কিন্তু যদি আপুনি এতিয়াও টিকাকৰণ নকৰা ব্যক্তিক লগ কৰে, আপুনি তেওঁলোকৰ সৈতে সামাজিক দূৰত্ব ৰখাৰ লগতে আপুনি মাস্ক পিন্ধিব লাগিব। কিন্তু যদি আপুনি এজন পজিটিভ ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পিছত আপোনাৰ দেহত কোৰোণাৰ লক্ষণবোৰ দেখে, তেন্তে আপুনি কোভিড পৰীক্ষা কৰাৰ লগতে কোৱাৰেণ্টাইনত থাকিব লাগিব।

চিডিচিৰ মতে, প্ৰতিষেধক দিয়া ব্যক্তিজন ৰেষ্টুৰেণ্ট, বাৰ, জিমৰ দৰে ৰাজহুৱা স্থানত সংক্ৰমিত হোৱাৰ সম্ভাৱনা কম। কিন্তু ইয়াৰ পিছতো, জনবহুল অঞ্চললৈ যোৱা পৰিহাৰ কৰিব লাগে, আৰু যদি যাব লগীয়া হয়, মাস্ক পিন্ধিব লাগিব।

চিডিচিৰ নিৰ্দেশনা অনুসৰি, কোভিড ভেকচিন লোৱাৰ পিছত ভ্ৰমণ কৰাটো বিপজ্জনক। যিমান সম্ভৱ ভ্ৰমণ নকৰিবলৈ চেষ্টা কৰিব লাগে। অত্যধিক প্ৰয়োজনত মাস্কৰ লগতে অন্যান্য সাৱধানতা অৱলম্বণ কৰি, আপুনি আপোনাৰ এলেকাত আৰু আশে-পাশে চুটি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। কিন্তু আপোনাক বিদেশ ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিয়া নহয়।

চিডিচিৰ মতে, টীকাকৰণ কৰা লোকসকলে ৰাজহুৱা স্থানলৈ যাওঁতে ভালদৰে মাস্ক পিন্ধিব লাগিব। তেওঁলোকক সামাজিক দূৰত্ব অনুসৰণ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে। চিডিচিৰ মতে, প্ৰতিষেধক দিয়া লোকসকলেও ডাঙৰ অনুষ্ঠান আৰু সভালৈ যোৱাটো পৰিহাৰ কৰিব লাগে।
Published by: Sanjay Kumar Das
First published: March 12, 2021, 11:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি