• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • আপোনাৰ চকুযুৰিক ডায়েবেটিচৰ পৰা সুৰক্ষিত কৰক

আপোনাৰ চকুযুৰিক ডায়েবেটিচৰ পৰা সুৰক্ষিত কৰক

  • Share this:
এই শিৰোনামটোৱে আপোনাক আচৰিত কৰি তুলিছে নেকি?

আচৰিত হোৱাৰ কোনো প্ৰয়োজন নাই। ডায়েবেটিচ হৈছে এনে এক ৰোগ যি শৰীৰৰ কেইবাটাও অংগ প্ৰণালীক লক্ষ্য কৰি লয়। সেইসমূহৰ ভিতৰত প্ৰধান হৈছে - কাৰ্ডিঅ'ভাস্কুলাৰ প্ৰণালী, বৃক্ক, শৰীৰৰ তলৰ অংশ আৰু চকু1। ডায়েবেটিক ৰেটিন'পেথী হৈছে ডায়েবেটিচৰ সৈতে সম্পৰ্কিত এক সাধাৰণ বিকাৰ য'ত চকুলৈ (বিশেষকৈ ৰেটিনা) তেজৰ যোগান ধৰা ৰক্তনলীবোৰ অৱৰুদ্ধ হয়, বা ক্ষৰণ হয়, বা বিস্ফোৰিত হয়3।

এইটো কথা জানিও আপুনি আচৰিত নহ’ব চাগে যে বিশ্বব্যাপী 20-70 বছৰ বয়সৰ লোকসকলৰ অন্ধত্বৰ মুখ্য কাৰণ হৈছে ডায়েবেটিক ৰেটিন'পেথী1। প্ৰকৃততে, 2025 চনলৈ ভাৰতত ডায়েবেটিচ থকা সকলো ব্যক্তিৰ (57 নিযুত) প্ৰায় এক-পঞ্চমাংশৰ পৰা এক-তৃতীয়াংশ লোক ৰেটিন'পেথী ৰোগত আক্ৰান্ত হ'ব। তেওঁলোকৰ ভিতৰত ডায়েবেটিচ থকা প্ৰায় 5.7 নিযুত লোক গুৰুতৰভাৱে ৰেটিন'পেথী ৰোগত আক্ৰান্ত হ'ব আৰু তেওঁলোকৰ দৃষ্টিশক্তি বচাবৰ বাবে লেজাৰ বা অস্ত্ৰোপচাৰৰ সহায়ৰ প্ৰয়োজন হ'ব2।



100% প্ৰতিৰোধযোগ্য ৰোগ এবিধৰ বাবে এইটো এটা বহুত ডাঙৰ সংখ্যা। এইটো হৈছে ভাল খবৰ। বেয়া খবৰটো হ'ল- ডায়েবেটিক ৰেটিন'পেথী প্ৰাৰম্ভিক পৰ্যায়ত লক্ষণহীন আৰু ইয়াক কেৱল ডায়েবেটিচত আক্ৰান্ত লোকৰ ক্ষেত্ৰতে দেখা পোৱা নাযায়। ডায়েবেটিক ৰেটিন'পেথীত প্ৰি-ডায়েবেটিক অৱস্থাত থকা লোকসকলো আক্ৰান্ত হয়। অতিকৈ বেয়া খবৰটো হ'ল যে ডায়েবেটিক ৰেটিন'পেথীৰ সজাগতা আমাৰ মাজত হতাশাজনকভাৱে কম - 2013 চনৰ এক অধ্যয়ন অনুসৰি তামিলনাডুত2  মাত্ৰ 29% লোকে জানিছিল যে তেওঁলোকৰ চকু নিয়মীয়াকৈ পৰীক্ষা কৰা প্ৰয়োজন। অৱশ্যে সজাগতা হৈছে এনে এক বস্তু যিটো আমি সমাধা কৰি লব পাৰো।

Network18 য়ে এই বিশেষ উদ্দেশ্যৰ বাবে Novartis ৰ সহযোগত 'Netra Suraksha' - India Against Diabetes initiative আৰম্ভ কৰিছে। এই উদ্যোগে চিকিৎসা সম্প্ৰদায়, বিশিষ্ট চিন্তাবিদ আৰু নীতি নিৰ্মাতাসকলক একত্ৰিত কৰি বাস্তৱ পৃথিৱীৰ সমাধানবোৰ কাৰ্যকৰী কৰে যিবোৰে ডায়েবেটিক ৰেটিন'পেথীৰ বিপদাশংকা বহন কৰা লোকসকলক সহায় কৰিব। এই অভিযানটোৰ সময়ছোৱাত Network18 য়ে ডায়েবেটিক ৰেটিন'পেথীৰ চিনাক্তকৰণ, প্ৰতিৰোধ আৰু চিকিৎসাৰ ওপৰত গুৰুত্ব দি কেইবাটাও ঘূৰণীয়া মেজমেলৰ আলোচনা সম্প্ৰচাৰ কৰিব। এই আলোচনা, ব্যাখ্যাকাৰী ভিডিঅ' আৰু প্ৰবন্ধবোৰৰ জৰিয়তে সচেতনতা বিয়পাই Network18 য়ে ডায়েবেটিক ৰেটিন'পেথীৰ প্ৰৱণতা থকা লোকসকলক এই ভয়ানক, কিন্তু সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব পৰা ব্যাধিৰ পৰা নিজকে সুৰক্ষিত কৰাত সহায় কৰিব বুলি আশা কৰে।

তেন্তে আমি কি কৰা উচিত? শেহতীয়াকৈ অনুষ্ঠিত হোৱা এক ঘূৰণীয়া মেজমেলৰ আলোচনাত ভাৰতীয় ৰেটিনা চ'চাইটিৰ যুটীয়া সচিব ড০ মনীষা আগৰৱালে উল্লেখ কৰিছিল যে প্ৰাৰম্ভিক লক্ষণবোৰৰ ভিতৰত এটা হৈছে পঢ়োতে পোৱা এক নিৰন্তৰ অসুবিধা। এই অসুবিধা চশমা সলনি কৰাৰ পিছতো আঁতৰি নাযায়। মানুহৰ দৃষ্টি অস্পষ্ট হৈ থাকে। এইটো এটা প্ৰাৰম্ভিক লক্ষণ যাক কেতিয়াও সহজভাৱে ল'ব নালাগে। যদি উপেক্ষা কৰা হয় তেনেহ'লে চকুৰ ক্ষেত্ৰত লক্ষণবোৰ ক'লা বা ৰঙা দাগৰ সমষ্টিলৈ বৃদ্ধি হ'ব পাৰে আৰু আনকি চকুত ৰক্তক্ষৰণৰ ফলত হঠাতে ব্লেকআউটো হ'ব পাৰে।

মাদ্ৰাজ ডায়েবেটিচ ৰিচাৰ্চ ফাউণ্ডেচনৰ সভাপতি চিকিৎসক ভি মোহনে ডায়েবেটিচ বা প্ৰি-ডায়েবেটিক পৰিসৰত থকা যিকোনো লোকক বাৰ্ষিক চকু পৰীক্ষাৰ (চকুৰ মণিৰ প্ৰসাৰণৰ সৈতে) পৰামৰ্শ দিয়ে। যিহেতু প্ৰাৰম্ভিক পৰ্যায়ত বিকাৰটো সম্পূৰ্ণৰূপে লক্ষণহীন সেয়েহে কোনো ডায়েবেটিক ৰেটিন'পেথী ধৰা নপৰিলেও পৰীক্ষাটোৰ বাৰ্ষিক পুনৰাবৃত্তি কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। তেওঁ ডায়েবেটিচ থকা লোকসকলক এই পৰীক্ষাৰ দায়িত্ব নিজে ল'বলৈ বিশেষভাৱে সতৰ্ক কৰি দিছিল - প্ৰায়ে ডায়েবেটিচ কেন্দ্ৰবোৰ চকু বিশেষজ্ঞৰ সৈতে সজ্জিত নহয়।

মুখ্য ডায়েবেট'লজিষ্ট আৰু ডায়েবেটিচ কেয়াৰ এণ্ড হৰমন ক্লিনিকৰ (আহমেদাবাদ) অধ্যক্ষ ডাঃ বান্সী চাবুৱে 30 বছৰ বয়সত চকুৰ স্ক্ৰীণিং আৰম্ভ কৰাৰ পৰামৰ্শ দিয়ে।  ইয়াৰ কাৰণ হৈছে ভাৰতীয়সকলৰ ডায়েবেটিচত আক্ৰান্ত হোৱাৰ বয়সো লাহে লাহে কম হৈ আহিছে। তেওঁ এটা অতি গুৰুত্বপূৰ্ণ কথা কয় যিটো হৈছে 'ডায়েবেটিক ৰেটিন'পেথী বিকাৰ অপৰিৱৰ্তনীয়'। বিকাৰটো ধৰা পৰাৰ পিছত অৱশ্যে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি আৰু বিকাৰটোৰ প্ৰগতি প্ৰতিহত কৰিব পাৰি।

সামগ্ৰিকভাৱে এইটো সকলোৱে মানি লৈছে যে ডায়েবেটিক ৰেটিন'পেথী সোনকালে ধৰা পৰিলে ইয়াৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিকাৰ লাভ কৰিব পাৰি। বিকাৰটোৰ লক্ষণহীন প্ৰকৃতিৰ বাবে ইয়াক সোনকালে ধৰা পেলোৱাৰ একমাত্ৰ উপায় হৈছে নিয়মীয়া স্ক্ৰীণিং।

ইয়াতেই আপোনাৰ ভূমিকা আৰম্ভ হয়। আপুনি ডায়েবেটিচত আক্ৰান্ত ৰোগী নহ'লেও অনলাইন Diabetic Retinopathy Self Check Up কৰাওক। তাৰ পিছত আপোনাৰ জীৱনৰ সৈতে জড়িত লোকসকলকো এনে কৰিবলৈ অনুৰোধ কৰক। যিসকল লোকৰ তেজ পৰীক্ষাৰ পিছত তেওঁলোকক ডায়েবেটিক বা প্ৰি-ডায়েবেটিক বিকাৰগ্ৰস্ত বুলি চিহ্নিত কৰা হয় তেওঁলোকক এক সৰল, বিষহীন চকু পৰীক্ষাৰ বাবে তেওঁলোকৰ চকু বিশেষজ্ঞৰ ওচৰলৈ যাবলৈ অনুৰোধ কৰক যিটো পৰীক্ষা আৰম্ভণিৰ পৰা শেষ হবলৈ এক ঘণ্টাতকৈয়ো কম সময় লয়।  ইয়াক এটা পাৰিবাৰিক বিষয় কৰি তুলক আৰু পৰীক্ষাটো আপুনি পাহৰি যোৱাৰ সম্ভাৱনা নথকা এটা তাৰিখৰ সৈতে মিলাই লওক। তাৰ পিছত প্ৰতি বছৰে ইয়াৰ পুনৰাবৃত্তি কৰক।

আমাৰ আহাৰ, আমাৰ পৰিৱেশ আৰু আমাৰ জীৱনশৈলীৰ এক আমূল পৰিৱৰ্তনৰ সৈতে ডায়েবেটিচ ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছে। প্ৰকৃততে ভাৰতত 43.9 নিযুত লোক আছে যিসকল ডায়েবেটিচত আক্ৰান্ত হৈ আছে কিন্তু চিনাক্ত হোৱা নাই 1। আপোনাৰ দৃষ্টি এক মূল্যৱান বস্তু আৰু ইয়াক আপোনাৰ মনোযোগ আৰু যত্নৰ প্ৰয়োজন। লক্ষণবোৰ দেখা দিয়াৰ সময়লৈ অপেক্ষা নকৰিব - দৃষ্টিশক্তিৰ সমস্যাৰ ফলত হোৱা ব্যাঘাত আপোনাৰ পৰিয়াল আৰু শুভাকাংক্ষী সকললৈকো বিয়পি যায়।

Netra Suraksha initiative-ৰ বিষয়ে অধিক আপডেটৰ বাবে News18.com অনুসৰণ কৰক আৰু ডায়েবেটিক ৰেটিন'পেথীৰ বিৰুদ্ধে ভাৰতৰ যুঁজত নিজকে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তুত হওক।

  1. IDF Atlas, International Diabetes Federation, 9th edition, 2019

  2. Balasubramaniyan N, Ganesh KS, Ramesh BK, Subitha L. Awareness and practices on eye effects among people with diabetes in rural Tamil Nadu, India. Afri Health Sci. 2016;16(1): 210-217.

  3. https://www.nei.nih.gov/learn-about-eye-health/eye-conditions-and-diseases/diabetic-retinopathy10 Dec, 2021

First published: