চীনৰ স্কাই থাণ্ডাৰ ৱেপন চিষ্টেম কি হয়? যিটোক লৈ শত্ৰু ৰাষ্ট্ৰখনে দিছে ভীষণ প্ৰত্যাহ্বান

News18 Assam | News18-Assam
Updated:August 21, 2020, 1:46 PM IST
চীনৰ স্কাই থাণ্ডাৰ ৱেপন চিষ্টেম কি হয়? যিটোক লৈ শত্ৰু ৰাষ্ট্ৰখনে দিছে ভীষণ প্ৰত্যাহ্বান
চীনে শেহতীয়াকৈ এক নতুন অস্ত্ৰ আনিছে যিটো সাংঘাতিক শক্তিশালী। (প্ৰতীকাত্মক ছবি)

চীনে শেহতীয়াকৈ এক নতুন অস্ত্ৰ আনিছে যিটো সাংঘাতিক শক্তিশালী। (প্ৰতীকাত্মক ছবি)

  • Share this:
দুমাহ পূৰ্বে ভাৰত (India) আৰু চীনৰ (China) মাজত সীমা বিবাদক লৈ এক অতি সংঘাতময় পৰিস্থিতিৰ সূচনা হৈছিল। এই ঘটনাক্ৰমৰ পিছত ভাৰতে চীনৰ সৈতে মোকাবিলা কৰিবলৈ কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। কেৱল ভাৰতৰ সৈতে নহয় চীনে কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ লগতে আমেৰিকাৰ সৈতেও সম্পৰ্ক তিক্ত কৰি লৈছে। ইয়াৰ মাজতে চীনে এক নতুন অস্ত্ৰ (Tianlei 500) মিডিয়াৰ সমুখত তুলি ধৰিছে।

চীনৰ নতুন অস্ত্ৰ
যোৱা সপ্তাহান্তত চীনৰ ৰাষ্ট্ৰীয় টেলিভিজনত এক প্ৰতিবেদন দেখুৱা হৈছিল য’ত চীনে তিয়ানলেই ৫০০ ৰ কথা উল্লেখ কৰিছে। তিয়ানলেইৰ অৰ্থ হৈছে আকাশৰ ধুমুহা। এই প্ৰতিবেদনত এজন জ্যেষ্ঠ ইঞ্জিনিয়াৰে কৈছে যে এই অস্ত্ৰই ৫০০ কিলোৰ এক সটিক গাইডেড মিউনেশ্যন ডিচপেন্সাৰ শূণ্যৰ পৰা পৃষ্ঠভূমিলৈ নিক্ষেপ কৰিব পাৰে। তিয়ানলেইয়ে কেবাধৰণৰ অস্ত্ৰ লৈ যাব পাৰে আৰু বেলেগ বেলেগ ঠিকনাত নিক্ষেপ কৰিব পাৰে।

তাত্‍পৰ্যপূৰ্ণ যে গাৰ্জিয়েনত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি বৰ্তমান চীনৰ তাইৱান, হংকং, দক্ষিণ চীন সাগৰ আৰু কোৰোণা ভাইৰাছে চলোৱা তাণ্ডৱক লৈ তাইৱান আৰু আমেৰিকাৰ সৈতে সংঘাতময় সম্পৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে এই ক্ষেপনাস্ত্ৰৰ বিষয়ে জনোৱাৰ উদ্দেশ্য হৈছে তাইৱানক এটা সংকেত যে চীনে সেই 66 F-16V যুঁজাৰু জেট বিমানৰ সৈতে যুঁজিবলৈ সক্ষম যিসমূহ শেহতীয়াকৈ তাইৱানে আমেৰিকাৰ পৰা ক্ৰয় কৰিছে।

এই অস্ত্ৰ এয়াৰফিল্ডত আক্ৰমণৰ কাৰণে নিৰ্মান কৰা হৈছে। ই ঘাতক বিস্ফোটক বোমা নিক্ষেপ কৰাত সক্ষম। তিয়ানলেই ৫০০ৰ বিষয়ে কোৱা হয় যে এয়া এক গ্লাইড বোমাৰ দৰে যি যুঁজাৰু জেট বিমানৰ পৰা নিক্ষেপ কৰিব পাৰি। এবাৰ নিক্ষেপ কৰিলে বোমাই চেটেলাইট নেভিগেশ্যনৰ ব্যৱহাৰ কৰি লক্ষ্য ভেদ কৰে।

এই অস্ত্ৰ লেজাৰ গাইডেডো হয় কিন্তু ভিডিওত যি মিছাইলৰ প্ৰহাৰ দেখা গৈছে তাত লেজাৰ দেখা পোৱা নাই। এই অস্ত্ৰৰ ৰেঞ্জৰ ওপৰত নিৰ্ভৰ কৰিছে কিমান ওপৰৰ পৰা ইয়াক পেলোৱা হ’ব। অতি ওখ ঠাইৰ পৰা পেলালে ইয়ে ৩৭ মাইল এলেকা ধ্বংস কৰিব পাৰে।

কিমান ঘাতক?

তিয়ানলেই ৫০০–এ টেনিছ বলৰ আকাৰৰ ২৪৯টা সৰু অস্ত্ৰ লৈ যাব পাৰে। ইয়াক এনেকৈ ডিজাইন কৰা হৈছে এবাৰতে ইয়ে এই বোমাসমূহ ছয় হাজাৰ বৰ্গ মিটাৰ এলেকাত পেলাব পাৰে। যাৰ ফলত বোমাৰ পৰম্পৰাগত উচ্চ বিস্ফোটক প্ৰকাৰৰ বিপৰীতে বৃহৎ এলেকাত ক্ষতি হয়। এনেকুৱাত এটা বৃহৎ বিস্ফোৰণৰ পৰিৱৰ্তে শ শ সৰু সৰু বিস্ফোৰণ হ’ব।



এই চিষ্টেমৰ প্ৰত্যেকটো বোমাতে হেণ্ড গ্ৰেণেডৰ বিস্ফোটক শক্তি আছে। সম্পূৰ্ণ এয়াৰবেছ বিধ্বস্ত কৰিব পাৰে ইয়ে। ইয়ে এটা সৈনিকৰ দল, অস্ত্ৰ কঢ়িয়াই নিয়া ট্ৰাক আৰু লগতে অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত বাহন ধ্বংস কৰাৰো সক্ষম। এটা তিয়ানলেই ৫০০–এ এখন এয়াৰফিল্ডত শ শ বোমা নিক্ষেপ কৰি এয়াৰক্ৰাফট আৰু বিমান পট্টী সহ গোটেই বেছ ধ্বংস কৰিব পাৰে।

উল্লেখ্য যে, এই চিষ্টেম আমেৰিকাৰ নেভী এয়াৰফৰ্চৰ এজিএম 154A  জইণ্ট ষ্টেণ্ড অৱ ৱেপনৰ (JSOW) দৰে। বৰ্ষ ১৯৯৮ত আমেৰিকা সেনাত এই অস্ত্ৰ অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু এই অস্ত্ৰ পুৰণি অস্ত্ৰতকৈ কিছু পৃথক।
First published: August 21, 2020, 1:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading