আপোনাৰ কষ্ট আৰু ভাগ্যৰ ওপৰতে জীৱনত কিমান উন্নতি কৰিব,সেই ইংগিত বহন কৰে। জ্যোতিষ শাস্ত্ৰইয়ো এনে এক কথাকে ক'ব খোজে। প্ৰত্যকৰে নিজৰ কৰ্মৰ হাতত এনে কিছুমান ৰেখা অংকিত হৈ থাকে যাৰ বহুতো মহত্ব থাকে। হস্তৰেখা অনুসৰি হাতত থকা কিছুমান ৰেখা বহুত শুভ বুলি কোৱা হয়।
হাতৰ তলুৱাত থকা এই ৰেখাই ধন সম্পত্তিৰ অধিকাৰী হোৱাৰ ইংগিত বহন কৰেঃহাতৰ তলুৱাৰ মাজেৰে মধ্যমা আঙুলিৰ ফালে গভীৰ, সম্পূৰ্ণ চিধাকৈ যদি ৰেখা গৈছে তেন্তে জীৱনত ধন টকা পইচাৰ কেতিয়াও অভাৱ নহয় বুলি বিশ্বাস কৰা হয়। যিসকল লোকৰ হাতৰ তলুৱাত এনেধৰণৰ ৰেখা আছে, তেন্তে আনৰ পৰাও সহায় লাভ কৰিব, লগতে আৰ্থিক উন্নতিত নাথাকিব কোনো বাধা।
সূৰ্য ৰেখাঃদুয়োখন হাত লগ লগাই দিলে মাজৰ ঠাইত ধৰি অৰ্ধবৃত্ত ৰূপ দেখিবলৈ পোৱা যায়, তেন্তে ই জীৱনত প্ৰচূৰ ধন-সম্পত্তি আহৰণ কৰাৰ সম্ভাৱনা দেখুৱায়। এইসকল লোকৰ জীৱনত কেতিয়াও আৰ্থিক সমস্যা নহয় বুলি একাংশ জ্যোতিষবিদে ক'ব বিচাৰে।
ৰেখাই যদি হাতৰ তলুৱাত ত্ৰিভুজাকৃতি লয়ঃযদি হাতৰ তলুৱাত থকা দুডাল ৰেখাই ত্ৰিভুজাকৃতি লয়, তেন্তে সেইসকল লোককো ধন সম্পত্তি লাভৰ ক্ষেত্ৰত ভাগ্যই লগ দিয়ে বুলি কোৱা হয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|